--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিংকু সিং এতিয়া আইপিএলৰ নায়ক। কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈগৰাকীয়ে পাঁচটা বলত পাঁচটা ছয় মাৰি ক্ৰিকেটৰ জগতত অভিলেখ গঢ়িছে। ৰিংকুৰ দুৰ্দান্ত খেলে অভিনেত্ৰী কেন্দ্ৰা লাষ্টকো প্ৰভাৱান্বিত কৰিছে। ৰিংকুৰ খেলত অভিভূত হৈ পৰা অভিনেত্ৰী কেন্দ্ৰাই ৰিংকুৰ সৈতে নিজৰ এখন ফটো পোষ্ট কৰিছে।

ফটোৰ শিৰোনামটোত তেওঁ লিখিছিল, "ৰিংকু - দ্য কিং"। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইচ্ছাৰ কথাও ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে আই পি এলৰ অনুষ্ঠানত তেোঁৰো উপস্থিত থকাৰ মন আছে। এগৰাকী নেটিজেনে কেন্দ্ৰক আমন্ত্ৰণ জনোৱাৰ পিছতে অত্যন্ত সুখী হৈ তেওঁ তেওঁ লিখিছে, "এয়া বৰ আনন্দদায়ক কথা হ'ব। উল্লেখ্য ৰিংকু সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ আলিগড়ত হৈছিল। তেওঁ সৰুতে খেলিবলৈ সুবিধা পোৱাটো দূৰৰে কথা কেতিয়াবা দুদিন ধৰি ভাত খাবলৈ চাউলো পোৱা নাছিল। তেওঁ যিটো পৰিয়ালৰ পৰা আহিছে সেই পৰিয়ালত অতি দুখীয়া। 

Rinku-Pornstar

তেওঁৰ দেউতাক খানচান্দ সিঙে ঘৰে ঘৰে গেছৰ চিলিণ্ডাৰ বিতৰণ কৰি ফুৰে। সৌসিদিনাৰ এখন খেলত বিজয়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰয়োজন হৈছিল ২৯ ৰানৰ, হাতত আছিল মাত্ৰ ছটা বল। সেই ছটা বলৰেই পাঁচটাই ছিক্স কোবাই ৰিংকুৱে ৩১ ৰান কৰিবলৈ সক্ষম হ’ল। ফলত অকল্পনীয়ভাবে বিজয়ৰ সোৱাদ লাভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। লগে লগে দেশৰ ক্ৰিকেট ইতিহাসত নাম খোদিত হ’ল ৰিংকুৰ।

Rinku-Pornstar-1


 উল্লেখ ইয়াৰ আগতে ২০ অভাৰৰ খেলত কোনো খেলুৱৈয়েই এনেদৰে একেৰাহে পাঁটটা বলত ছিক্সাৰ কোবোৱা নাছিল। আইপিএলৰো ইতিহাসত ৰিংকুৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ’ব। সৰুৰে পৰাই কেৱল অভাৱৰ সৈতে সহাৱস্থান কৰা ৰিংকুৱে পিছে নিজকে অভাৱে গ্ৰাস কৰিবলৈ দিয়া নাছিল। অভাৱক প্ৰত্যাহ্বান হিচাবে লৈ আগুৱাই গৈছিল ৰিংকু।

ৰিংকুৰ পিতৃয়ে লোকৰ ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণ কৰি পৰিয়ালটো পোহপাল দি আহিছে। ক্ৰিকেটৰ প্ৰতি ধাউতি থকা ৰিংকুৱে বহু পৰিশ্ৰমৰ অন্তত উত্তৰ প্ৰদেশৰ অনুৰ্ধ-১৯ দলৰ এজন খেলুৱৈ হিচাপে খেলাৰ সুবিধা পাইছিল। খেলৰ লগতে আজৰি পালেই তেওঁ লোকৰ ঘৰত কাম-বন কৰিও দুপইচা উলিয়াইছিল।

চাৰিগৰাকী ভাই-ভনী আৰু পিতৃ-মাতৃৰ সৈতে আছে ৰিংকুৰ এটা সৰু পৰিয়াল ।শেহতীয়াকৈ ৰিংকুৰ সাফল্যত শ্বাহৰুখ, সুহানা, আদিৰ দৰে তাৰকাসকলো মুগ্ধ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে