--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিংকু সিং এতিয়া আইপিএলৰ নায়ক। কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈগৰাকীয়ে পাঁচটা বলত পাঁচটা ছয় মাৰি ক্ৰিকেটৰ জগতত অভিলেখ গঢ়িছে। ৰিংকুৰ দুৰ্দান্ত খেলে অভিনেত্ৰী কেন্দ্ৰা লাষ্টকো প্ৰভাৱান্বিত কৰিছে। ৰিংকুৰ খেলত অভিভূত হৈ পৰা অভিনেত্ৰী কেন্দ্ৰাই ৰিংকুৰ সৈতে নিজৰ এখন ফটো পোষ্ট কৰিছে।

ফটোৰ শিৰোনামটোত তেওঁ লিখিছিল, "ৰিংকু - দ্য কিং"। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইচ্ছাৰ কথাও ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে আই পি এলৰ অনুষ্ঠানত তেোঁৰো উপস্থিত থকাৰ মন আছে। এগৰাকী নেটিজেনে কেন্দ্ৰক আমন্ত্ৰণ জনোৱাৰ পিছতে অত্যন্ত সুখী হৈ তেওঁ তেওঁ লিখিছে, "এয়া বৰ আনন্দদায়ক কথা হ'ব। উল্লেখ্য ৰিংকু সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ আলিগড়ত হৈছিল। তেওঁ সৰুতে খেলিবলৈ সুবিধা পোৱাটো দূৰৰে কথা কেতিয়াবা দুদিন ধৰি ভাত খাবলৈ চাউলো পোৱা নাছিল। তেওঁ যিটো পৰিয়ালৰ পৰা আহিছে সেই পৰিয়ালত অতি দুখীয়া। 

Rinku-Pornstar

তেওঁৰ দেউতাক খানচান্দ সিঙে ঘৰে ঘৰে গেছৰ চিলিণ্ডাৰ বিতৰণ কৰি ফুৰে। সৌসিদিনাৰ এখন খেলত বিজয়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰয়োজন হৈছিল ২৯ ৰানৰ, হাতত আছিল মাত্ৰ ছটা বল। সেই ছটা বলৰেই পাঁচটাই ছিক্স কোবাই ৰিংকুৱে ৩১ ৰান কৰিবলৈ সক্ষম হ’ল। ফলত অকল্পনীয়ভাবে বিজয়ৰ সোৱাদ লাভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। লগে লগে দেশৰ ক্ৰিকেট ইতিহাসত নাম খোদিত হ’ল ৰিংকুৰ।

Rinku-Pornstar-1


 উল্লেখ ইয়াৰ আগতে ২০ অভাৰৰ খেলত কোনো খেলুৱৈয়েই এনেদৰে একেৰাহে পাঁটটা বলত ছিক্সাৰ কোবোৱা নাছিল। আইপিএলৰো ইতিহাসত ৰিংকুৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ’ব। সৰুৰে পৰাই কেৱল অভাৱৰ সৈতে সহাৱস্থান কৰা ৰিংকুৱে পিছে নিজকে অভাৱে গ্ৰাস কৰিবলৈ দিয়া নাছিল। অভাৱক প্ৰত্যাহ্বান হিচাবে লৈ আগুৱাই গৈছিল ৰিংকু।

ৰিংকুৰ পিতৃয়ে লোকৰ ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণ কৰি পৰিয়ালটো পোহপাল দি আহিছে। ক্ৰিকেটৰ প্ৰতি ধাউতি থকা ৰিংকুৱে বহু পৰিশ্ৰমৰ অন্তত উত্তৰ প্ৰদেশৰ অনুৰ্ধ-১৯ দলৰ এজন খেলুৱৈ হিচাপে খেলাৰ সুবিধা পাইছিল। খেলৰ লগতে আজৰি পালেই তেওঁ লোকৰ ঘৰত কাম-বন কৰিও দুপইচা উলিয়াইছিল।

চাৰিগৰাকী ভাই-ভনী আৰু পিতৃ-মাতৃৰ সৈতে আছে ৰিংকুৰ এটা সৰু পৰিয়াল ।শেহতীয়াকৈ ৰিংকুৰ সাফল্যত শ্বাহৰুখ, সুহানা, আদিৰ দৰে তাৰকাসকলো মুগ্ধ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ