--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডক পৰাস্ত কৰাৰ পিছত দলে উল্লাস কৰাৰ সময়তে লিয়নেল মেছিয়ে তেওঁৰ ওচৰলৈ দৌৰি যায়। বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰাৰ পিছতো মেছিয়ে তেওঁক সাৱটি ধৰি কান্দি থকা দেখা গৈছিল। সেই এমিলিয়ানো মাৰ্টিনেজে ভাৰতৰ কলকাতালৈ আহি ক’লে যে তেওঁ মেছিৰ সৈতে খেলাটো ভাগ্যৰ কথা। মাৰ্টিনেজে কয় যে ভৱিষ্যতে আন কোনো মেছি হ’ব নোৱাৰে৷

আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী গ’লৰক্ষকগৰাকীৰ মতে মেছিয়ে সৰ্বশ্ৰেষ্ঠ। কলকাতাৰ মিলান মেলা চৌহদত দিয়া এক সাক্ষাৎকাৰত মাৰ্টিনেজে কয়- ‘‘মেছি বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ। মেছি একক আৰু অনন্য। ভৱিষ্যতে কোনো মেছি হ’ব নোৱাৰে। মেছিৰ সৈতে খেলাটো মোৰ ভাগ্য ভাল।''

মাৰ্টিনেজৰ মতে ক্রিষ্টিয়ানো ৰোনাল্ডো কেৱল এজন ফুটবলাৰ। তাতকৈ বেছি নহয়। মেছি আৰু ৰোনাল্ডোৰ মাজত তেওঁ মেছিক বহু আগত ৰাখে৷

বিশ্বকাপৰ ফাইনেলত টাইব্ৰেকাৰত ফ্ৰান্সক পৰাস্ত কৰে মাৰ্টিনেজে। মেচৰ পিছত মেছিয়ে তেওঁক যি ক’লে সেই কথা মাৰ্টিনেজে কয়। তেওঁ কয়- “মেছিয়ে আহি মোক ক’লে, তুমি আমাক আগতেও জিকাইছা। আকৌ জয়ী কৰালা। বহুত বহুত ধন্যবাদ।''

তেওঁ কয় যে কাটাৰত আৰ্জেণ্টিনাৰ ফুটবলাৰসকলৰ এটাই লক্ষ্য আছিল, মেছিৰ হৈ কাপ জয় কৰা। তাৰ বাবেই গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাস্ত হ’লেও তেওঁলোকে জয়ী হ’ব বুলি বিশ্বাস কৰিছিল।

ফাইনেলত অতিৰিক্ত সময়ৰ শেষৰ ফালে ফ্ৰান্সৰ ক’ল’ মুয়ানিৰ শ্বট ৰক্ষা কৰে মাৰ্টিনেজে। মাৰ্টিনেজৰ গ’ল ছেভটো বহুত প্ৰশংসা কৰা হৈছে। কলকাতাত উপস্থিত হৈ আৰ্জেণ্টিনাৰ গ’লৰক্ষকগৰাকীয়ে কয়- ‘‘এয়া একেবাৰেই আকস্মিক কাণ্ড নহয়। ইয়াৰ বাবে অনুশীলন কৰিছিল। তাৰ ৰিজাল্ট পালো৷

অহা বছৰ কোপা আমেৰিকা। মাৰ্টিনেজে দ্বিতীয়বাৰৰ বাবে সেই ট্ৰফী লাভ কৰিব বিচাৰিছে। ইয়াৰ পিছত আকৌ বিশ্বকাপ। মাৰ্টিনেজে কয়- ‘‘মই অহা বছৰ কোপা জয় কৰিব বিচাৰো। ইয়াৰ পিছত মই পুনৰ বিশ্বকাপ জয় কৰিবলৈ নামি আহিম। আমাৰ দলটো বৰ ভাল। অহাবাৰ বিশ্বকাপ জয় কৰাৰ ক্ষমতা আমাৰ আছে।''

কিন্তু যদি মেছিয়ে অৱসৰ লয় তেন্তে আৰ্জেণ্টিনাৰ অধিনায়ক কোন হ’ব? মাৰ্টিনেজে কয়- ‘‘এতিয়াৰ বাবে সেই সকলোবোৰ কথা ভাবিবলৈ ইচ্ছুক নহয়। মেছি এতিয়াও বিশ্বকাপত গোল্ডেন গ্ল’ভছৰ মালিক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু