--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়াই কাৰোবাৰ মৃত্যু হয় তেতিয়াই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পৰিয়ালৰ মানুহে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে, কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে মানুহে জীয়াই থাকোতেই নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামগ্ৰী কিনি থৈ দিয়ে। হয়, এনে এখন দেশ আছে য’ত মানুহে মৃত্যুৰ আগতেই নিজৰ বাবে কফিন, কাপোৰ তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কিনি থয়। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ বাবে এটা উৎসৱৰো আয়োজন কৰা হয়, এই উৎসৱক ‘শ্বুকাটছু ফেষ্টা’ বুলি কোৱা হয়।

এই নিয়ম পালন কৰা হয় জাপানত। জাপান এখন দেশ য’ত জীৱিত মানুহে নিজৰ মৃত্যুৰ পাছত কৰিবলগীয়া অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি থয়। মৃত্যুৰ পাছৰ পৰিণতিৰ বাবে প্ৰস্তুতি চলোৱাটো কোনো ধেমালি কথা নহয়। জাপানৰ ৰাজধানী টকিঅ’ত অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱসায়িক মেলা অনুষ্ঠিত হয় আৰু ইয়ালৈ মানুহ বজাৰ কৰিবলৈ আহে। প্ৰতি বছৰে ১৬ ডিচেম্বৰ তাৰিখে ‘শ্বুকাটছু উৎসৱ’ উদযাপন কৰা হয়। 


‘শ্বুকাটছু ফেষ্টা’ত অংশগ্ৰহণকাৰীসকলে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাজ-পোছাক বাছি লয়, ফুলেৰে ভৰা কফিনৰ ভিতৰত সোমাই ফটোৰ বাবে প’জ দিয়ে। কেৱল এয়াই নহয়, মানুহে কবৰস্থানৰ প্লটো কিনি থয়।

মৃত্যু এনেকুৱা এটা বিষয় যাৰ বিষয়ে মানুহে হয়তো ভাবিবলৈ ভয় কৰে। টকিঅ’ৰ ‘শ্বুকাটছু ফেষ্টা’ত মানুহক আচলতে মৃত্যুৰ বাবে কেনেকৈ সঠিকভাৱে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে শিকোৱা হয়। জাপানী ভাষাত ‘শ্বুকাটছু’ মানে নিজৰ চিৰবিদায়ৰ বাবে প্ৰস্তুতি চলোৱা।

মৃত্যুৰ পিছত কি হয় আৰু মৃত্যুৰ পাছত তেওঁৰ আপোন মানুহসকলৰ কি হ’ব সেই বিষয়ে মানুহক সজাগ কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। মৃত্যুৰ পিছত মানুহৰ মৃতদেহক কেনেকৈ অন্ত্যেষ্টিক্ৰিয়া কৰিব লাগে সেই বিষয়েও শিকোৱা হয়।


এই উৎসৱত সকলো বয়সৰ লোকেই আনন্দৰে অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক যুৱক-যুৱতীয়েও ‘শ্বুকাটছু ফেষ্টা’ত হাঁহিমুখে অংশগ্ৰহণ কৰে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট