--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰিয়ান খানৰ ড্ৰাগছ কাণ্ডৰ অনুসন্ধানকালত হোৱা বহুকেইটা আঁসোৱাহৰ তথ্য লাভ কৰিছে নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰো, চমুকৈ এনচিবিয়ে। বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰগৰাকীক অনুসন্ধান কৰা সময়ত এনচিবিৰ আঠজনকৈ বিষয়াই ‘সন্দেহজনক আচৰণ’ কৰিছিল। 

উল্লেখ্য যে আৰিয়ান খান কাণ্ডক লৈ এনচিবিয়ে ব্যাপক হাৰত লজ্জিত হৈ আহিছে। প্ৰথমে মে’ মাহত আৰিয়ান খানক দোষমুক্ত কৰা হয় আৰু এতিয়া এজেন্সিটোৰ বিষয়াৰ ওপৰতে ‘সন্দেহজনক আচৰণ’ৰ তথ্য লাভ কৰা গৈছে। কোৱা হৈছে যে আৰিয়ান খানৰ ওপৰত কোনো ‘নিৰ্ভৰযোগ্য সাক্ষ্য’ নোহোৱাকৈ তেওঁক দোষী সজোৱা হৈছিল।

মঙলবাৰে বিভাগীয় সূত্ৰই প্ৰকাশ কৰামতে, এনচিবিৰ বিষয়াকেইগৰাকীৰ ওপৰত এখন বিশেষ অনুসন্ধান আয়োগ গঠন কৰা হৈছে। আয়োগে এনচিবিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এখনি প্ৰতিবেদন দাখিল কৰিছে।

অনুসন্ধানকালত ৬৫জন লোকৰ ভাষ্য লোৱা হৈছে বুলি জানিব পৰা গৈছে। আৰিয়ান খানক ধন দাবী কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগো ইয়াত সন্নিৱিষ্ট হৈছে।

উল্লেখযোগ্য যে আৰিয়ান খানকে ধৰি ২০গৰাকী লোকক যোৱা বৰ্ষৰ অক্টোবৰ মাহত মুম্বাইৰ এখন ক্ৰুইজ জাহাজৰ পৰা ড্ৰাগছ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰত তিনি সপ্তাহ কটোৱাৰ পাছত তেওঁ জামিন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু