--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া কাশ্মীৰৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত আপুনি বিয়েৰ পান কৰিব পাৰিব। জম্মু আৰু কাশ্মীৰত এতিয়াৰে পৰা বৈধ হ’ব বিয়েৰৰ বিক্ৰী।

 

কেন্দ্ৰীয় শাসিত ৰাজ্যখনত শেহতীয়াকৈ সুৰা বিক্ৰীৰ অনুজ্ঞাৰ ক্ষেত্ৰত কিছু উদাৰবাদী নীতি গ্ৰহণ কৰা হৈছে। সেই অনুসৰি চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত দোকানসমূহে সুৰা বিক্ৰী কৰিব পাৰিব।

 

জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাৰ দ্বাৰা গঠিত দ্যা এডমিনিষ্ট্ৰেটিভ কাউন্সিলে এই প্ৰস্তাৱটোত অনুমোদন জনাইছে। এই অনুসৰি, ৰাজ্যখনৰ নগৰাঞ্চলত বিয়েৰ আৰু অন্যান্য পানীয়সমূহ বিক্ৰী কৰিব পৰা যাব। ইয়াৰ বাবে কাশ্মীৰৰ সুৰা বিক্ৰীৰ নিয়মাৱলীসমূহ সালসলনি কৰা হৈছে।

 

আনহাতে, উপৰাজ্যপালৰ এই পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিজেপি। জ্যেষ্ঠ বিজেপি নেতা তথা কাশ্মীৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী কাভিন্দৰ গুপ্তাই কয় যে কাশ্মীৰৰ হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত ই আঘাট হানিছে।

ৰাজ্যপালৰ সিদ্ধান্তটোক পুনৰীক্ষণ কৰিবলৈ আহ্বান জনাই গুপ্তাই কয় যে জম্মু এখন মঠনগৰী। সেয়ে জম্মুৰ দৰে এখন পৱিত্ৰ স্থানত সুৰা বিক্ৰী কৰাক লৈ তেওঁ আপত্তি প্ৰদৰ্শন কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক