--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল তেওঁৰ। কিন্ত যিদৰে বোকাতহে পদুম ফুলে , ঠিক তেনেদৰেই দুখ-দাৰিদ্ৰৰে ভৰা এটা পৰিয়ালৰ পৰাই উজলি উঠিছে উত্তৰ প্ৰদেশৰ ক্ৰিকেটাৰ ৰিংকু। আইপিএলৰ এখন শেহতীয়া খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছে যি অকল্পনীয় বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে তাৰ আঁৰৰ ব্যক্তি জনেই হৈছে ৰিংকু। 

বিজয়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰয়োজন হৈছিল ২৯ ৰানৰ, হাতত আছিল মাত্ৰ ছটা বল। সেই ছটা বলৰেই পাঁচটাই ছিক্স কোবাই ৰিংকুৱে ৩১ ৰান কৰিবলৈ সক্ষম হ’ল। ফলত অকল্পনীয়ভাবে বিজয়ৰ সোৱাদ লাভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। লগে লগে দেশৰ ক্ৰিকেট ইতিহাসত নাম খোদিত হ’ল ৰিংকুৰ।  উল্লেখ ইয়াৰ আগতে ২০ অভাৰৰ খেলত  কোনো খেলুৱৈয়েই এনেদৰে একেৰাহে পাঁটটা বলত ছিক্সাৰ কোবোৱা নাছিল।  আইপিএলৰো ইতিহাসত ৰিংকুৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ’ব। 

বিজয়ৰ এনে অকল্পনীয় ঘটনাৰে  নায়ক হৈ পৰা  ৰিংকু সিঙৰ ঘৰ  উত্তৰ প্ৰদেশৰ আলিগড়ত।  এটা দুখীয়া পৰিয়ালৰ সন্তান ৰিংকু। সৰুৰে পৰাই কেৱল অভাৱৰ সৈতে সহাৱস্থান কৰা ৰিংকুৱে পিছে নিজকে অভাৱে গ্ৰাস কৰিবলৈ দিয়া নাছিল। অভাৱক প্ৰত্যাহ্বান হিচাবে লৈ আগুৱাই গৈছিল ৰিংকু।

  ৰিংকুৰ পিতৃয়ে লোকৰ  ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণ কৰি পৰিয়ালটো পোহপাল দি আহিছে। ক্ৰিকেটৰ প্ৰতি ধাউতি থকা ৰিংকুৱে বহু পৰিশ্ৰমৰ অন্তত উত্তৰ প্ৰদেশৰ অনুৰ্ধ-১৯ দলৰ এজন খেলুৱৈ হিচাপে খেলাৰ সুবিধা পাইছিল। খেলৰ লগতে আজৰি পালেই তেওঁ লোকৰ ঘৰত কাম-বন কৰিও দুপইচা উলিয়াইছিল। নিজৰ জীৱন সংগ্ৰামৰ কথা মনত ৰাখিয়েই ৰিংকুৱে তেওঁৰ সাফল্যক সকলো সংগ্ৰামী লোকৰ বাবে  উচৰ্গা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ