--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজহুৱাভাৱে, সকলোৰে চকুৰ সন্মুখত ৬০ ফুট দীঘল এখন  দলং চুৰি হৈছে! বিহাৰৰ ৰৌহতাচ জিলাত এই ঘটনাটো সংঘটিত হৈছে। স্থানীয় সূত্ৰ অনুসৰি, দলংখন দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা হোৱা নাছিল। চৰকাৰী বিভাগৰ লোক বুলি পৰিচয় দি এই চুৰি কাণ্ড সংঘটিত কৰিছিল।

স্থানীয়লোকসকলে কয় যে তেওঁলোক জলসিঞ্চন বিভাগৰ বিষয়া বুলি পৰিচয় দিছিল। তাৰ পিছত, দলংখন গেছ কাটাৰেৰে কাটি খুলি দিছিল। তেওঁলোকক চৰকাৰী বিষয়া বুলি ভাবি কোনেও তেওঁলোকৰ কামত বাধা দিয়া নাছিল। ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁলোক ভুৱা বুলি গম পোৱা গৈছিল!

ঘটনাটোক লৈ একাংশলোকৰ খং উঠাপ পৰিৱৰ্তে, বহুতে বিষয়টোক উপহাস কৰিবলৈ আৰম্ভ কৰিছে! বহুতে আকৌ  চোৰৰ এনে কঠোৰ অভিযানৰ দ্বাৰা অভিভূত হৈছে!

জলসিঞ্চন বিভাগৰ হৈ এজন কনিষ্ঠ অভিযন্তা আৰ্শাদ কমল শামচিয়ে কৈছিল যে তেওঁলোকে গাওঁবাসীৰ পৰা এই অদ্ভুত ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছিল। প্ৰথমে, তেওঁলোকে গেছ কাটাৰেৰে দলংখনৰ কিছু অংশ কাটি পেলাইছিল। ঘটনাটোৰ বিষয়ে গম পোৱাৰ পাছত স্থানীয় আৰক্ষী থানাত জলসিঞ্চন বিভাগে এটা অভিযোগ দাখিল কৰিছিল।

 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আৰ্শাদে কয়, "গাওঁবাসীয়ে ইয়ালৈ আহি কয় যে জলসিঞ্চন বিভাগৰ কিছুবিষয়া দলঙৰ ওচৰলৈ আহিছিল। তেওঁলোকে সেই অব্যৱহৃত দলংখন সামগ্ৰী চুৰ কৰি লৈ গৈছে! তেওঁলোকৰ লগত গেছ কাটাৰ আৰু জেচিবি যন্ত্ৰ আছিল। "এই কথা শুনি জলসিঞ্চন বিভাগৰ প্ৰকৃত বিষয়াসকল হতবাক হৈ পৰিছিল। কিন্তু যি ঘটিছে সেয়াই সঁচা।

দলংখন ১৯৭২ চনত নিৰ্মাণ কৰা হৈছিল। পাছত, উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে, দলংখন ব্যৱহাৰৰ অযোগ্য হৈ পৰে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে সকলো বোৰ জনা স্বত্বেও প্ৰশাসনে ইয়াক মেৰামতি কৰিবলৈ কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে