--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰিপুন বৰাৰ সভাৰ সন্মুখত ৰিপুন বৰা গ' বেক ধ্বনি দিলে ৰাইজে। আনকি তৃণমূল কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ লগত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰা হ’ল বৰাৰ বিৰুদ্ধে। পিছে কিয় ৰিপুন বৰাৰ বিৰুদ্ধে ওলাই আহিল এইসকল ৰাইজ?

এই ঘটনা বুধবাৰৰ। নগাঁৱৰ চলচলিত বিজেপি কৰ্মীৰ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ। ৰাইহান চৌধুৰী নামৰ যুৱক এজনৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে স্থানীয় বিজেপি কৰ্মীয়ে। অভিযোগ অনুসৰি ৰাইহান চৌধুৰী নামৰ লোকজন চলচলিৰ স্থানীয় বাসিন্দা নহয়। স্থানীয় বাসিন্দা নোহোৱাকৈ চৌধুৰীয়ে চলচলিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত যোগদান কায্যসূচী অনুষ্ঠিত কৰিছে। অভিযোগ অনুসৰি যিসকল লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে সেইসকল লোক চলচলিৰ স্থানীয় লোক নহয়। সেই লোকসকলক ৰূপহী, জুৰীয়া আৰু ধিংৰ পৰা ৰাইহান চৌধুৰীয়ে ভাড়া কৰি আনি তৃণমূল কংগ্ৰেছৰ সভাপতিক নগাঁও সদৰ সমষ্টিৰ লোক হিচাপে চিনাকি কৰাই দি তৃণমূল কংগ্ৰেছত যোগদান কৰাইছে বুলি অভিযোগ আনিলে ৰাইজে। 

আনহাতে বিজেপিৰ সংখ্যালঘু কৰ্মীয়ে মতে, পূৰ্বতে কংগ্ৰেছে সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি ৰাজনীতি কৰিছিল। বৰ্তমান পুনৰ তৃণমূল কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে। সেয়ে তৃণমূল কংগ্ৰেছৰ সভাত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিজেপি কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা গ' বেক, ৰিপুন বৰা মূর্দাবাদ, মমতা বেনাৰ্জী মূর্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ