--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বাওঁহতীয়া পেচাৰ মহম্মদ আমিৰে আই পি এলত খেলাৰ সুযোগ লাভ কৰিবলৈ ওলাইছে। ২০০৮ চনৰ পৰা পাকিস্তানী ক্ৰিকেটাৰক আই পি এল খেলাৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু আমিৰ এতিয়া পাকিস্তানত নাথাকে। তেওঁ ইংলেণ্ডত থাকে। অহা বছৰ তাৰ নাগৰিক হ’ব। গতিকে আই পি এল খেলিবলৈ তেওঁৰ কোনো বাধা নাথাকিব। ইংলেণ্ডৰ হৈও খেলিব পাৰিব৷

২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আমিৰে। বাওঁহাতৰ প্ৰতিভাৱান পেচাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ মানসিক চাপ ল’ব নোৱাৰাৰ বাবে অৱসৰ লোৱা বুলি কয়। যদিও তেওঁ বিভিন্ন দেশৰ টি-২০ লীগত খেলি আহিছে। অহা বছৰ ইংলেণ্ডৰ নাগৰিকত্ব লাভ কৰিলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি নাহে বুলি আমিৰে কয়। 

এক সাক্ষাৎকাৰত আমিৰে কয়, ‘বহু ভাৰতীয় অনুৰাগীয়েও বিচাৰে পাকিস্তানী ক্ৰিকেটাৰে আই পি এলত খেলক। কিন্তু পৰিস্থিতি সকলোৱে জানে। বহু ভাৰতীয় ক্ৰিকেটাৰেও পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে আই পি এল খেলিব বিচাৰে। কিন্তু এই বিষয়ে কোনেও ৰাজহুৱাকৈ কথা নকয়।”

উল্লেখ্য যে ২০০৮ চনৰ পিছত কেৱল আজহাৰ মাহমুদেহে আই পি এলত খেলা দেখা গৈছিল। ব্ৰিটিছ নাগৰিকত্বৰ বাবে ২০১১ চনত পঞ্জাৱ কিংছৰ হৈ খেলিবলৈ সক্ষম হৈছিল। অহা বছৰ যদি আমিৰে আই পি এল খেলে তেন্তে ২০০৮ চনৰ পিছত আই পি এলত খেলা দ্বিতীয়জন পাকিস্তানী হিচাপে পৰিগণিত হ’ব।

২০১০ চনত আমিৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছিল। মেচ ফিক্সিং গোচৰত তেওঁৰ নাম জড়িত আছিল। ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল আমিৰে। শেষ মুহূৰ্তত ২০১৯ চনৰ বিশ্বকাপত স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক