--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধোনীৰ অনুৰাগে এইবাৰৰ আইপিএলত উন্মাদনাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ চেন্নাই ছুপাৰ কিংছৰ খেলৰ সময়ত এটা দম্পত্তীয়ে গেলেৰীৰ পৰা মহেন্দ্ৰ সিং ধোনীক তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণ কৰে।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলৰ সময়ত চেন্নাইৰ চিপক গেলেৰীত দেখা গ’ল নৱবিবাহিত দম্পতীহালক। দুয়োজনে চেন্নাইৰ জাৰ্চি পিন্ধিছিল। হাতত এখন পোষ্টাৰ। তাত লিখা আছে, “পূৰ্বৰ মেচখনত আমি ধোনীক আমাৰ বিয়ালৈ মাতিছিলো। কিন্তু ধোনি যাব নোৱাৰিলে। গতিকে আমি আকৌ নিমন্ত্ৰণ জনাবলৈ আহিছো৷’’

Covid ৰ বাবে বিগত তিনি বছৰে চেন্নাইৰ খেলপথাৰত আইপিএলৰ খেলা হোৱা নাছিল। এইবাৰ খেলা হৈছে। প্ৰতিখন খেলতে দৰ্শকে ষ্টেডিয়াম ভৰপূৰ কৰি তুলিছে। কেৱল চেন্নাইতে নহয়, য’তেই ধোনী গৈছে, তাতেই হৃদয় জিনিছে৷

এইবাৰ আই পি এলৰ সময়ত ধোনীয়ে কয় যে তেওঁ কেৰিয়াৰৰ শেষত উপনীত হৈছে। ইয়াৰ পিছত ধোনিৰ অৱসৰৰ জল্পনা-কল্পনা আৰম্ভ হ’ল। অৱশ্যে ধোনীয়ে অৱসৰৰ কথা এতিয়াও মুখ মেলিব পৰা নাই।

এইবাৰ আই পি এলত চেন্নাইৰ ছন্দ ভাল। ১২খন খেলত ১৫ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে ধোনীবাহিনী। যদিহে চেন্নাই আৰু অন্ততঃ এখন মেচত জয়ী হ’ব পাৰে তেন্তে প্লে অফ নিশ্চিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ