--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) এতিয়ালৈকে আৱিষ্কাৰ হোৱা প্ৰাচীন তাৰকাৰাজ্য তথা গেলেক্সীসমূহৰ ভিতৰত অন্যতম তাৰকাৰাজ্যৰ অস্তিত্ব নিশ্চিত কৰিছে।

Maisie’s Galaxy নামেৰে নামাকৰণ কৰা এই তাৰকাৰাজ্যখন যোৱা গ্ৰীষ্মকালত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আৰু এতিয়া বিগ বেঙৰ প্ৰায় ৩৯ কোটি বছৰৰ পিছত গঠন হোৱাটো নিশ্চিত কৰা হৈছে, যাৰ সবিশেষ প্ৰকাশ হৈছে Nature আলোচনীত।

অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী ষ্টিভেন ফিনকেলষ্টেইনৰ নেতৃত্বত এটা দলে এই আৱিষ্কাৰ কৰে। ফিনকেলষ্টেইনে কয় যে, “মাইছিৰ তাৰকাৰাজ্যখনৰ ৰোমাঞ্চকৰ কথাটো হ’ল যে ই জে ডব্লিউ এছ টিয়ে চিনাক্ত কৰা প্ৰথম দূৰৈৰ তাৰকাৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল, আৰু সেই গোটটোৰ ভিতৰত, ই প্ৰথমটোৱেই হৈছে প্ৰকৃততে বৰ্ণালীবিজ্ঞানৰ দ্বাৰা নিশ্চিত কৰা হৈছে।”

তেওঁৰ কন্যাৰ জন্মদিনত আৱিষ্কাৰ হোৱাৰ বাবেই কন্যাৰ নামেৰেই এই তাৰকাৰাজ্যখনৰ নাম ৰাখিছিল। ফিনকেলষ্টেইনকে ধৰি কচমিক ইভলিউচন আৰলি ৰিলিজ ছায়েন্স চাৰ্ভে (CEERS) দলটোৱে বৰ্তমান আন প্ৰায় ১০টা তাৰকাৰাজ্যৰ মূল্যায়ন কৰি আছে যিবোৰ হয়তো মেইছিৰ তুলনাত আৰু আগৰ যুগৰ হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ