--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলত তেওঁ গৌতম গম্ভীৰৰ সৈতে বিবাদত লিপ্ত হৈছে। সৌৰভ গংগোপাধ্যায়ৰ সৈতেও বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু বিৰাট কোহলীয়ে অনুভৱ কৰে যে তেওঁৰ প্ৰকৃত যুঁজ তেওঁলোকৰ সৈতে নহয়। তেনেহ’লে বিৰাটৰ বিবাদ কাৰ স’তে?

বিৰাটে ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰে। তাত দেখা যায়, কোহলী ৰঙা চকী এখনত বহি আছে। মূৰৰ ওপৰত পোহৰৰ আভা এটা জিলিকি উঠিছে। কেপচনত বিৰাটে লিখিছে, ‘প্ৰতিযোগিতা মানুহৰ মগজুত চলি থাকে। বাস্তৱত নিজৰ সৈতে যুদ্ধ চলে।''

বিৰাটৰ কেপচনৰ পৰা বুজিব পাৰি যে প্ৰতি মুহূৰ্ততে মানুহ নিজৰ লগত যুদ্ধত লিপ্ত হয়। আন কাৰোবাৰ লগত প্ৰতিযোগিতা কৰাৰ চিন্তাটো হয়তো আপোনাৰ মূৰত আছে। কিন্তু আগুৱাই যাবলৈ নিজৰ লগত যুঁজিব লাগিব।

উল্লেখ্য যে এইবাৰৰ আই পি এলৰ লক্ষ্ণৌ-বেংগালুৰু মেচখনৰ সময়ত কোহলিয়ে প্ৰথমে আফগানিস্তানৰ পেচাৰ নবীন উল হকৰ সৈতে বিবাদত লিপ্ত হয়। খেলৰ পাছত গৌতম গম্ভীৰেও ইয়াৰ লগত জড়িত হৈ পৰে।এই ঘটনাৰ বাবে কোহলী আৰু গম্ভীৰৰ মেচ মাচুলৰ ১০০ শতাংশ আৰু নৱিনৰ মেচ মাচুলৰ ৫০ শতাংশ কৰ্তন কৰা হৈছে।

তাৰ পূৰ্বে দিল্লী-বেংগালুৰুৰ প্ৰথম ৰাউণ্ডৰ খেলখনৰ পিছত কোহলীয়ে দিল্লীৰ ‘ক্ৰিকেট পৰিচালক’ সৌৰভক হাত মিলাই দিয়া নাছিল। সেই ঘটনাতো বিতৰ্ক হৈছিল। পিছৰ খেলখনত অৱশ্যে দুয়োজনে হাত মিলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে