--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰৰ  দক্ষিণ মেৰুত  অৱতৰণৰ বাবে সাজু হৈছে ভাৰতৰ চন্দ্ৰযান-৩ আৰু ৰাছিয়াৰ লুনা-২৫-এ । অহা সপ্তাহত চন্দ্ৰত অৱতৰণৰ বাবে যান দুখনে  সাজু হোৱাৰ লগে লগে  ৰোমাঞ্চকৰ প্ৰতিযোগিতাও আৰম্ভ হৈ গৈছে। যদিও চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে, লুনা-২৫ এও চন্দ্ৰৰ একেটা মেৰুতে অৱতৰণ কৰিব।   

বিষয়টোৱে সমগ্ৰ  বিশ্বব্যাপী সকলোৰে  মনোযোগ আকৰ্ষণ কৰিছে।ভাৰতৰ চন্দ্ৰ অন্বেষণ শৃংখলাৰ তৃতীয় অভিযান চন্দ্ৰযান-৩ য়ে এই বছৰৰ ১৪ জুলাইত যাত্ৰা আৰম্ভ কৰিছিল আৰু ৫ আগষ্টত সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। উৎক্ষেপণৰ ৪০ দিনৰ ভিতৰত চন্দ্ৰত  অৱতৰণৰ প্ৰচেষ্টাৰে  ই সতৰ্কতাৰে ইয়াৰ কক্ষপথ সলনি কৰি আছে।

ৰাছিয়াই ১৯৭৬ চনত ছোভিয়েট যুগৰ লুনা-২৪ অভিযানৰ পিছত প্ৰায় পাঁচ দশকৰ ভিতৰত ১০ আগষ্টত লুনা-২৫ প্ৰেৰণ কৰিছিল। ই চন্দ্ৰলৈ অধিক পোনপটীয়া গতিপথেৰে গৈ আছে, যাৰ ফলত ই ২১  আগষ্টৰ আৰম্ভণিতে প্ৰায় ১১ দিনৰ ভিতৰত চন্দ্ৰত অৱতৰণৰ চেষ্টা কৰিব পাৰে।


"দুখন দেশৰ দুখন  যানে প্ৰায় একে সময়তে চন্দ্ৰৰ একেটা মেৰুকত অৱতৰণ কৰিলে কিবা ক্ষতি হ’ব নেকি?  এই প্ৰসংগত বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিক্সৰ এজন বিজ্ঞানী ক্ৰিছফিন কাৰথিকে কয় "প্ৰতিটো অভিযানৰ পৰা প্ৰাপ্ত জ্ঞানে চন্দ্ৰৰ অতীত আৰু বৰ্তমানৰ সম্ভাৱনাৰ বিষয়ে আমাৰ ধাৰণা  সমৃদ্ধ কৰিব। ই  আমাৰ মিলিত প্ৰচেষ্টাৰ যোগফলত পৰিণত হ’ব ," ।

উল্লেখ্য  লুনা-২৫-ৰ ভৰ মাত্ৰ ১,৭৫০ কিলোগ্ৰাম, চন্দ্ৰযান-৩-ৰ ভৰ ৩,৮০০  কিলোগ্ৰামতকৈ অধিক।"ৰাছিয়াইও চন্দ্ৰ অভিযান আৰম্ভ কৰা দেখি মই আনন্দিত। মহাকাশ অন্বেষণত বিশ্বব্যাপী অংশগ্ৰহণে মানৱীয় কৌতূহল আৰু আৱিষ্কাৰৰ মনোভাৱ বৃদ্ধি কৰিব ," ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে শিৱানে কয়।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু