--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা দোষী সন্থানৰ বুধবাৰে (২৮ ফেব্ৰুৱাৰী) মৃত্যু হয়। বুধবাৰে পুৱা চেন্নাইৰ ৰাজীৱ গান্ধী জেনেৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সন্থনে। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, পুৱা ৭:৫০ বজাত ছান্থনৰ মৃত্যু হয়। লিভাৰ বিকলতাৰ সৈতে ক্ৰিপ্টোজেনিক চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল তেওঁ। সূত্ৰ অনুসৰি যোৱা ২৭ জানুৱাৰীত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

খবৰ অনুসৰি সংকটজনক অৱস্থাত সন্থন ওৰফে সুথেন্থিৰাজাক ৰাজীৱ গান্ধী জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৫৫ বছৰীয়া সন্থনক তিৰুচিৰ মহাত্মা গান্ধী মেম’ৰিয়েল চৰকাৰী চিকিৎসালয়ৰ পৰা ইয়ালৈ ৰেফাৰ কৰা হৈছিল। ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত মুক্তি পোৱা ছয়জন দোষীৰ ভিতৰত তেওঁ অন্যতম আছিল যিসকলক পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ২০২২ চনত মুক্তিৰ নিৰ্দেশৰ পিছত তেওঁ ঘৰলৈ উভতি যাবলৈ আবেদন জনাই এখন পত্ৰও লিখিছিল।

দৰাচলতে ২০২২ চনৰ ১১ নৱেম্বৰত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ৬ জন দোষীক মুক্তিৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। এই আদেশৰ পিছদিনা নলিনী, শ্ৰীহৰণ, সন্থন, ৰবাৰ্ট পায়াছ, জয়কুমাৰ আৰু ৰবিচন্দ্ৰনক ৩২ বছৰৰ পাছত জেলৰ পৰা মুকলি কৰি দিয়া হ’ল যদিও ধৰা পৰিল। নলিনী আৰু ৰবিচন্দ্ৰনক পৰিয়ালক লগ কৰিবলৈ দিয়া হৈছিল যদিও বাকী চাৰিজনক ত্ৰিচি চেণ্ট্ৰেল জেলৰ এটা বিশেষ শিবিৰত ৰখা হৈছিল। চাৰিওজনেই শ্ৰীলংকাৰ নাগৰিক হোৱাৰ বাবেই এনে কৰা হৈছিল।

তেতিয়া সন্থনে ত্ৰিচি জেলৰ বিশেষ শিবিৰত থকা নিজৰ কোঠাৰ পৰা এখন মুকলি চিঠি লিখিছিল। এই চিঠিখনত তেওঁ কৈছিল যে তেওঁ সূৰ্য্যৰ পোহৰো দেখা নাপায়। চিঠিখনৰ জৰিয়তে তেওঁ বিশ্বৰ তামিলসকলক মাত মাতিবলৈ আহ্বান জনাইছিল যাতে তেওঁ নিজৰ দেশলৈ উভতি যাব পাৰে। চেন্নাইৰ বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ে যোৱা শুকুৰবাৰে এক নিৰ্দেশ জাৰি কৰি সন্থন ওৰফে সুথেন্থিৰাজাক শ্ৰীলংকালৈ উভতি যাবলৈ অনুমতি দিছিল যদিও অসুস্থতাৰ বাবে তেওঁ যাব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু