--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত ইতিহাস ৰচনা কৰিলে বিৰাট কোহলীয়ে। গুজৰাট টাইনটানছৰ বিৰুদ্ধে বেংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছৰ আইপিএলৰ পইণ্ট তালিকাৰ এখন নিৰ্ণায়ক মেচত সমুখৰ পৰা দলক আগুৱাই নিয়ে কিং কোহলীয়ে। অৰ্জন কৰে চলিত আইপিএলত ক্ৰমাগতভাৱে দ্বিতীয়টো শতৰাণ।

উল্লেখ্য যে সাতটাকৈ শতকেৰে আইপিএলৰ ইতিহাসত সৰ্বাধিকসংখ্যক শতক অৰ্জন কৰা বেটাৰ হিচাপে পৰিগণিত হ’ল কোহলী। ৬০ টা বলত তেওঁ এই শতক অৰ্জন কৰে। 

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত বৰষুণৰ বাবে পিচুৱাই দিয়া মেচখনত টছত জয়ী হৈ বলিং কৰে গুজৰাটে। ইনিংছ আৰম্ভণি কৰিবলৈ আহিয়েই সমুখৰ পৰা নেতৃত্ব দিয়ে কোহলীয়ে। ফাফ ডু প্লেছিছৰ স’তে ইনিংছ আগুৱাই নিওঁতেই ৬৭ ৰাণত অপেনিং যুটীৰ অন্ত পৰে। ডু প্লেছিছে ২৮ ৰাণ সংগ্ৰহ কৰে।

ডু প্লেছিছ পেভিলিঅ’নমুখী হোৱাৰ পাছতে আৰম্ভ হয় বেটিং বিপৰ্যয়। ৰছিদ খান, নুৰ মহম্মদ, মহম্মদ ছামীৰে গঠিত গুজৰাটৰ বলিং আক্ৰমণৰ সমুখত ব্যৰ্থ হয় মেক্সৱেল, দীনেশ কাৰ্তিক। দীনেশ কাৰ্তিকে প্রথমটো বলতে আউট হয়। ইয়াৰ দ্বাৰা আইপিএলৰ ইতিহাসত সৰ্বাধিক সংখ্যক ১৭ টা ডাক আউটৰ অভিলেখ গঢ়ে তেওঁ।

কিন্তু থমকি নৰ’ল কোহলীৰ ৰাণযজ্ঞ। পঞ্চম উইকেটত অনুজ ৰাৱাটৰ স’তে লগ হৈ তেওঁ গুজৰাট টাইটানছক নিৰ্ধাৰিত অভাৰত ১৯৭ ৰাণৰ লক্ষ্য স্থিৰ কৰিছে। অনুজ ৰাৱাটে সংগ্ৰহ কৰে ১৫ টা বলত ২৩ ৰাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে