--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডক পৰাস্ত কৰাৰ পিছত দলে উল্লাস কৰাৰ সময়তে লিয়নেল মেছিয়ে তেওঁৰ ওচৰলৈ দৌৰি যায়। বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰাৰ পিছতো মেছিয়ে তেওঁক সাৱটি ধৰি কান্দি থকা দেখা গৈছিল। সেই এমিলিয়ানো মাৰ্টিনেজে ভাৰতৰ কলকাতালৈ আহি ক’লে যে তেওঁ মেছিৰ সৈতে খেলাটো ভাগ্যৰ কথা। মাৰ্টিনেজে কয় যে ভৱিষ্যতে আন কোনো মেছি হ’ব নোৱাৰে৷

আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী গ’লৰক্ষকগৰাকীৰ মতে মেছিয়ে সৰ্বশ্ৰেষ্ঠ। কলকাতাৰ মিলান মেলা চৌহদত দিয়া এক সাক্ষাৎকাৰত মাৰ্টিনেজে কয়- ‘‘মেছি বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ। মেছি একক আৰু অনন্য। ভৱিষ্যতে কোনো মেছি হ’ব নোৱাৰে। মেছিৰ সৈতে খেলাটো মোৰ ভাগ্য ভাল।''

মাৰ্টিনেজৰ মতে ক্রিষ্টিয়ানো ৰোনাল্ডো কেৱল এজন ফুটবলাৰ। তাতকৈ বেছি নহয়। মেছি আৰু ৰোনাল্ডোৰ মাজত তেওঁ মেছিক বহু আগত ৰাখে৷

বিশ্বকাপৰ ফাইনেলত টাইব্ৰেকাৰত ফ্ৰান্সক পৰাস্ত কৰে মাৰ্টিনেজে। মেচৰ পিছত মেছিয়ে তেওঁক যি ক’লে সেই কথা মাৰ্টিনেজে কয়। তেওঁ কয়- “মেছিয়ে আহি মোক ক’লে, তুমি আমাক আগতেও জিকাইছা। আকৌ জয়ী কৰালা। বহুত বহুত ধন্যবাদ।''

তেওঁ কয় যে কাটাৰত আৰ্জেণ্টিনাৰ ফুটবলাৰসকলৰ এটাই লক্ষ্য আছিল, মেছিৰ হৈ কাপ জয় কৰা। তাৰ বাবেই গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাস্ত হ’লেও তেওঁলোকে জয়ী হ’ব বুলি বিশ্বাস কৰিছিল।

ফাইনেলত অতিৰিক্ত সময়ৰ শেষৰ ফালে ফ্ৰান্সৰ ক’ল’ মুয়ানিৰ শ্বট ৰক্ষা কৰে মাৰ্টিনেজে। মাৰ্টিনেজৰ গ’ল ছেভটো বহুত প্ৰশংসা কৰা হৈছে। কলকাতাত উপস্থিত হৈ আৰ্জেণ্টিনাৰ গ’লৰক্ষকগৰাকীয়ে কয়- ‘‘এয়া একেবাৰেই আকস্মিক কাণ্ড নহয়। ইয়াৰ বাবে অনুশীলন কৰিছিল। তাৰ ৰিজাল্ট পালো৷

অহা বছৰ কোপা আমেৰিকা। মাৰ্টিনেজে দ্বিতীয়বাৰৰ বাবে সেই ট্ৰফী লাভ কৰিব বিচাৰিছে। ইয়াৰ পিছত আকৌ বিশ্বকাপ। মাৰ্টিনেজে কয়- ‘‘মই অহা বছৰ কোপা জয় কৰিব বিচাৰো। ইয়াৰ পিছত মই পুনৰ বিশ্বকাপ জয় কৰিবলৈ নামি আহিম। আমাৰ দলটো বৰ ভাল। অহাবাৰ বিশ্বকাপ জয় কৰাৰ ক্ষমতা আমাৰ আছে।''

কিন্তু যদি মেছিয়ে অৱসৰ লয় তেন্তে আৰ্জেণ্টিনাৰ অধিনায়ক কোন হ’ব? মাৰ্টিনেজে কয়- ‘‘এতিয়াৰ বাবে সেই সকলোবোৰ কথা ভাবিবলৈ ইচ্ছুক নহয়। মেছি এতিয়াও বিশ্বকাপত গোল্ডেন গ্ল’ভছৰ মালিক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে