--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জনজাতীয় কিশোৰীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ কলিয়াগঞ্জত এগৰাকী জনজাতীয় কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

ভাইৰেল হোৱা এক ভিডিঅ’ত আৰক্ষীৰ লোকে ভুক্তভোগী কিশোৰীগৰাকীৰ মৃতদেহ ৰাজপথৰ মাজেৰে টানি নিয়াৰ দৃশ্য প্ৰকাশৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। পিছত স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উত্তৰ দিনাজপুৰ জিলাৰ গংগুৱা গাঁৱৰ বাসিন্দা কিশোৰীগৰাকী বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ বাবে যোৱাৰ পিছতে নিৰুদ্দেশ হয়।

আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহে সমগ্ৰ নিশা ব্যাপক অনুসন্ধান কৰাৰ পিছতো কিশোৰীগৰাকীৰ সন্ধান উলিয়াব পৰা নাছিল। ইয়াৰ পিছতে উত্তেজিত স্থানীয় লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

এনে পৰিস্থিতিত অঞ্চলটোত যথেষ্ট আৰক্ষী বাহিনী মোতায়েন কৰা হয়। স্থানীয় ৰাইজেও টায়াৰ জ্বলাই পথ অৱৰোধ কৰি আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উত্তৰ দিনাজপুৰৰ আৰক্ষী অধীক্ষক ছানা আখতাৰে কয় যে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আখতাৰে লগতে উল্লেখ কৰা মতে কিশোৰীগৰাকীৰ মৃতদেহৰ কাষত এটা বটল পোৱা গৈছে। বটলটোত বিহ থকা বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু মৃত্যুৰ কাৰণ বিশ্লেষণৰ বাবে মেডিকেল ব’ৰ্ড গঠন কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, ভুক্তভোগীৰ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন লক্ষ্য কৰা হোৱা নাই।

ইফালে, ৰাষ্ট্ৰীয় মহিলা আয়োগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিম বংগ আৰক্ষীক এই বিষয়ত হস্তক্ষেপ কৰি ন্যায্য তদন্ত নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন