--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৰাজয় অনিবাৰ্য বুলি নিশ্চিত  হোৱাৰ পিছত যদি এটা অপ্ৰত্যাশিত বিজয় আহে তেন্তে  আনন্দই হিয়াত নধৰা হৈ পৰে।  কিন্তু যদি আনন্দই  সীমা অতিক্ৰম কৰে সেয়াও বেয়া।  এনে সীমা অতিক্ৰম কৰা আনন্দৰ বাবেই বহুতে  মূল্য ভৰিবলগীয়াও হয়। টীম ইণ্ডিয়াৰ পেচাৰ আৰু লক্ষ্ণৌ চুপাৰজায়ান্টছৰ বলাৰ অৱেশ খানেও তেনে মূল্য ভৰিবলগীয়া হ’ল। 


জয়ৰ আনন্দত কি কৰিছে ক’ব নোৱাৰা হৈ পৰাৰ বাবেই অৱেশ খানক বিচিচিআইয়ে  সতৰ্কবাণী শুনাবলগীয়া হ’ল৷ আই পি এল-২০২৩ ত ৰয়েল চেলেঞ্জাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ মাজৰ খেলখন সোমবাৰে বাংগালোৰত অনুষ্ঠিত হৈছিল৷ টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা বাংগালুৰুৱে  ২০ অভাৰত ২  টা উইকেট হেৰুৱাই ২১২  ৰাণ সংগ্ৰহ কৰে। ফাফ ডুপ্লেচিছ (৪৬ টা বলত ৭৯ নট আউট; ৫ টা চাৰি, ৫ টা ছয়), বিৰাট কোহলী (৪৪ টা বলত ৬১; ৪ টা চাৰি, ৪ ছয়) আৰু গ্লেন মেক্সৱেলে (২৯ টা বলত ৫৯; ৩ টা চাৰি, ৬ টা ছয়) অৰ্ধশতক কৰে। 

প্ৰত্যুত্তৰত   লক্ষ্ণৌৱে ২০  অভাৰত ৯ টা উইকেটত ২১৩ ৰাণ সংগ্ৰহ কৰে আৰু বিজয় নিশ্চিত কৰে। ষ্টইনিছে (৩০ টা বলত ৬৫ ৰাণ; ৬ টা চাৰি, ৫ টা ছয়), 'প্লেয়াৰ অফ দ্য মেচ' নিকোলাছ পুৰাণে (১৯ টা বলত ৬২; ৪ টা চাৰি, ৭ টা ছয়) কৰে। আনহাতে আয়ুষ বাডোনিয়ে (২৪ টা বলত ৩০ ৰাণ; ৪ টা চাৰি) ৰাণ সংগ্ৰহ কৰি দলটোক গতি প্ৰদান কৰে। শেষত বাইৰ ৰূপত পোৱা এটা ৰাণে লক্ষ্ণৌৰ বাবে জয় নিশ্চিত কৰে । এনে অপ্ৰত্যাশিত জয়ত আনন্দিত হৈ পৰে দলটোৰ খেলুৱৈসকল।  

লক্ষ্ণৌ চুপাৰজায়ান্টছ খেলুৱৈসকলৰ ভিতৰত  ক্ৰীজত থকা অৱেশ খান বহু বেছি  আক্ৰমণাত্মক আছিল। জয় নিশ্চিত হৈ পৰাৰ পিছতে তেওঁ পিন্ধি থকা হেলমেটটো একপ্ৰকাৰ দলিয়াই দিয়ে।  এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অৱেশ খানৰ এনে আচৰণৰ বাবেই  আই পি এলৰ আয়োজকসকলে  খানক তেওঁৰ অত্যাধিক প্ৰতিক্ৰিয়াৰ বাবে  ভৰ্ৎসনা কৰি এক বিবৃতি প্ৰকাশ কৰিছে।  বিবৃতিটোত লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ অৱেশ খানক আচৰণ বিধি উলংঘা কৰাৰ বাবে ভৰ্ৎসনা কৰিছে।খানে  আই পি এল কোডৰ ২.২ দফা উলংঘা কৰিছে বুলি বিবৃতিটোত কোৱা হৈছে।  এয়া প্ৰথম ভুলবুলি এইবাৰৰ বাবে তেওঁক ক্ষমা কৰি দিয়াৰ কথাও কোৱা হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে