--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেতিয়াই কাৰোবাৰ মৃত্যু হয়, তেতিয়াই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্নৰ বাবে আত্মীয়-স্বজনে সামগ্ৰী কিনা দেখা যায়, কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে মানুহে জীয়াই থকাৰ সময়তে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামগ্ৰী কিনি লয়। হয়, এনে এখন দেশ আছে য’ত মানুহে মৃত্যুৰ আগতেই নিজৰ বাবে পচন্দৰ কবৰ, কাপোৰ, কফিন ইত্যাদিৰ শ্বপিং কৰে। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ বাবে এটা উৎসৱৰো আয়োজন কৰা হয়, যাক শ্বুকাটছু উৎসৱ নামেৰে জনাজাত।

 জাপান এখন দেশ য’ত জীৱিত মানুহে মৃত্যুৰ বাবে নিজৰ পচন্দৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে। মৃত্যুৰ পাছৰ পৰিণতিৰ বাবে প্ৰস্তুতি চলোৱাটো কোনো সহজ কথা নহয়। ৰাজধানী টকিঅ’ত এখন অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱসায়িক মেলা অনুষ্ঠিত হয় আৰু ইয়াকে লৈ সেই দেশৰ নাগৰিকসকল উৎসাহিত হৈ বজাৰ কৰিবলৈ আহে। প্ৰতি বছৰে ১৬ ডিচেম্বৰত ‘শ্বুকাটছু উৎসৱ’ উদযাপন কৰা হয়।

 এই উৎসৱক ‘শ্বুকাটছু ফেষ্টা’ বুলিও কোৱা হয়। অংশগ্ৰহণকাৰীসকলে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাজ-পোছাক বাছি লয়, ফুলেৰে ভৰা কফিনৰ বাবে ৰছীদ কাটি সেই কফিনত ফটোৰ বাবে প’জ দিয়ে। কেৱল এয়াই নহয়, মানুহে কবৰস্থানত প্লটো আগতীয়াকৈ কিনি ৰাখে। মৃত্যু এনে এক বিষয়, যাৰ কথা মানুহৰ হয়তো মনলৈ নাহে। টকিঅ’ৰ শ্বুকাটছু উৎসৱত আচলতে মৃত্যুৰ বাবে কেনেকৈ সঠিকভাৱে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে শিকোৱা হয়। জাপানী ভাষাত ‘শ্বুকাটছু’ মানে নিজৰ অন্তৰায়ৰ বাবে প্ৰস্তুতি চলোৱা। মৃত্যু লৈ এই দেশত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে। ইয়াৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম হৈছে ‘এণ্ডিং ইণ্ডাষ্ট্ৰী’। মৃত্যুৰ পাছত কি হয় আৰু মৃত্যুৰ পাছত যিসকল ৰৈ যায় তেওঁলোকৰ কি হ’ব সেই বিষয়ে মানুহক সজাগ কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। দৰ্শনাৰ্থীক মৃত্যুৰ পাছত মানুহৰ মৃতদেহ কেনেকৈ সজাই তুলিব লাগে সেই বিষয়ে শিকোৱা হয়।

 স্মৰ্তব্য যে জাপানত কেৱল বিশ্বৰ আটাইতকৈ পুৰণি জনসংখ্যাই নহয়, ইয়াত সৰ্বাধিক অন্ত্যেষ্টিক্ৰিয়া উদ্যোগো আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই উৎসৱ কেৱল বৃদ্ধসকলৰ স্বাৰ্থতহে। ইয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বৃহৎসংখ্যক যুৱক-যুৱতীও অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ