--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত ইতিহাস ৰচনা কৰিলে বিৰাট কোহলীয়ে। গুজৰাট টাইনটানছৰ বিৰুদ্ধে বেংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছৰ আইপিএলৰ পইণ্ট তালিকাৰ এখন নিৰ্ণায়ক মেচত সমুখৰ পৰা দলক আগুৱাই নিয়ে কিং কোহলীয়ে। অৰ্জন কৰে চলিত আইপিএলত ক্ৰমাগতভাৱে দ্বিতীয়টো শতৰাণ।

উল্লেখ্য যে সাতটাকৈ শতকেৰে আইপিএলৰ ইতিহাসত সৰ্বাধিকসংখ্যক শতক অৰ্জন কৰা বেটাৰ হিচাপে পৰিগণিত হ’ল কোহলী। ৬০ টা বলত তেওঁ এই শতক অৰ্জন কৰে। 

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত বৰষুণৰ বাবে পিচুৱাই দিয়া মেচখনত টছত জয়ী হৈ বলিং কৰে গুজৰাটে। ইনিংছ আৰম্ভণি কৰিবলৈ আহিয়েই সমুখৰ পৰা নেতৃত্ব দিয়ে কোহলীয়ে। ফাফ ডু প্লেছিছৰ স’তে ইনিংছ আগুৱাই নিওঁতেই ৬৭ ৰাণত অপেনিং যুটীৰ অন্ত পৰে। ডু প্লেছিছে ২৮ ৰাণ সংগ্ৰহ কৰে।

ডু প্লেছিছ পেভিলিঅ’নমুখী হোৱাৰ পাছতে আৰম্ভ হয় বেটিং বিপৰ্যয়। ৰছিদ খান, নুৰ মহম্মদ, মহম্মদ ছামীৰে গঠিত গুজৰাটৰ বলিং আক্ৰমণৰ সমুখত ব্যৰ্থ হয় মেক্সৱেল, দীনেশ কাৰ্তিক। দীনেশ কাৰ্তিকে প্রথমটো বলতে আউট হয়। ইয়াৰ দ্বাৰা আইপিএলৰ ইতিহাসত সৰ্বাধিক সংখ্যক ১৭ টা ডাক আউটৰ অভিলেখ গঢ়ে তেওঁ।

কিন্তু থমকি নৰ’ল কোহলীৰ ৰাণযজ্ঞ। পঞ্চম উইকেটত অনুজ ৰাৱাটৰ স’তে লগ হৈ তেওঁ গুজৰাট টাইটানছক নিৰ্ধাৰিত অভাৰত ১৯৭ ৰাণৰ লক্ষ্য স্থিৰ কৰিছে। অনুজ ৰাৱাটে সংগ্ৰহ কৰে ১৫ টা বলত ২৩ ৰাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু