--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৰাজয় অনিবাৰ্য বুলি নিশ্চিত  হোৱাৰ পিছত যদি এটা অপ্ৰত্যাশিত বিজয় আহে তেন্তে  আনন্দই হিয়াত নধৰা হৈ পৰে।  কিন্তু যদি আনন্দই  সীমা অতিক্ৰম কৰে সেয়াও বেয়া।  এনে সীমা অতিক্ৰম কৰা আনন্দৰ বাবেই বহুতে  মূল্য ভৰিবলগীয়াও হয়। টীম ইণ্ডিয়াৰ পেচাৰ আৰু লক্ষ্ণৌ চুপাৰজায়ান্টছৰ বলাৰ অৱেশ খানেও তেনে মূল্য ভৰিবলগীয়া হ’ল। 


জয়ৰ আনন্দত কি কৰিছে ক’ব নোৱাৰা হৈ পৰাৰ বাবেই অৱেশ খানক বিচিচিআইয়ে  সতৰ্কবাণী শুনাবলগীয়া হ’ল৷ আই পি এল-২০২৩ ত ৰয়েল চেলেঞ্জাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ মাজৰ খেলখন সোমবাৰে বাংগালোৰত অনুষ্ঠিত হৈছিল৷ টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা বাংগালুৰুৱে  ২০ অভাৰত ২  টা উইকেট হেৰুৱাই ২১২  ৰাণ সংগ্ৰহ কৰে। ফাফ ডুপ্লেচিছ (৪৬ টা বলত ৭৯ নট আউট; ৫ টা চাৰি, ৫ টা ছয়), বিৰাট কোহলী (৪৪ টা বলত ৬১; ৪ টা চাৰি, ৪ ছয়) আৰু গ্লেন মেক্সৱেলে (২৯ টা বলত ৫৯; ৩ টা চাৰি, ৬ টা ছয়) অৰ্ধশতক কৰে। 

প্ৰত্যুত্তৰত   লক্ষ্ণৌৱে ২০  অভাৰত ৯ টা উইকেটত ২১৩ ৰাণ সংগ্ৰহ কৰে আৰু বিজয় নিশ্চিত কৰে। ষ্টইনিছে (৩০ টা বলত ৬৫ ৰাণ; ৬ টা চাৰি, ৫ টা ছয়), 'প্লেয়াৰ অফ দ্য মেচ' নিকোলাছ পুৰাণে (১৯ টা বলত ৬২; ৪ টা চাৰি, ৭ টা ছয়) কৰে। আনহাতে আয়ুষ বাডোনিয়ে (২৪ টা বলত ৩০ ৰাণ; ৪ টা চাৰি) ৰাণ সংগ্ৰহ কৰি দলটোক গতি প্ৰদান কৰে। শেষত বাইৰ ৰূপত পোৱা এটা ৰাণে লক্ষ্ণৌৰ বাবে জয় নিশ্চিত কৰে । এনে অপ্ৰত্যাশিত জয়ত আনন্দিত হৈ পৰে দলটোৰ খেলুৱৈসকল।  

লক্ষ্ণৌ চুপাৰজায়ান্টছ খেলুৱৈসকলৰ ভিতৰত  ক্ৰীজত থকা অৱেশ খান বহু বেছি  আক্ৰমণাত্মক আছিল। জয় নিশ্চিত হৈ পৰাৰ পিছতে তেওঁ পিন্ধি থকা হেলমেটটো একপ্ৰকাৰ দলিয়াই দিয়ে।  এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অৱেশ খানৰ এনে আচৰণৰ বাবেই  আই পি এলৰ আয়োজকসকলে  খানক তেওঁৰ অত্যাধিক প্ৰতিক্ৰিয়াৰ বাবে  ভৰ্ৎসনা কৰি এক বিবৃতি প্ৰকাশ কৰিছে।  বিবৃতিটোত লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ অৱেশ খানক আচৰণ বিধি উলংঘা কৰাৰ বাবে ভৰ্ৎসনা কৰিছে।খানে  আই পি এল কোডৰ ২.২ দফা উলংঘা কৰিছে বুলি বিবৃতিটোত কোৱা হৈছে।  এয়া প্ৰথম ভুলবুলি এইবাৰৰ বাবে তেওঁক ক্ষমা কৰি দিয়াৰ কথাও কোৱা হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ