--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিছে কাটাৰ বিশ্বকাপজয়ী ফুটবলাৰ এমিলিয়ানো মাৰ্টিনেজ। কলিকতাত ভৰি থৈছে আৰ্জেণ্টিনাৰ গ’লৰক্ষকগৰাকীয়ে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু মোহন বাগান কৰ্তৃপক্ষই তেওঁক বিমান বন্দৰত আদৰণি জনায়। আৰ্জেণ্টিনাৰ পতাকা আৰু জাৰ্চি পিন্ধি বিমানবন্দৰত বৃহৎ সংখ্যক সমৰ্থকও উপস্থিত আছিল।

উল্লেখ্য যে সোমবাৰে পুৱা বাংলাদেশত উপস্থিত হয় আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী গ’লৰক্ষক। তাতে কেইঘণ্টামান কটোৱাৰ পাছত কলকাতালৈ আহিল। মাৰ্টিনেজ অহা দুদিন কলকাতাত থাকিব। বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

কলকাতালৈ আহি উৎফুল্লিত মাৰ্টিনেজ। ইমানবোৰ সমৰ্থক দেখি তেওঁ সুখী। মাৰ্টিনেজে কয়- ''কলকাতাৰ জনসাধাৰণ ফুটবলৰ উন্মাদ। মই সেই কথা বুজি পাওঁ। ইমান সমৰ্থক ইয়ালৈ আহিছে। ইয়াৰ পৰাই গম পোৱা যায় যে তেওঁলোকে ফুটবলক কিমান ভাল পায়। মোহন বাগান ক্লাবলৈ যাবলৈ আগ্ৰহী। কলকাতালৈ আহি ইমান সমৰ্থন পাম বুলি ভবা নাছিলো।" 

মঙলবাৰে নিশা এটা অনুষ্ঠানত অংশ ল’ব তেওঁ। তাত তেওঁৰ জীৱন আৰু ফুটবল ফিল্ডৰ সফলতাৰ আঁৰৰ কাহিনী ক’ব। মাৰ্টিনেজ দুপৰীয়া মোহন বাগানৰ শিবিৰলৈ যাব। বিশ্বকাপৰ শ্ৰেষ্ঠ গ’লৰক্ষকক সম্বৰ্ধনা জনাব মোহন বাগানে। মাৰ্টিনেজক প্ৰদান কৰা হ’ব ‘মোহুনবাগান ৰত্ন’ৰ স্মৃতিগ্ৰন্থ। 


মাৰ্টিনেজে মোহন বাগান ক্লাবত পেলে, ডিয়েগো মাৰাডোনা আৰু গেৰী ছ’বাৰ্ছৰ নামেৰে গেট উদ্বোধন কৰিব। ইয়াৰ পিছত মোহন বাগান খেলপথাৰত ফ্ৰেণ্ডশ্বিপ কাপৰ খেল অনুষ্ঠিত হয়। খেলখনত কলকাতা পুলিচ অলষ্টাৰছ বনাম মোহন বাগান অলষ্টাৰছ। বিশ্ব বিজয়ী গ’লৰক্ষকে সেই মেচখন গেলেৰীৰ পৰা চাব৷

বুধবাৰে বংগৰ বিভিন্ন ক্লাবৰ জুনিয়ৰ আৰু চাব জুনিয়ৰ পৰ্যায়ৰ গ’লৰক্ষকসকলৰ সৈতে কথা পাতিব। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সৌৰভ গাংগুলীকো সাক্ষাৎ কৰাৰ কথা আছে। বুধবাৰে বিয়লি তেওঁ ঘৰলৈ উভতি যাবলৈ বিমান ধৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক