--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱট বলীউডৰ ‘কুইন’। প্ৰতিভা আৰু বিতৰ্কৰ বাবে কংগনাৰ জনপ্ৰিয়তা অতুলনীয়। সমান্তৰালভাৱে তেওঁ এগৰাকী চহকী অভিনেত্ৰীও। কিন্তু ইমানবোৰ সত্বেও কংগনাৰ মাকে এতিয়াও শাৰিৰীক শ্ৰম কৰে।

শেহতীয়াকৈ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াকে লৈ বহুজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। ছৱিখনত দেখা গৈছে যে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই সেউজীয়া পথাৰত বহি শস্যৰ যত্ন লৈ আছে। মহিলাগৰাকী আন কোনো নহয়, বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ মাতৃ।

অভিনেত্ৰীগৰাকীৰ মাতৃৰ সৰলতাক বহুতে প্ৰশংসাও কৰে। অনুৰাগীৰ কৌতুহল নিৰসন কৰিবলৈ কংগনাই ছ’চিয়েল মিডিয়া পেজত লিখিছে, “মোৰ টকাৰে মা ধনী হোৱা নাই। ৰাজনীতিবিদ, কূটনীতিবিদ, ব্যৱসায়ী পৰিয়াল এটাৰ কন্যা মই। কিন্তু মোৰ মা যোৱা ২৫ বছৰ ধৰি চৰকাৰী বিদ্যালয় এখনত সংস্কৃত শিক্ষয়িত্ৰী হৈ আছে।’’




অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, ''মুভী মাফিয়াসকলে বুজিব লাগিব যে কাৰ পৰা মই এই ব্যক্তিত্ব লাভ কৰিছো। এই শিক্ষাৰ বাবেই মই কাৰো বিয়াত নাচিব নোৱাৰো।''

কংগনা ইয়াতেই থমকি ৰ’ল। তেওঁ ছচিয়েল মিডিয়াত লিখিছে, "মায়ে প্ৰতিদিনে ৭-৮ ঘণ্টা ধৰি পথাৰত কাম কৰে। বাহিৰত খাবলৈ ভাল নাপায়, বিদেশলৈ নাযায়, আনকি মুম্বাইৰ চিনেমাৰ চেটলৈও যাবলৈ নিবিচাৰে। এইবোৰ কথাত জোৰ দিলে মোক ধমকি দিয়ে।''

কংগনাই কয়- "চিনেমাৰ মাফিয়াসকলে মোক অহংকাৰী বুলি ভাবে। মায়ে মোক ৰুটি নিমখ খাই জীয়াই থাকিবলৈ শিকাইছিল, কিন্তু কেতিয়াও কাৰো ওপৰত হাত পাতিবলৈ নিশিকাইছিল। এয়া মোৰ অহংকাৰ নে মূল্যবোধ?''

শেহতীয়াকৈ কংগনাই অভিনয়ৰ লগতে নিজাকৈ ছবি নিৰ্মাণ কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ কয় যে ‘ইমাৰ্জেন্সি’ ছবিখনৰ খৰচৰ বাবে তেওঁ নিজৰ সম্পত্তি বন্ধকত ৰাখিবলগীয়া হৈছে।

সেই সন্দৰ্ভত কংগনাই লিখিছে, "মোৰ উপাৰ্জনৰ শেষ অংশটো মই নিজাকৈ ছবি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিলোঁ। এতিয়া মোৰ আৰু একো নাই। কিন্তু মাক এনেকৈ কাম কৰা দেখিলেই মোৰ সকলো আছে যেন লাগে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক