--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা দোষী সন্থানৰ বুধবাৰে (২৮ ফেব্ৰুৱাৰী) মৃত্যু হয়। বুধবাৰে পুৱা চেন্নাইৰ ৰাজীৱ গান্ধী জেনেৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সন্থনে। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, পুৱা ৭:৫০ বজাত ছান্থনৰ মৃত্যু হয়। লিভাৰ বিকলতাৰ সৈতে ক্ৰিপ্টোজেনিক চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল তেওঁ। সূত্ৰ অনুসৰি যোৱা ২৭ জানুৱাৰীত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

খবৰ অনুসৰি সংকটজনক অৱস্থাত সন্থন ওৰফে সুথেন্থিৰাজাক ৰাজীৱ গান্ধী জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৫৫ বছৰীয়া সন্থনক তিৰুচিৰ মহাত্মা গান্ধী মেম’ৰিয়েল চৰকাৰী চিকিৎসালয়ৰ পৰা ইয়ালৈ ৰেফাৰ কৰা হৈছিল। ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত মুক্তি পোৱা ছয়জন দোষীৰ ভিতৰত তেওঁ অন্যতম আছিল যিসকলক পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ২০২২ চনত মুক্তিৰ নিৰ্দেশৰ পিছত তেওঁ ঘৰলৈ উভতি যাবলৈ আবেদন জনাই এখন পত্ৰও লিখিছিল।

দৰাচলতে ২০২২ চনৰ ১১ নৱেম্বৰত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ৬ জন দোষীক মুক্তিৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। এই আদেশৰ পিছদিনা নলিনী, শ্ৰীহৰণ, সন্থন, ৰবাৰ্ট পায়াছ, জয়কুমাৰ আৰু ৰবিচন্দ্ৰনক ৩২ বছৰৰ পাছত জেলৰ পৰা মুকলি কৰি দিয়া হ’ল যদিও ধৰা পৰিল। নলিনী আৰু ৰবিচন্দ্ৰনক পৰিয়ালক লগ কৰিবলৈ দিয়া হৈছিল যদিও বাকী চাৰিজনক ত্ৰিচি চেণ্ট্ৰেল জেলৰ এটা বিশেষ শিবিৰত ৰখা হৈছিল। চাৰিওজনেই শ্ৰীলংকাৰ নাগৰিক হোৱাৰ বাবেই এনে কৰা হৈছিল।

তেতিয়া সন্থনে ত্ৰিচি জেলৰ বিশেষ শিবিৰত থকা নিজৰ কোঠাৰ পৰা এখন মুকলি চিঠি লিখিছিল। এই চিঠিখনত তেওঁ কৈছিল যে তেওঁ সূৰ্য্যৰ পোহৰো দেখা নাপায়। চিঠিখনৰ জৰিয়তে তেওঁ বিশ্বৰ তামিলসকলক মাত মাতিবলৈ আহ্বান জনাইছিল যাতে তেওঁ নিজৰ দেশলৈ উভতি যাব পাৰে। চেন্নাইৰ বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ে যোৱা শুকুৰবাৰে এক নিৰ্দেশ জাৰি কৰি সন্থন ওৰফে সুথেন্থিৰাজাক শ্ৰীলংকালৈ উভতি যাবলৈ অনুমতি দিছিল যদিও অসুস্থতাৰ বাবে তেওঁ যাব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ