--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰিয়ান খানৰ ড্ৰাগছ কাণ্ডৰ অনুসন্ধানকালত হোৱা বহুকেইটা আঁসোৱাহৰ তথ্য লাভ কৰিছে নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰো, চমুকৈ এনচিবিয়ে। বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰগৰাকীক অনুসন্ধান কৰা সময়ত এনচিবিৰ আঠজনকৈ বিষয়াই ‘সন্দেহজনক আচৰণ’ কৰিছিল। 

উল্লেখ্য যে আৰিয়ান খান কাণ্ডক লৈ এনচিবিয়ে ব্যাপক হাৰত লজ্জিত হৈ আহিছে। প্ৰথমে মে’ মাহত আৰিয়ান খানক দোষমুক্ত কৰা হয় আৰু এতিয়া এজেন্সিটোৰ বিষয়াৰ ওপৰতে ‘সন্দেহজনক আচৰণ’ৰ তথ্য লাভ কৰা গৈছে। কোৱা হৈছে যে আৰিয়ান খানৰ ওপৰত কোনো ‘নিৰ্ভৰযোগ্য সাক্ষ্য’ নোহোৱাকৈ তেওঁক দোষী সজোৱা হৈছিল।

মঙলবাৰে বিভাগীয় সূত্ৰই প্ৰকাশ কৰামতে, এনচিবিৰ বিষয়াকেইগৰাকীৰ ওপৰত এখন বিশেষ অনুসন্ধান আয়োগ গঠন কৰা হৈছে। আয়োগে এনচিবিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এখনি প্ৰতিবেদন দাখিল কৰিছে।

অনুসন্ধানকালত ৬৫জন লোকৰ ভাষ্য লোৱা হৈছে বুলি জানিব পৰা গৈছে। আৰিয়ান খানক ধন দাবী কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগো ইয়াত সন্নিৱিষ্ট হৈছে।

উল্লেখযোগ্য যে আৰিয়ান খানকে ধৰি ২০গৰাকী লোকক যোৱা বৰ্ষৰ অক্টোবৰ মাহত মুম্বাইৰ এখন ক্ৰুইজ জাহাজৰ পৰা ড্ৰাগছ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰত তিনি সপ্তাহ কটোৱাৰ পাছত তেওঁ জামিন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement