--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; অত্যন্ত আৱেগিক মুহূৰ্তত আজি চৰকাৰী আৱাস খালী কৰিলে প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে৷ ঊনৈশবছৰীয়া প্ৰাপ্তি-অপ্ৰাপ্তি, জীৱনৰ উত্থান-পতন, ৰ’দ-বৰষুণৰ সাক্ষী ১২ নং টোগলক পথৰ বাসগৃহটোক চেল্যুট জনাই খালী কৰিলে ৰাহুল গান্ধীয়ে৷ 

কাৰ্যত: আজিৰ পৰা ঠিকনাবিহীন হ’ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ১৯ বছৰীয়া স্মৃতি বিজড়িত টোগলক ৰোডৰ চৰকাৰী আৱাস খালী কৰিলে ৰাহুল গান্ধীয়ে। লোকসভা সচিবালয়ক ৰাহুলে হস্তান্তৰ কৰিলে চৰকাৰী আৱাস। চৰকাৰী আৱাসৰ দুৱাৰত নিজে তলাবন্ধ কৰি বিষয়াক চাবি অৰ্পণ কৰিলে ৰাহুল গান্ধীয়ে। সেই সময়ত ৰাহুলৰ সৈতে উপস্থিত আছিল মাতৃ ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধী৷ 

সাংসদ পদ পদ খাৰিজৰ এমাহ পাছত চৰকাৰী আৱাস এৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। ছুৰাটৰ আদালতৰ ৰায়ৰ পাছতে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ৰাহুল গান্ধীয়ে। ছুৰাটৰ নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে সত্ৰ ন্যায়াধীশৰ আদালতত আৱেদন কৰিছিল ৰাহুল গান্ধীয়ে। মোদী সম্পৰ্কত বিতৰ্কিত মন্তব্যৰ পাছতেই ছুৰাটৰ নিম্ন আদালতত দোষী সাব্যস্ত হৈছিল ৰাহুল গান্ধী। দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত ৰাহুলৰ সাংসদ পদ পৰ্যন্ত হৈছিল খাৰিজ।



ইয়াৰ পাছতেই চৰকাৰী আৱাস এৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ৰাহুল গান্ধীয়ে। আজি অৱশেষত টোগলক ৰোডৰ সেই চৰকাৰী বাসগৃহ ত্যাগ কৰিলে ৰাহুলে। ২০০৪ চনত প্ৰথমবাৰলৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী। সেই সূত্ৰে ২০০৫ চনৰ পৰা ১২ নং টোগলক ৰোডেই হৈ পৰিছিল ৰাহুলৰ ঠিকনা। বহু ৰাজনৈতিক ঘটনা প্ৰৱাহৰ সাক্ষী ১২ নং টোগলক ৰোড। দেশৰ ৰাজনীতিৰ বহু উত্থান-পতন প্ৰত্যক্ষ কৰিছে এই টোগলক ৰোডে। 

অৱশেষত তেনে বহু ইতিহাসৰ স্মৃতি বুকুত সামৰি নতুন ঠিকনাৰ সন্ধানত গুচি গ’ল ৰাহুল গান্ধী। চৰকাৰী আৱাস খালী কৰি কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য- ‘সঁচা কথা কোৱাৰ বাবে মই মূল্য ভৰিব লগীয়া হ’ল। সঁচা কথা কোৱাৰ কাৰণে যি কোনো মূল্য দিবলৈ মই প্ৰস্তুত। এই ঘৰ মোক দেশৰ জনতাই দিছিল। অনাগত দিনত ১০ নং জন পথ হ’ব মোৰ নতুন ঠিকনা।’ উল্লেখ্য যে কিছুদিনলৈ মাতৃ ছোনিয়া গান্ধীৰ ১০ নং জন পথত থকা বাসগৃহত থাকিব ৰাহুল গান্ধী। অৱশ্যে ইয়াৰ পাছত ৰাহুলৰ পৰৱৰ্তী ঠিকনা কি হ’ব সেয়া সময়তহে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে