--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কৃষ্ণগহ্বৰ বহুতৰে বাবে এক আমোদজনক বিষয়৷ কৃষ্ণগহ্বৰে প্ৰায়েই বিজ্ঞানী সকলক বিমোৰত পেলাইছে৷ হাজাৰ চেষ্টা কৰিও তেওঁলোকে কৃষ্ণগহ্বৰৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব পৰা নাই। 
কিন্তু শেহতীয়া এক আৱিষ্কাৰে কৃষ্ণগহ্বৰ সম্পৰ্কে থকা বহু প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে৷ ৱেষ্টাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে   আৱিষ্কাৰ কৰিছে আকাশৰ আটাইতকৈ ডাঙৰ কৃষ্ণ গহ্বৰ জেট ৷ 

 এক মিলিয়ন আলোক বৰ্ষতকৈও অধিক বিস্তৃত এই জেটখনে  প্ৰচুৰ শক্তিৰে পোহৰৰ দৰে গতিত এটা কৃষ্ণগহ্বৰৰ পৰা আঁতৰি যায়।কিন্তু ছায়াপথবোৰৰ মাজত  বিশাল মহাকাশত প্ৰায়েই  ই নিজৰ পথ বিচাৰি নাপায়।

মাত্ৰ ৯৩ নিযুত আলোকবৰ্ষ দূৰত্বত এনজিচি ২৬৬৩  ছায়াপথটো  মহাজাগতিকভাৱে আমাৰ তেনেই কাষত অৱস্থিত৷  যদি ছায়াপথটো আমাৰ এটা ঘৰ হয়, এনজিচি ২৬৬৩  এক উপনগৰৰ দৰে হ'ব।

এটা সাধাৰণ দূৰবীণেৰ জৰিয়তে ইয়াক আমি  ডিম্বাকৃতিৰ যেন দেখোঁ৷  এই জেটবোৰে বিভিন্ন গেছবোৰক  ছায়াপথলৈ ৰূপান্তৰিত কৰে৷ এই প্ৰক্ৰিয়াটোৰ   পোনপটীয়া দৃশ্য  বাৰুকৈয়ে আকৰ্ষণীয়।

যদিও জ্যোতিৰ্বিজ্ঞানীসকলে পূৰ্বেও  এনে ধৰণৰ জেট বিচাৰি পাইছিল, এনজিচি ২৬৬৩ ৰ বৃহৎ  আকাৰ (এক মিলিয়ন আলোক বৰ্ষতকৈও অধিক) আৰু আপেক্ষিক ঘনিষ্ঠতাই   ইয়াক আটাইতকৈ বৃহৎ জেট বুলি স্বীকৃতি দিছে৷

এই বিশেষ গৱেষণাটো ৱেষ্টাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ  শিক্ষাৰ্থী ভেলিবৰে নেতৃত্ব দিছে, আৰু ইয়াক ৰয়েল এষ্ট্ৰোনমিকেল চছাইটিৰ মাহেকীয়া  আলোচনীত প্ৰকাশৰ বাবে গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক