--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দমকল আৰু দমকলটোত পানী নোলায়। পানীৰ সলনি উলায় আহে মদ! হয়তো মদ্যপায়ীসকলৰ বাবে সুন্দৰ সপোন যেন লাগিব পাৰে কিন্তু এনেধৰণৰেই এটা আজৱ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত।

ৰাজ্যখনৰ গুনা নামৰ অঞ্চলটোত পোৱা গৈছে এটা দমকল। দমকলটো পাম্পিং কৰিলেই পানীৰ সলনি মদ উলাই আহে।
অঞ্চলটোত অবৈধ মদৰ বিৰুদ্ধে আবকাৰী বিভাগে এটা অভিযান চলাইছিল। অভিযানকালত মাটিৰ ৭ ফুট তলৰ পাইপত অবৈধ মদ লুকুৱাই ৰখা পোৱা গ’ল। তাৰ ওপৰতে আছে দমকল। অৰ্থাৎ দমকলটো পাম্প কৰিলেই মদখিনি ওলাই আহে। ইতিমধ্যে আৰক্ষীয়ে দমকলটো আৰু মদখিনি জব্দ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত আঠজন লোকক চিহ্নিত কৰিছে। কিন্তু কোনো অভিযুক্তক আটক কৰিব পৰা হোৱা নাই। জানিব পৰা মতে, অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়ালেই এই অবৈধ মদৰ ব্যৱসায়ৰ স’তে জড়িত। কাষৰ হাবিত এই অবৈধ মদসমূহ লুকুৱাই ৰখা হয়। আনকি আৰক্ষী আহিলে মদৰ ব্যৱসায়ৰ স’তে জড়িত থকা লোকসকল সেই হাবিতে গৈ আত্মগোপন কৰি থাকে।

উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ শিৱৰাজ চৌহান নেতৃত্বাধিন চৰকাৰে অবৈধ মদৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই অনুসৰি ৰাজ্যখনৰ কেইবাটাও অঞ্চলত এনেধৰণৰ অবৈধ মদৰ ঘাটি উৎখাট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক