--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়াই কাৰোবাৰ মৃত্যু হয় তেতিয়াই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পৰিয়ালৰ মানুহে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে, কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে মানুহে জীয়াই থাকোতেই নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামগ্ৰী কিনি থৈ দিয়ে। হয়, এনে এখন দেশ আছে য’ত মানুহে মৃত্যুৰ আগতেই নিজৰ বাবে কফিন, কাপোৰ তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কিনি থয়। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ বাবে এটা উৎসৱৰো আয়োজন কৰা হয়, এই উৎসৱক ‘শ্বুকাটছু ফেষ্টা’ বুলি কোৱা হয়।

এই নিয়ম পালন কৰা হয় জাপানত। জাপান এখন দেশ য’ত জীৱিত মানুহে নিজৰ মৃত্যুৰ পাছত কৰিবলগীয়া অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি থয়। মৃত্যুৰ পাছৰ পৰিণতিৰ বাবে প্ৰস্তুতি চলোৱাটো কোনো ধেমালি কথা নহয়। জাপানৰ ৰাজধানী টকিঅ’ত অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱসায়িক মেলা অনুষ্ঠিত হয় আৰু ইয়ালৈ মানুহ বজাৰ কৰিবলৈ আহে। প্ৰতি বছৰে ১৬ ডিচেম্বৰ তাৰিখে ‘শ্বুকাটছু উৎসৱ’ উদযাপন কৰা হয়। 


‘শ্বুকাটছু ফেষ্টা’ত অংশগ্ৰহণকাৰীসকলে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাজ-পোছাক বাছি লয়, ফুলেৰে ভৰা কফিনৰ ভিতৰত সোমাই ফটোৰ বাবে প’জ দিয়ে। কেৱল এয়াই নহয়, মানুহে কবৰস্থানৰ প্লটো কিনি থয়।

মৃত্যু এনেকুৱা এটা বিষয় যাৰ বিষয়ে মানুহে হয়তো ভাবিবলৈ ভয় কৰে। টকিঅ’ৰ ‘শ্বুকাটছু ফেষ্টা’ত মানুহক আচলতে মৃত্যুৰ বাবে কেনেকৈ সঠিকভাৱে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে শিকোৱা হয়। জাপানী ভাষাত ‘শ্বুকাটছু’ মানে নিজৰ চিৰবিদায়ৰ বাবে প্ৰস্তুতি চলোৱা।

মৃত্যুৰ পিছত কি হয় আৰু মৃত্যুৰ পাছত তেওঁৰ আপোন মানুহসকলৰ কি হ’ব সেই বিষয়ে মানুহক সজাগ কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। মৃত্যুৰ পিছত মানুহৰ মৃতদেহক কেনেকৈ অন্ত্যেষ্টিক্ৰিয়া কৰিব লাগে সেই বিষয়েও শিকোৱা হয়।


এই উৎসৱত সকলো বয়সৰ লোকেই আনন্দৰে অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক যুৱক-যুৱতীয়েও ‘শ্বুকাটছু ফেষ্টা’ত হাঁহিমুখে অংশগ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান