--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দমকল আৰু দমকলটোত পানী নোলায়। পানীৰ সলনি উলায় আহে মদ! হয়তো মদ্যপায়ীসকলৰ বাবে সুন্দৰ সপোন যেন লাগিব পাৰে কিন্তু এনেধৰণৰেই এটা আজৱ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত।

ৰাজ্যখনৰ গুনা নামৰ অঞ্চলটোত পোৱা গৈছে এটা দমকল। দমকলটো পাম্পিং কৰিলেই পানীৰ সলনি মদ উলাই আহে।
অঞ্চলটোত অবৈধ মদৰ বিৰুদ্ধে আবকাৰী বিভাগে এটা অভিযান চলাইছিল। অভিযানকালত মাটিৰ ৭ ফুট তলৰ পাইপত অবৈধ মদ লুকুৱাই ৰখা পোৱা গ’ল। তাৰ ওপৰতে আছে দমকল। অৰ্থাৎ দমকলটো পাম্প কৰিলেই মদখিনি ওলাই আহে। ইতিমধ্যে আৰক্ষীয়ে দমকলটো আৰু মদখিনি জব্দ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত আঠজন লোকক চিহ্নিত কৰিছে। কিন্তু কোনো অভিযুক্তক আটক কৰিব পৰা হোৱা নাই। জানিব পৰা মতে, অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়ালেই এই অবৈধ মদৰ ব্যৱসায়ৰ স’তে জড়িত। কাষৰ হাবিত এই অবৈধ মদসমূহ লুকুৱাই ৰখা হয়। আনকি আৰক্ষী আহিলে মদৰ ব্যৱসায়ৰ স’তে জড়িত থকা লোকসকল সেই হাবিতে গৈ আত্মগোপন কৰি থাকে।

উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ শিৱৰাজ চৌহান নেতৃত্বাধিন চৰকাৰে অবৈধ মদৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই অনুসৰি ৰাজ্যখনৰ কেইবাটাও অঞ্চলত এনেধৰণৰ অবৈধ মদৰ ঘাটি উৎখাট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু