--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বাওঁহতীয়া পেচাৰ মহম্মদ আমিৰে আই পি এলত খেলাৰ সুযোগ লাভ কৰিবলৈ ওলাইছে। ২০০৮ চনৰ পৰা পাকিস্তানী ক্ৰিকেটাৰক আই পি এল খেলাৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু আমিৰ এতিয়া পাকিস্তানত নাথাকে। তেওঁ ইংলেণ্ডত থাকে। অহা বছৰ তাৰ নাগৰিক হ’ব। গতিকে আই পি এল খেলিবলৈ তেওঁৰ কোনো বাধা নাথাকিব। ইংলেণ্ডৰ হৈও খেলিব পাৰিব৷

২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আমিৰে। বাওঁহাতৰ প্ৰতিভাৱান পেচাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ মানসিক চাপ ল’ব নোৱাৰাৰ বাবে অৱসৰ লোৱা বুলি কয়। যদিও তেওঁ বিভিন্ন দেশৰ টি-২০ লীগত খেলি আহিছে। অহা বছৰ ইংলেণ্ডৰ নাগৰিকত্ব লাভ কৰিলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি নাহে বুলি আমিৰে কয়। 

এক সাক্ষাৎকাৰত আমিৰে কয়, ‘বহু ভাৰতীয় অনুৰাগীয়েও বিচাৰে পাকিস্তানী ক্ৰিকেটাৰে আই পি এলত খেলক। কিন্তু পৰিস্থিতি সকলোৱে জানে। বহু ভাৰতীয় ক্ৰিকেটাৰেও পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে আই পি এল খেলিব বিচাৰে। কিন্তু এই বিষয়ে কোনেও ৰাজহুৱাকৈ কথা নকয়।”

উল্লেখ্য যে ২০০৮ চনৰ পিছত কেৱল আজহাৰ মাহমুদেহে আই পি এলত খেলা দেখা গৈছিল। ব্ৰিটিছ নাগৰিকত্বৰ বাবে ২০১১ চনত পঞ্জাৱ কিংছৰ হৈ খেলিবলৈ সক্ষম হৈছিল। অহা বছৰ যদি আমিৰে আই পি এল খেলে তেন্তে ২০০৮ চনৰ পিছত আই পি এলত খেলা দ্বিতীয়জন পাকিস্তানী হিচাপে পৰিগণিত হ’ব।

২০১০ চনত আমিৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছিল। মেচ ফিক্সিং গোচৰত তেওঁৰ নাম জড়িত আছিল। ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল আমিৰে। শেষ মুহূৰ্তত ২০১৯ চনৰ বিশ্বকাপত স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement