--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সোমবাৰে কেৰালা ভ্ৰমণ কৰিব  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  এই দুদিনীয়া ভ্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে কেৰেলাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এখন ভয়ানক পত্ৰ। পত্ৰৰ যোগেদি আত্মঘাতী বোমাৰে আক্ৰমণ কৰি নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ভাবুকি দিছে আল কাইদাই।

ইতিমধ্যে ভাৰতৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আল কায়দাই প্ৰেৰণ কৰা এই পত্ৰৰ তদন্ত আৰম্ভ কৰিছে। মালয়ালম ভাষাত লিখা চিঠিখন যোৱা সপ্তাহত বিজেপিৰ কেৰালা ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।

 চিঠিখন কোচিৰ পৰা ডাকযোগে এন কে জনী নামৰ বক্তিৰ পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানি পৰা গৈছে। চিঠি খনত কোৱা হৈছে যে নৰেন্দ্ৰ মোদীৰো ভাগ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হ’ব।

অৱশ্যে এন কে জনীয়ে এই পত্ৰখন আৰক্ষীলৈ প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰে। তেওঁৰ মতে এই পত্ৰ তেওঁ প্ৰেৰণ কৰা নাছিল। আন কোনোবাই হয়তো তেওঁৰ নাম ব্যৱহাৰ কৰি পঠিয়াইছে।

ইফালে, কেৰালাত বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে আৰক্ষীক সমালোচনা কৰিছে। তেওঁ কয় যে কেৰালা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিভিআইপি নিৰাপত্তা পৰিকল্পনা ফাদিল কৰা হৈছিল। এই ৰাজ্যত ধৰ্মীয় উগ্ৰপন্থী সংগঠন অতি শক্তিশালী আৰু সক্ৰিয়। এনে পৰিস্থিতিত চৰকাৰৰ মুৰব্বীৰ নিৰাপত্তাৰ প্ৰতিবেদন সংবাদ মাধ্যমৰ আগত ফাদিল কৰাটো গ্ৰহণযোগ্য নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে