--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদিহে পাকিস্তানে এছিয়া কাপ আয়োজন কৰিব নোৱাৰে হয় তেন্তে তেওঁলোকৰ বৃহৎ আৰ্থিক ক্ষতি হ’ব পাৰে।  কিন্তু সেই লৈ চিন্তিত নহয় পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নাজাম শ্বেথি। ইয়াৰ বিপৰীতে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক ভাবুকিহে দিছে। নাজামে কয় যে যদি ভাৰতে পাকিস্তানৰ প্ৰস্তাৱ মানি নলয়, তেন্তে এছিয়া কাপৰ পৰা ভাৰতে নাম প্ৰত্যাহাৰ কৰিব পাৰে।

এছিয়া কাপ আয়োজনৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিললৈ পিচিবিয়ে বিশেষ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকৰ মতে ভাৰতে নিজৰ মেচ আন কোনোবা দেশত খেলিব লাগে। কিন্তু বাকীসকলে পাকিস্তানতে খেলিব। ভাৰতে এই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতে পিচিবিৰ অধ্যক্ষই মুখ মেলিছে।

নাজামে কয়- ''আমি যি প্ৰস্তাৱ দিছো সেয়া আমি ল’বই লাগিব। অন্যথা আমি এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিম। ইয়াৰ বাবে আমাৰ ২৫ কোটি টকা খৰচ হ’ব। কিন্তু এই লৈ একো মাথা নঘমাও। বৰঞ্চ ই এক সন্মান।”

পাকিস্তানে কি বিচাৰে সেয়া পুনৰ স্পষ্ট কৰি দিছে নাজামে। তেওঁ কয়, ‘আমি স্পষ্ট কৰি দিছো যে ভাৰতে তেওঁলোকৰ মেচ আন যিকোনো দেশত খেলিব পাৰে। কিন্তু বাকী সকলো মেচ পাকিস্তানত অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰে আমি আন একো মানি নলওঁ।’’

উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’ব এছিয়া কাপ। পাকিস্তানলৈ খেলিবলৈ যোৱাৰ ক্ষেত্ৰত দেশৰ চৰকাৰে যি সিদ্ধান্ত ল’ব সেয়া মানি চলিব বুলি স্পষ্ট কৰি দিছে বিচিচিআইয়ে। এই পৰিপ্ৰেক্ষিতত নাজামে কয়- ''পাকিস্তানত এতিয়া কোনো নিৰাপত্তাজনিত সমস্যা নাই। যদি তেওঁলোকৰ চৰকাৰে তেওঁলোকক খেলিবলৈ মানা কৰে তেন্তে আমি তেওঁলোকক লিখিত প্ৰমাণ দেখুৱাব লাগিব। যেতিয়া অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ডৰ দৰে দেশৰ কোনো সমস্যা নাই, মই বুজি নাপাওঁ ভাৰতৰ সমস্যা কি?’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে