--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সোমবাৰে কেৰালা ভ্ৰমণ কৰিব  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  এই দুদিনীয়া ভ্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে কেৰেলাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এখন ভয়ানক পত্ৰ। পত্ৰৰ যোগেদি আত্মঘাতী বোমাৰে আক্ৰমণ কৰি নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ভাবুকি দিছে আল কাইদাই।

ইতিমধ্যে ভাৰতৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আল কায়দাই প্ৰেৰণ কৰা এই পত্ৰৰ তদন্ত আৰম্ভ কৰিছে। মালয়ালম ভাষাত লিখা চিঠিখন যোৱা সপ্তাহত বিজেপিৰ কেৰালা ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।

 চিঠিখন কোচিৰ পৰা ডাকযোগে এন কে জনী নামৰ বক্তিৰ পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানি পৰা গৈছে। চিঠি খনত কোৱা হৈছে যে নৰেন্দ্ৰ মোদীৰো ভাগ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হ’ব।

অৱশ্যে এন কে জনীয়ে এই পত্ৰখন আৰক্ষীলৈ প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰে। তেওঁৰ মতে এই পত্ৰ তেওঁ প্ৰেৰণ কৰা নাছিল। আন কোনোবাই হয়তো তেওঁৰ নাম ব্যৱহাৰ কৰি পঠিয়াইছে।

ইফালে, কেৰালাত বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে আৰক্ষীক সমালোচনা কৰিছে। তেওঁ কয় যে কেৰালা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিভিআইপি নিৰাপত্তা পৰিকল্পনা ফাদিল কৰা হৈছিল। এই ৰাজ্যত ধৰ্মীয় উগ্ৰপন্থী সংগঠন অতি শক্তিশালী আৰু সক্ৰিয়। এনে পৰিস্থিতিত চৰকাৰৰ মুৰব্বীৰ নিৰাপত্তাৰ প্ৰতিবেদন সংবাদ মাধ্যমৰ আগত ফাদিল কৰাটো গ্ৰহণযোগ্য নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন