--°C
Loading...
Listen to Article
2 min read
80%


অসমৰ এগৰাকী মহিলা এতিয়া আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত৷ নাম তেওঁৰ হৰ্ষিতা গগৈ। গুৱাহাটীত জন্ম লাভ কৰা হৰ্ষতা গগৈ এগৰাকী পৰিৱেশ বিজ্ঞানী৷ পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে হৰ্ষিতা গগৈয়ে। 

জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে তেওঁ এই প্ৰযুক্তি উদ্ভাৱন কৰিছে৷ হৰ্ষিতা গগৈয়ে উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ দ্বাৰা বৰ্জিত পানীও শোধন কৰিব পৰা যাব৷ বৰ্জিত পানীৰ পৰা সফলতাৰে আঁতৰাব পৰা যাব বিষাক্ত অজৈৱিক পদাৰ্থ৷ ইয়াৰোপৰি পানীত মিহলি  ছালফেটৰ লগতে খনি সমূহৰ পৰা নিৰ্গত বৰ্জিত পানীও নিষ্কাষণ কৰিব পৰা যাব৷ 

ড° হৰ্ষিতা গগৈৰ এই আৱিষ্কাৰে পানী পৰিশোধন লগতে  জলসংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে৷  
 
গুৱাহাটীত জন্ম লাভ কৰা হৰ্ষতা গগৈয়ে গুৱাহাটীতে  শিক্ষা লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি ডিগ্ৰী অৰ্জন কৰে৷ এই ডিগ্ৰী লাভৰ পিছতে তেওঁক ফিনলেণ্ডৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হেলছিংকি আঞ্চলিক পৰিৱেশ সেৱাৰ বাবে নিৰ্বাচিত হয়৷ 

বৰ্তমান তেওঁ ছফটৱেৰ অভিযন্তা প্ৰীমত গগৈৰ পত্নী আৰু দুয়োগৰাকী এতিয়া আমেৰিকাৰ বাসিন্দা। লগতে ড° হৰ্ষিতা গগৈ ইভাকুৱা ৱাটাৰ টেকন’লজি নামৰ কোম্পানীটোৰ গৱেষণা আৰু উন্নয়ন অভিযান্ত্ৰিক প্ৰকল্প মেনেজাৰ  হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ শেহতীয়াকৈ তেওঁ কৰা এই বিশেষ উদ্ভাৱনৰ বাবে পেটেন্ট বিচাৰি আমেৰিকাত আবেদন জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ