--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আৰিয়ানৰ জামিন মঞ্জুৰ হোৱাৰ পাছতে উতফুল্লিত বলীউড কিং শ্বাহৰূখ খান। শ্বাহৰূখৰ মন্নতত এতিয়া হাঁহিৰ ৰোল উঠিছে। পুনৰ সেই পুৰণি ছন্দত বলীউড বাদশ্বাহ। মুখমণ্ডলত আনন্দৰ স্পষ্ট ৰেখ। শেহতীয়াকৈ এখন ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পূজা দাদলানি আৰু আৰিয়ানৰ অধিবক্তাসকলৰ সৈতে কিং খানে থিয় হৈ থকা ছবিখনে এতিয়া ব্যাপক প্ৰচাৰ লাভ কৰিছে। ছবিখন প্ৰস্ফুটিত শ্বাহৰূখৰ হাঁহি। পুত্ৰৰ কথা ভাবি মনতে হয়তো আওৰাইছে ‘দিলৱালে মন্নত লে জায়েঙ্গে।’ উল্লেখ্য যে, বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ানৰ জামিন আবেদন মঞ্জুৰ কৰে। শ্বাহৰূখ -গৌৰীৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ানে অতি সোনকালে ঘৰলৈ উভতি অহাৰ পথ এতিয়া প্ৰশস্ত। স্মৰ্তব্য যে, ৩ অক্টোবৰত মায়ানগৰী মুম্বাইৰ প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক।

৮ অক্টোবৰৰ পৰাই আৰ্থাৰ ৰোডৰ কাৰাগাৰত বন্দী হৈ আছিল আৰিয়ান। বিগত ২৫ দিনত কেইবাবাৰো জামিনৰ বাবে আবেদন কৰিছিল শ্বাহৰূখে। কিন্তু আদালতৰ শুনানিত বিফল মনোৰথেৰে মন্নতলৈ উভতিছিল বাদশ্বাহে। প্ৰিয় পুত্ৰৰ জামিনৰ বাবে কেইবাজন অধিবক্তাও সাল-সলনি কৰিছিল বাদশ্বাহে। বাৰে বাৰে জামিন আবেদন কাৰিজ হোৱাৰ পাছত শ্বাহৰূখে প্ৰয়োগ কৰিছিল ব্ৰহ্মাস্ত্ৰ। ওচৰ চাপিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীৰ। মুকুল ৰোহতগীৰ সবল যুক্তি আৰু তৎপৰতাৰ বাবে অৱশেষত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহে আৰিয়ান! এই খবৰ প্ৰকাশ পোৱাৰ পাছতে আনন্দত আত্মহাৰা হৈ পৰিছে শ্বাহৰূখ খান। পুত্ৰত কাষত পাবলৈ ব্যগ্ৰ হৈ পৰিছে শ্বাহৰূখ,উদ্বাউল গৌৰী। পুত্ৰ আগমনত কি কৰিব কি নকৰিব এক থৈয়া-নথৈয়া পৰিৱেশে বিৰাজ কৰিছে শ্বাহৰূখৰ মন্নতত।

অৱশ্যে, জামিন পালেও নিশাটো কাৰাগাৰত কটাবলগীয়া হয় আৰিয়ানে। আৰিয়ানৰ অধিবক্তা সকলে সদৰী কৰা মতে, নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি শুকুৰবাৰে নতুবা শনিবাৰেহে ঘৰলৈ উভতাৰ সম্ভাৱনা আছে আৰিয়ানৰ। আদালতে জামিন মঞ্জুৰ কৰিলেও ৰায়ৰ প্ৰতিলিপি অধিবক্তাসকলৰ হাতলৈ আহিবলৈ বাকী আছে। এইভাগ কাম আগবঢ়াৰ লগে লগে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ইয়াৰে এটা প্ৰতিলিপি আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব। আৰু তেতিয়াহে আৰিয়ান কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব। শ্বাহৰূখ পুত্ৰৰ মুক্তিৰ পাছতে চৰ্চিত হৈছে মুকুল ৰোহতগীৰ নাম।

আৰু পঢ়কঃ আৰিয়ানৰ জামিনে গা-টেঙাইছে কাৰ ? কোনে দিলে ‘পিকচাৰ অভি বাকী হ্যায়’ৰ শ্ল’গান ?

মুকুলৰ কেৰিয়াৰ ৰঙীন। দেশৰ সৰ্বোচ্চ ৰাজনৈতিক কৰিডৰত তেওঁ এক অনন্য আৰু অদ্বিতীয় হিচাপে খোজ দিছে। প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ঘনিষ্ঠ বন্ধু মুকুলে দাঙ্গাৰ গোচৰত গুজৰাট চৰকাৰৰ হৈ এটা গোচৰ তৰিছিল। তাতো মুকুলে লাভ কৰিছিল সাফল্য। ২০১৪ চনৰ পৰা ২০১৭ চনলৈ দেশৰ এটৰ্নী জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰে মুকুল ৰোহতগীয়ে। ২০১৯ত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰতো প্ৰতিদ্বন্দ্ৱিতা আগবঢ়াইছিল মুকুলে। শ্বাহৰূখ এনে এগৰাকী অভিজ্ঞ প্ৰবীণ অধিবক্তাক তেওঁৰ পুত্ৰৰ বাবে যুঁজ দিবলৈ কাকূতি কৰিছিল। অৱশেষত শ্বাহৰূখে ভবা মতেই সকলো হ’ল। স্বাভাৱিকতে, ইয়াক 'মুকুল মেজিক'ৰ বাহিৰে আন কি বুলি ক'ব পাৰি….?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ