--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজহুৱাভাৱে, সকলোৰে চকুৰ সন্মুখত ৬০ ফুট দীঘল এখন  দলং চুৰি হৈছে! বিহাৰৰ ৰৌহতাচ জিলাত এই ঘটনাটো সংঘটিত হৈছে। স্থানীয় সূত্ৰ অনুসৰি, দলংখন দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা হোৱা নাছিল। চৰকাৰী বিভাগৰ লোক বুলি পৰিচয় দি এই চুৰি কাণ্ড সংঘটিত কৰিছিল।

স্থানীয়লোকসকলে কয় যে তেওঁলোক জলসিঞ্চন বিভাগৰ বিষয়া বুলি পৰিচয় দিছিল। তাৰ পিছত, দলংখন গেছ কাটাৰেৰে কাটি খুলি দিছিল। তেওঁলোকক চৰকাৰী বিষয়া বুলি ভাবি কোনেও তেওঁলোকৰ কামত বাধা দিয়া নাছিল। ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁলোক ভুৱা বুলি গম পোৱা গৈছিল!

ঘটনাটোক লৈ একাংশলোকৰ খং উঠাপ পৰিৱৰ্তে, বহুতে বিষয়টোক উপহাস কৰিবলৈ আৰম্ভ কৰিছে! বহুতে আকৌ  চোৰৰ এনে কঠোৰ অভিযানৰ দ্বাৰা অভিভূত হৈছে!

জলসিঞ্চন বিভাগৰ হৈ এজন কনিষ্ঠ অভিযন্তা আৰ্শাদ কমল শামচিয়ে কৈছিল যে তেওঁলোকে গাওঁবাসীৰ পৰা এই অদ্ভুত ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছিল। প্ৰথমে, তেওঁলোকে গেছ কাটাৰেৰে দলংখনৰ কিছু অংশ কাটি পেলাইছিল। ঘটনাটোৰ বিষয়ে গম পোৱাৰ পাছত স্থানীয় আৰক্ষী থানাত জলসিঞ্চন বিভাগে এটা অভিযোগ দাখিল কৰিছিল।

 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আৰ্শাদে কয়, "গাওঁবাসীয়ে ইয়ালৈ আহি কয় যে জলসিঞ্চন বিভাগৰ কিছুবিষয়া দলঙৰ ওচৰলৈ আহিছিল। তেওঁলোকে সেই অব্যৱহৃত দলংখন সামগ্ৰী চুৰ কৰি লৈ গৈছে! তেওঁলোকৰ লগত গেছ কাটাৰ আৰু জেচিবি যন্ত্ৰ আছিল। "এই কথা শুনি জলসিঞ্চন বিভাগৰ প্ৰকৃত বিষয়াসকল হতবাক হৈ পৰিছিল। কিন্তু যি ঘটিছে সেয়াই সঁচা।

দলংখন ১৯৭২ চনত নিৰ্মাণ কৰা হৈছিল। পাছত, উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে, দলংখন ব্যৱহাৰৰ অযোগ্য হৈ পৰে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে সকলো বোৰ জনা স্বত্বেও প্ৰশাসনে ইয়াক মেৰামতি কৰিবলৈ কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন