--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ ছয়জন দোষীক দোষমুক্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত নতুনকৈ পুনৰীক্ষণ আৱেদন দাখিল কৰিব কংগ্ৰেছে। আজি দলৰ একাংশ জ্যেষ্ঠ নেতাই এই তথ্য শ্বেয়াৰ কৰে। একে সময়তে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বিষয়ত পুনৰীক্ষণ আবেদন দাখিল কৰিছে।

দৰাচলতে কংগ্ৰেছৰ নেতাসকলে কয় যে “ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰৰ ছয়জন দোষীক দোষমুক্ত কৰাৰ প্ৰত্যাহ্বান জনাই অতি সোনকালে উচ্চতম ন্যায়ালয়ত নতুন পৰ্যালোচনাৰ আবেদন দাখিল কৰা হ’ব।” ১১ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নলিনী শ্ৰীহৰণকে ধৰি ছয়জন দোষীক অকালতে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। অপৰাধীৰ শাস্তি ৰেহাইৰ বাবে তামিলনাডু চৰকাৰে দিয়া পৰামৰ্শৰ ভিত্তিত আদালতে এই নিৰ্দেশ দিছিল। নলিনিৰ উপৰিও আদালতৰ নিৰ্দেশৰ পাছতে জেলৰ পৰা ওলাই আহিছিল আৰ পি ৰবিচন্দ্ৰন, সন্থন, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষীক দোষমুক্ত হোৱাৰ ১০ দিনৰ পাছত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব কংগ্ৰেছে। এই বিষয়ত কংগ্ৰেছে পুনৰীক্ষণ আবেদন দাখিল কৰিব। কংগ্ৰেছে ছয় হত্যাকাৰীৰ মুক্তিক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। একে সময়তে আদালতৰ সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি পুনৰ বিবেচনাৰ বাবে আবেদন জনায়। ইয়াৰ মাজতে চৰকাৰে নিজৰ কথা ৰাখি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ গোচৰতো উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ শুনানি গ্ৰহণ কৰিব লাগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু