--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিছে কাটাৰ বিশ্বকাপজয়ী ফুটবলাৰ এমিলিয়ানো মাৰ্টিনেজ। কলিকতাত ভৰি থৈছে আৰ্জেণ্টিনাৰ গ’লৰক্ষকগৰাকীয়ে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু মোহন বাগান কৰ্তৃপক্ষই তেওঁক বিমান বন্দৰত আদৰণি জনায়। আৰ্জেণ্টিনাৰ পতাকা আৰু জাৰ্চি পিন্ধি বিমানবন্দৰত বৃহৎ সংখ্যক সমৰ্থকও উপস্থিত আছিল।

উল্লেখ্য যে সোমবাৰে পুৱা বাংলাদেশত উপস্থিত হয় আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী গ’লৰক্ষক। তাতে কেইঘণ্টামান কটোৱাৰ পাছত কলকাতালৈ আহিল। মাৰ্টিনেজ অহা দুদিন কলকাতাত থাকিব। বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

কলকাতালৈ আহি উৎফুল্লিত মাৰ্টিনেজ। ইমানবোৰ সমৰ্থক দেখি তেওঁ সুখী। মাৰ্টিনেজে কয়- ''কলকাতাৰ জনসাধাৰণ ফুটবলৰ উন্মাদ। মই সেই কথা বুজি পাওঁ। ইমান সমৰ্থক ইয়ালৈ আহিছে। ইয়াৰ পৰাই গম পোৱা যায় যে তেওঁলোকে ফুটবলক কিমান ভাল পায়। মোহন বাগান ক্লাবলৈ যাবলৈ আগ্ৰহী। কলকাতালৈ আহি ইমান সমৰ্থন পাম বুলি ভবা নাছিলো।" 

মঙলবাৰে নিশা এটা অনুষ্ঠানত অংশ ল’ব তেওঁ। তাত তেওঁৰ জীৱন আৰু ফুটবল ফিল্ডৰ সফলতাৰ আঁৰৰ কাহিনী ক’ব। মাৰ্টিনেজ দুপৰীয়া মোহন বাগানৰ শিবিৰলৈ যাব। বিশ্বকাপৰ শ্ৰেষ্ঠ গ’লৰক্ষকক সম্বৰ্ধনা জনাব মোহন বাগানে। মাৰ্টিনেজক প্ৰদান কৰা হ’ব ‘মোহুনবাগান ৰত্ন’ৰ স্মৃতিগ্ৰন্থ। 


মাৰ্টিনেজে মোহন বাগান ক্লাবত পেলে, ডিয়েগো মাৰাডোনা আৰু গেৰী ছ’বাৰ্ছৰ নামেৰে গেট উদ্বোধন কৰিব। ইয়াৰ পিছত মোহন বাগান খেলপথাৰত ফ্ৰেণ্ডশ্বিপ কাপৰ খেল অনুষ্ঠিত হয়। খেলখনত কলকাতা পুলিচ অলষ্টাৰছ বনাম মোহন বাগান অলষ্টাৰছ। বিশ্ব বিজয়ী গ’লৰক্ষকে সেই মেচখন গেলেৰীৰ পৰা চাব৷

বুধবাৰে বংগৰ বিভিন্ন ক্লাবৰ জুনিয়ৰ আৰু চাব জুনিয়ৰ পৰ্যায়ৰ গ’লৰক্ষকসকলৰ সৈতে কথা পাতিব। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সৌৰভ গাংগুলীকো সাক্ষাৎ কৰাৰ কথা আছে। বুধবাৰে বিয়লি তেওঁ ঘৰলৈ উভতি যাবলৈ বিমান ধৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে