--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলত তেওঁ গৌতম গম্ভীৰৰ সৈতে বিবাদত লিপ্ত হৈছে। সৌৰভ গংগোপাধ্যায়ৰ সৈতেও বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু বিৰাট কোহলীয়ে অনুভৱ কৰে যে তেওঁৰ প্ৰকৃত যুঁজ তেওঁলোকৰ সৈতে নহয়। তেনেহ’লে বিৰাটৰ বিবাদ কাৰ স’তে?

বিৰাটে ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰে। তাত দেখা যায়, কোহলী ৰঙা চকী এখনত বহি আছে। মূৰৰ ওপৰত পোহৰৰ আভা এটা জিলিকি উঠিছে। কেপচনত বিৰাটে লিখিছে, ‘প্ৰতিযোগিতা মানুহৰ মগজুত চলি থাকে। বাস্তৱত নিজৰ সৈতে যুদ্ধ চলে।''

বিৰাটৰ কেপচনৰ পৰা বুজিব পাৰি যে প্ৰতি মুহূৰ্ততে মানুহ নিজৰ লগত যুদ্ধত লিপ্ত হয়। আন কাৰোবাৰ লগত প্ৰতিযোগিতা কৰাৰ চিন্তাটো হয়তো আপোনাৰ মূৰত আছে। কিন্তু আগুৱাই যাবলৈ নিজৰ লগত যুঁজিব লাগিব।

উল্লেখ্য যে এইবাৰৰ আই পি এলৰ লক্ষ্ণৌ-বেংগালুৰু মেচখনৰ সময়ত কোহলিয়ে প্ৰথমে আফগানিস্তানৰ পেচাৰ নবীন উল হকৰ সৈতে বিবাদত লিপ্ত হয়। খেলৰ পাছত গৌতম গম্ভীৰেও ইয়াৰ লগত জড়িত হৈ পৰে।এই ঘটনাৰ বাবে কোহলী আৰু গম্ভীৰৰ মেচ মাচুলৰ ১০০ শতাংশ আৰু নৱিনৰ মেচ মাচুলৰ ৫০ শতাংশ কৰ্তন কৰা হৈছে।

তাৰ পূৰ্বে দিল্লী-বেংগালুৰুৰ প্ৰথম ৰাউণ্ডৰ খেলখনৰ পিছত কোহলীয়ে দিল্লীৰ ‘ক্ৰিকেট পৰিচালক’ সৌৰভক হাত মিলাই দিয়া নাছিল। সেই ঘটনাতো বিতৰ্ক হৈছিল। পিছৰ খেলখনত অৱশ্যে দুয়োজনে হাত মিলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা