--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আই পি এলত ভাল খেলা কেইজনমান ক্ৰিকেটাৰৰ ভিতৰত বৰুণ চক্ৰৱৰ্তী অন্যতম। কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম বলাৰ হিচাপে পৰিগণিত হৈছে মিষ্টেৰী স্পিনাৰগৰাকী। ১১খন মেচত ১৭টা উইকেট দখল কৰিছে বৰুণে। বৰুণে এইবাৰ আই পি এলত নতুনধৰণেৰে বলিং কৰিছে, যিটো তেওঁ আগতে কৰা নাছিল।

২০২১ চনৰ আই পি এলত কে কে আৰৰ হৈ সোঁহতীয়া স্পিনাৰগৰাকীয়ে ভাল বলিং কৰি ভাৰতীয় দলৰ বাবে দুৱাৰ মুকলি কৰিছিল। সেইবাৰ বৰুণে দুই প্ৰকাৰৰ বল কৰিছিল। এটা হৈছে কেৰম বল। তিনিটা আঙুলি- তৰ্জনী, মধ্যম আৰু অনামিকা আঙুলি ব্যৱহাৰ কৰি এই কেৰম বল কৰা হয়। এই ধৰণৰ বলৰ কোনো স্পিন নাথাকে। কেৰম ষ্ট্ৰাইকাৰৰ দৰেই বেটছমেনৰ ওচৰলৈ বলটো নিক্ষেপ কৰা হয়। এই বলৰ গতি আন বলৰ তুলনাত অলপ বেছি। বলটো উইকেটত অৱতৰণ কৰি পোনে পোনে যায়। ফলত বেটছমেনজন বিপদত পৰে।

বৰুণে ব্যৱহাৰ কৰা দ্বিতীয়টো অস্ত্ৰ আছিল গুগলী। অৰ্থাৎ লেগ স্পিনাৰৰ বলটো পিটছত পৰাৰ পিছত লেগ স্পিন হোৱাৰ সলনি বিপৰীত দিশত ঘূৰে। বৰুণে বেছিভাগ বলেই কেৰম বলিং কৰে। গুগলী আছিল  তেওঁৰ অন্যতম অস্ত্ৰ।

কিন্তু এইবাৰ আই পি এলত তেওঁ লেগ স্পিন কৰিবলৈও আৰম্ভ কৰিছে। বলটো সোঁহাতৰ বেটছমেনৰ বাহিৰলৈ আৰু বাওঁহাতৰ বেটছমেনৰ ভিতৰলৈ সোমাইছে। কিন্তু যিহেতু তেওঁৰ বলিং একচনত বিশেষ পৰিৱৰ্তন হোৱা নাই, সেয়েহে বেটছমেনসকলে ইয়াক বুজাত অসুবিধা হৈছে। পঞ্জাৱৰ মেচখনত লিয়াম লিভিংষ্টনে বৰুণৰ লেগ স্পিন বুজিব নোৱাৰি ভুল লাইনত আউট হয়।

আনহাতে হায়দৰাবাদক কেকেআৰৰ বিৰুদ্ধে এখন খেলত অন্তিম অভাৰত জয়ী হ’বলৈ ৯ ৰানৰ প্ৰয়োজন হৈছিল। সেই অভাৰত বেছিভাগ বল লেগ স্পিন কৰিছিল বৰুণে। হায়দৰাবাদৰ আব্দুল ছামাদ ডাঙৰ ডাঙৰ শ্বট খেলি থাকোঁতে বল ভালদৰে মাৰিব নোৱাৰাৰ বাবে আউট হৈছিল। পৰৱৰ্তী বেটছমেনেও বলটো মিছ কৰিলে। বৰুণে এই নতুন অস্ত্ৰটো খুব ভালকৈ ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলাফলো লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ