--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল তেওঁৰ। কিন্ত যিদৰে বোকাতহে পদুম ফুলে , ঠিক তেনেদৰেই দুখ-দাৰিদ্ৰৰে ভৰা এটা পৰিয়ালৰ পৰাই উজলি উঠিছে উত্তৰ প্ৰদেশৰ ক্ৰিকেটাৰ ৰিংকু। আইপিএলৰ এখন শেহতীয়া খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছে যি অকল্পনীয় বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে তাৰ আঁৰৰ ব্যক্তি জনেই হৈছে ৰিংকু। 

বিজয়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰয়োজন হৈছিল ২৯ ৰানৰ, হাতত আছিল মাত্ৰ ছটা বল। সেই ছটা বলৰেই পাঁচটাই ছিক্স কোবাই ৰিংকুৱে ৩১ ৰান কৰিবলৈ সক্ষম হ’ল। ফলত অকল্পনীয়ভাবে বিজয়ৰ সোৱাদ লাভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। লগে লগে দেশৰ ক্ৰিকেট ইতিহাসত নাম খোদিত হ’ল ৰিংকুৰ।  উল্লেখ ইয়াৰ আগতে ২০ অভাৰৰ খেলত  কোনো খেলুৱৈয়েই এনেদৰে একেৰাহে পাঁটটা বলত ছিক্সাৰ কোবোৱা নাছিল।  আইপিএলৰো ইতিহাসত ৰিংকুৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ’ব। 

বিজয়ৰ এনে অকল্পনীয় ঘটনাৰে  নায়ক হৈ পৰা  ৰিংকু সিঙৰ ঘৰ  উত্তৰ প্ৰদেশৰ আলিগড়ত।  এটা দুখীয়া পৰিয়ালৰ সন্তান ৰিংকু। সৰুৰে পৰাই কেৱল অভাৱৰ সৈতে সহাৱস্থান কৰা ৰিংকুৱে পিছে নিজকে অভাৱে গ্ৰাস কৰিবলৈ দিয়া নাছিল। অভাৱক প্ৰত্যাহ্বান হিচাবে লৈ আগুৱাই গৈছিল ৰিংকু।

  ৰিংকুৰ পিতৃয়ে লোকৰ  ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণ কৰি পৰিয়ালটো পোহপাল দি আহিছে। ক্ৰিকেটৰ প্ৰতি ধাউতি থকা ৰিংকুৱে বহু পৰিশ্ৰমৰ অন্তত উত্তৰ প্ৰদেশৰ অনুৰ্ধ-১৯ দলৰ এজন খেলুৱৈ হিচাপে খেলাৰ সুবিধা পাইছিল। খেলৰ লগতে আজৰি পালেই তেওঁ লোকৰ ঘৰত কাম-বন কৰিও দুপইচা উলিয়াইছিল। নিজৰ জীৱন সংগ্ৰামৰ কথা মনত ৰাখিয়েই ৰিংকুৱে তেওঁৰ সাফল্যক সকলো সংগ্ৰামী লোকৰ বাবে  উচৰ্গা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব