--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদিহে পাকিস্তানে এছিয়া কাপ আয়োজন কৰিব নোৱাৰে হয় তেন্তে তেওঁলোকৰ বৃহৎ আৰ্থিক ক্ষতি হ’ব পাৰে।  কিন্তু সেই লৈ চিন্তিত নহয় পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নাজাম শ্বেথি। ইয়াৰ বিপৰীতে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক ভাবুকিহে দিছে। নাজামে কয় যে যদি ভাৰতে পাকিস্তানৰ প্ৰস্তাৱ মানি নলয়, তেন্তে এছিয়া কাপৰ পৰা ভাৰতে নাম প্ৰত্যাহাৰ কৰিব পাৰে।

এছিয়া কাপ আয়োজনৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিললৈ পিচিবিয়ে বিশেষ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকৰ মতে ভাৰতে নিজৰ মেচ আন কোনোবা দেশত খেলিব লাগে। কিন্তু বাকীসকলে পাকিস্তানতে খেলিব। ভাৰতে এই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতে পিচিবিৰ অধ্যক্ষই মুখ মেলিছে।

নাজামে কয়- ''আমি যি প্ৰস্তাৱ দিছো সেয়া আমি ল’বই লাগিব। অন্যথা আমি এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিম। ইয়াৰ বাবে আমাৰ ২৫ কোটি টকা খৰচ হ’ব। কিন্তু এই লৈ একো মাথা নঘমাও। বৰঞ্চ ই এক সন্মান।”

পাকিস্তানে কি বিচাৰে সেয়া পুনৰ স্পষ্ট কৰি দিছে নাজামে। তেওঁ কয়, ‘আমি স্পষ্ট কৰি দিছো যে ভাৰতে তেওঁলোকৰ মেচ আন যিকোনো দেশত খেলিব পাৰে। কিন্তু বাকী সকলো মেচ পাকিস্তানত অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰে আমি আন একো মানি নলওঁ।’’

উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’ব এছিয়া কাপ। পাকিস্তানলৈ খেলিবলৈ যোৱাৰ ক্ষেত্ৰত দেশৰ চৰকাৰে যি সিদ্ধান্ত ল’ব সেয়া মানি চলিব বুলি স্পষ্ট কৰি দিছে বিচিচিআইয়ে। এই পৰিপ্ৰেক্ষিতত নাজামে কয়- ''পাকিস্তানত এতিয়া কোনো নিৰাপত্তাজনিত সমস্যা নাই। যদি তেওঁলোকৰ চৰকাৰে তেওঁলোকক খেলিবলৈ মানা কৰে তেন্তে আমি তেওঁলোকক লিখিত প্ৰমাণ দেখুৱাব লাগিব। যেতিয়া অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ডৰ দৰে দেশৰ কোনো সমস্যা নাই, মই বুজি নাপাওঁ ভাৰতৰ সমস্যা কি?’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ