--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আৰিয়ানৰ জামিন মঞ্জুৰ হোৱাৰ পাছতে উতফুল্লিত বলীউড কিং শ্বাহৰূখ খান। শ্বাহৰূখৰ মন্নতত এতিয়া হাঁহিৰ ৰোল উঠিছে। পুনৰ সেই পুৰণি ছন্দত বলীউড বাদশ্বাহ। মুখমণ্ডলত আনন্দৰ স্পষ্ট ৰেখ। শেহতীয়াকৈ এখন ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পূজা দাদলানি আৰু আৰিয়ানৰ অধিবক্তাসকলৰ সৈতে কিং খানে থিয় হৈ থকা ছবিখনে এতিয়া ব্যাপক প্ৰচাৰ লাভ কৰিছে। ছবিখন প্ৰস্ফুটিত শ্বাহৰূখৰ হাঁহি। পুত্ৰৰ কথা ভাবি মনতে হয়তো আওৰাইছে ‘দিলৱালে মন্নত লে জায়েঙ্গে।’ উল্লেখ্য যে, বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ানৰ জামিন আবেদন মঞ্জুৰ কৰে। শ্বাহৰূখ -গৌৰীৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ানে অতি সোনকালে ঘৰলৈ উভতি অহাৰ পথ এতিয়া প্ৰশস্ত। স্মৰ্তব্য যে, ৩ অক্টোবৰত মায়ানগৰী মুম্বাইৰ প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক।

৮ অক্টোবৰৰ পৰাই আৰ্থাৰ ৰোডৰ কাৰাগাৰত বন্দী হৈ আছিল আৰিয়ান। বিগত ২৫ দিনত কেইবাবাৰো জামিনৰ বাবে আবেদন কৰিছিল শ্বাহৰূখে। কিন্তু আদালতৰ শুনানিত বিফল মনোৰথেৰে মন্নতলৈ উভতিছিল বাদশ্বাহে। প্ৰিয় পুত্ৰৰ জামিনৰ বাবে কেইবাজন অধিবক্তাও সাল-সলনি কৰিছিল বাদশ্বাহে। বাৰে বাৰে জামিন আবেদন কাৰিজ হোৱাৰ পাছত শ্বাহৰূখে প্ৰয়োগ কৰিছিল ব্ৰহ্মাস্ত্ৰ। ওচৰ চাপিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীৰ। মুকুল ৰোহতগীৰ সবল যুক্তি আৰু তৎপৰতাৰ বাবে অৱশেষত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহে আৰিয়ান! এই খবৰ প্ৰকাশ পোৱাৰ পাছতে আনন্দত আত্মহাৰা হৈ পৰিছে শ্বাহৰূখ খান। পুত্ৰত কাষত পাবলৈ ব্যগ্ৰ হৈ পৰিছে শ্বাহৰূখ,উদ্বাউল গৌৰী। পুত্ৰ আগমনত কি কৰিব কি নকৰিব এক থৈয়া-নথৈয়া পৰিৱেশে বিৰাজ কৰিছে শ্বাহৰূখৰ মন্নতত।

অৱশ্যে, জামিন পালেও নিশাটো কাৰাগাৰত কটাবলগীয়া হয় আৰিয়ানে। আৰিয়ানৰ অধিবক্তা সকলে সদৰী কৰা মতে, নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি শুকুৰবাৰে নতুবা শনিবাৰেহে ঘৰলৈ উভতাৰ সম্ভাৱনা আছে আৰিয়ানৰ। আদালতে জামিন মঞ্জুৰ কৰিলেও ৰায়ৰ প্ৰতিলিপি অধিবক্তাসকলৰ হাতলৈ আহিবলৈ বাকী আছে। এইভাগ কাম আগবঢ়াৰ লগে লগে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ইয়াৰে এটা প্ৰতিলিপি আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব। আৰু তেতিয়াহে আৰিয়ান কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব। শ্বাহৰূখ পুত্ৰৰ মুক্তিৰ পাছতে চৰ্চিত হৈছে মুকুল ৰোহতগীৰ নাম।

আৰু পঢ়কঃ আৰিয়ানৰ জামিনে গা-টেঙাইছে কাৰ ? কোনে দিলে ‘পিকচাৰ অভি বাকী হ্যায়’ৰ শ্ল’গান ?

মুকুলৰ কেৰিয়াৰ ৰঙীন। দেশৰ সৰ্বোচ্চ ৰাজনৈতিক কৰিডৰত তেওঁ এক অনন্য আৰু অদ্বিতীয় হিচাপে খোজ দিছে। প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ঘনিষ্ঠ বন্ধু মুকুলে দাঙ্গাৰ গোচৰত গুজৰাট চৰকাৰৰ হৈ এটা গোচৰ তৰিছিল। তাতো মুকুলে লাভ কৰিছিল সাফল্য। ২০১৪ চনৰ পৰা ২০১৭ চনলৈ দেশৰ এটৰ্নী জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰে মুকুল ৰোহতগীয়ে। ২০১৯ত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰতো প্ৰতিদ্বন্দ্ৱিতা আগবঢ়াইছিল মুকুলে। শ্বাহৰূখ এনে এগৰাকী অভিজ্ঞ প্ৰবীণ অধিবক্তাক তেওঁৰ পুত্ৰৰ বাবে যুঁজ দিবলৈ কাকূতি কৰিছিল। অৱশেষত শ্বাহৰূখে ভবা মতেই সকলো হ’ল। স্বাভাৱিকতে, ইয়াক 'মুকুল মেজিক'ৰ বাহিৰে আন কি বুলি ক'ব পাৰি….?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু