--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আই পি এলত ভাল খেলা কেইজনমান ক্ৰিকেটাৰৰ ভিতৰত বৰুণ চক্ৰৱৰ্তী অন্যতম। কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম বলাৰ হিচাপে পৰিগণিত হৈছে মিষ্টেৰী স্পিনাৰগৰাকী। ১১খন মেচত ১৭টা উইকেট দখল কৰিছে বৰুণে। বৰুণে এইবাৰ আই পি এলত নতুনধৰণেৰে বলিং কৰিছে, যিটো তেওঁ আগতে কৰা নাছিল।

২০২১ চনৰ আই পি এলত কে কে আৰৰ হৈ সোঁহতীয়া স্পিনাৰগৰাকীয়ে ভাল বলিং কৰি ভাৰতীয় দলৰ বাবে দুৱাৰ মুকলি কৰিছিল। সেইবাৰ বৰুণে দুই প্ৰকাৰৰ বল কৰিছিল। এটা হৈছে কেৰম বল। তিনিটা আঙুলি- তৰ্জনী, মধ্যম আৰু অনামিকা আঙুলি ব্যৱহাৰ কৰি এই কেৰম বল কৰা হয়। এই ধৰণৰ বলৰ কোনো স্পিন নাথাকে। কেৰম ষ্ট্ৰাইকাৰৰ দৰেই বেটছমেনৰ ওচৰলৈ বলটো নিক্ষেপ কৰা হয়। এই বলৰ গতি আন বলৰ তুলনাত অলপ বেছি। বলটো উইকেটত অৱতৰণ কৰি পোনে পোনে যায়। ফলত বেটছমেনজন বিপদত পৰে।

বৰুণে ব্যৱহাৰ কৰা দ্বিতীয়টো অস্ত্ৰ আছিল গুগলী। অৰ্থাৎ লেগ স্পিনাৰৰ বলটো পিটছত পৰাৰ পিছত লেগ স্পিন হোৱাৰ সলনি বিপৰীত দিশত ঘূৰে। বৰুণে বেছিভাগ বলেই কেৰম বলিং কৰে। গুগলী আছিল  তেওঁৰ অন্যতম অস্ত্ৰ।

কিন্তু এইবাৰ আই পি এলত তেওঁ লেগ স্পিন কৰিবলৈও আৰম্ভ কৰিছে। বলটো সোঁহাতৰ বেটছমেনৰ বাহিৰলৈ আৰু বাওঁহাতৰ বেটছমেনৰ ভিতৰলৈ সোমাইছে। কিন্তু যিহেতু তেওঁৰ বলিং একচনত বিশেষ পৰিৱৰ্তন হোৱা নাই, সেয়েহে বেটছমেনসকলে ইয়াক বুজাত অসুবিধা হৈছে। পঞ্জাৱৰ মেচখনত লিয়াম লিভিংষ্টনে বৰুণৰ লেগ স্পিন বুজিব নোৱাৰি ভুল লাইনত আউট হয়।

আনহাতে হায়দৰাবাদক কেকেআৰৰ বিৰুদ্ধে এখন খেলত অন্তিম অভাৰত জয়ী হ’বলৈ ৯ ৰানৰ প্ৰয়োজন হৈছিল। সেই অভাৰত বেছিভাগ বল লেগ স্পিন কৰিছিল বৰুণে। হায়দৰাবাদৰ আব্দুল ছামাদ ডাঙৰ ডাঙৰ শ্বট খেলি থাকোঁতে বল ভালদৰে মাৰিব নোৱাৰাৰ বাবে আউট হৈছিল। পৰৱৰ্তী বেটছমেনেও বলটো মিছ কৰিলে। বৰুণে এই নতুন অস্ত্ৰটো খুব ভালকৈ ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলাফলো লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে