--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; অত্যন্ত আৱেগিক মুহূৰ্তত আজি চৰকাৰী আৱাস খালী কৰিলে প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে৷ ঊনৈশবছৰীয়া প্ৰাপ্তি-অপ্ৰাপ্তি, জীৱনৰ উত্থান-পতন, ৰ’দ-বৰষুণৰ সাক্ষী ১২ নং টোগলক পথৰ বাসগৃহটোক চেল্যুট জনাই খালী কৰিলে ৰাহুল গান্ধীয়ে৷ 

কাৰ্যত: আজিৰ পৰা ঠিকনাবিহীন হ’ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ১৯ বছৰীয়া স্মৃতি বিজড়িত টোগলক ৰোডৰ চৰকাৰী আৱাস খালী কৰিলে ৰাহুল গান্ধীয়ে। লোকসভা সচিবালয়ক ৰাহুলে হস্তান্তৰ কৰিলে চৰকাৰী আৱাস। চৰকাৰী আৱাসৰ দুৱাৰত নিজে তলাবন্ধ কৰি বিষয়াক চাবি অৰ্পণ কৰিলে ৰাহুল গান্ধীয়ে। সেই সময়ত ৰাহুলৰ সৈতে উপস্থিত আছিল মাতৃ ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধী৷ 

সাংসদ পদ পদ খাৰিজৰ এমাহ পাছত চৰকাৰী আৱাস এৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। ছুৰাটৰ আদালতৰ ৰায়ৰ পাছতে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ৰাহুল গান্ধীয়ে। ছুৰাটৰ নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে সত্ৰ ন্যায়াধীশৰ আদালতত আৱেদন কৰিছিল ৰাহুল গান্ধীয়ে। মোদী সম্পৰ্কত বিতৰ্কিত মন্তব্যৰ পাছতেই ছুৰাটৰ নিম্ন আদালতত দোষী সাব্যস্ত হৈছিল ৰাহুল গান্ধী। দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত ৰাহুলৰ সাংসদ পদ পৰ্যন্ত হৈছিল খাৰিজ।



ইয়াৰ পাছতেই চৰকাৰী আৱাস এৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ৰাহুল গান্ধীয়ে। আজি অৱশেষত টোগলক ৰোডৰ সেই চৰকাৰী বাসগৃহ ত্যাগ কৰিলে ৰাহুলে। ২০০৪ চনত প্ৰথমবাৰলৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী। সেই সূত্ৰে ২০০৫ চনৰ পৰা ১২ নং টোগলক ৰোডেই হৈ পৰিছিল ৰাহুলৰ ঠিকনা। বহু ৰাজনৈতিক ঘটনা প্ৰৱাহৰ সাক্ষী ১২ নং টোগলক ৰোড। দেশৰ ৰাজনীতিৰ বহু উত্থান-পতন প্ৰত্যক্ষ কৰিছে এই টোগলক ৰোডে। 

অৱশেষত তেনে বহু ইতিহাসৰ স্মৃতি বুকুত সামৰি নতুন ঠিকনাৰ সন্ধানত গুচি গ’ল ৰাহুল গান্ধী। চৰকাৰী আৱাস খালী কৰি কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য- ‘সঁচা কথা কোৱাৰ বাবে মই মূল্য ভৰিব লগীয়া হ’ল। সঁচা কথা কোৱাৰ কাৰণে যি কোনো মূল্য দিবলৈ মই প্ৰস্তুত। এই ঘৰ মোক দেশৰ জনতাই দিছিল। অনাগত দিনত ১০ নং জন পথ হ’ব মোৰ নতুন ঠিকনা।’ উল্লেখ্য যে কিছুদিনলৈ মাতৃ ছোনিয়া গান্ধীৰ ১০ নং জন পথত থকা বাসগৃহত থাকিব ৰাহুল গান্ধী। অৱশ্যে ইয়াৰ পাছত ৰাহুলৰ পৰৱৰ্তী ঠিকনা কি হ’ব সেয়া সময়তহে গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন