--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেতিয়াই কাৰোবাৰ মৃত্যু হয়, তেতিয়াই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্নৰ বাবে আত্মীয়-স্বজনে সামগ্ৰী কিনা দেখা যায়, কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে মানুহে জীয়াই থকাৰ সময়তে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামগ্ৰী কিনি লয়। হয়, এনে এখন দেশ আছে য’ত মানুহে মৃত্যুৰ আগতেই নিজৰ বাবে পচন্দৰ কবৰ, কাপোৰ, কফিন ইত্যাদিৰ শ্বপিং কৰে। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ বাবে এটা উৎসৱৰো আয়োজন কৰা হয়, যাক শ্বুকাটছু উৎসৱ নামেৰে জনাজাত।

 জাপান এখন দেশ য’ত জীৱিত মানুহে মৃত্যুৰ বাবে নিজৰ পচন্দৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে। মৃত্যুৰ পাছৰ পৰিণতিৰ বাবে প্ৰস্তুতি চলোৱাটো কোনো সহজ কথা নহয়। ৰাজধানী টকিঅ’ত এখন অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱসায়িক মেলা অনুষ্ঠিত হয় আৰু ইয়াকে লৈ সেই দেশৰ নাগৰিকসকল উৎসাহিত হৈ বজাৰ কৰিবলৈ আহে। প্ৰতি বছৰে ১৬ ডিচেম্বৰত ‘শ্বুকাটছু উৎসৱ’ উদযাপন কৰা হয়।

 এই উৎসৱক ‘শ্বুকাটছু ফেষ্টা’ বুলিও কোৱা হয়। অংশগ্ৰহণকাৰীসকলে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাজ-পোছাক বাছি লয়, ফুলেৰে ভৰা কফিনৰ বাবে ৰছীদ কাটি সেই কফিনত ফটোৰ বাবে প’জ দিয়ে। কেৱল এয়াই নহয়, মানুহে কবৰস্থানত প্লটো আগতীয়াকৈ কিনি ৰাখে। মৃত্যু এনে এক বিষয়, যাৰ কথা মানুহৰ হয়তো মনলৈ নাহে। টকিঅ’ৰ শ্বুকাটছু উৎসৱত আচলতে মৃত্যুৰ বাবে কেনেকৈ সঠিকভাৱে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে শিকোৱা হয়। জাপানী ভাষাত ‘শ্বুকাটছু’ মানে নিজৰ অন্তৰায়ৰ বাবে প্ৰস্তুতি চলোৱা। মৃত্যু লৈ এই দেশত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে। ইয়াৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম হৈছে ‘এণ্ডিং ইণ্ডাষ্ট্ৰী’। মৃত্যুৰ পাছত কি হয় আৰু মৃত্যুৰ পাছত যিসকল ৰৈ যায় তেওঁলোকৰ কি হ’ব সেই বিষয়ে মানুহক সজাগ কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। দৰ্শনাৰ্থীক মৃত্যুৰ পাছত মানুহৰ মৃতদেহ কেনেকৈ সজাই তুলিব লাগে সেই বিষয়ে শিকোৱা হয়।

 স্মৰ্তব্য যে জাপানত কেৱল বিশ্বৰ আটাইতকৈ পুৰণি জনসংখ্যাই নহয়, ইয়াত সৰ্বাধিক অন্ত্যেষ্টিক্ৰিয়া উদ্যোগো আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই উৎসৱ কেৱল বৃদ্ধসকলৰ স্বাৰ্থতহে। ইয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বৃহৎসংখ্যক যুৱক-যুৱতীও অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়