--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হয়তো হিমাচল প্ৰদেশত ভংগ হ’ব পাৰে কংগ্ৰেছৰ চৰকাৰ!  সম্ভাৱনা এতিয়া প্ৰায় প্ৰকট হৈ পৰিছে।  হিমাচল প্ৰদেশত বুধবাৰে পুৱাৰে পৰা ৰাজনৈতিক  'নাটক' আৰম্ভ হৈ গৈছে। ইফালে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰি   ৰাজ্যিক মন্ত্ৰী বিক্ৰমাদিত্য সিঙে পদত্যাগ কৰিছে। আজি বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে সদনত  বিজেপি বিধায়কসকলে শ্ল'গান দিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে  অধ্যক্ষই ১৫ জন বিধায়কক বহিষ্কাৰ কৰে।

বিজেপিৰ কেইবাজনো বিধায়কে অধ্যক্ষৰ চকীৰ কাষলৈ গৈ   শ্ল'গান দিছিল। ইয়াৰ পিছতে  অধ্যক্ষ কুলদীপ সিং পাঠানিয়াই তেওঁলোকক বহিষ্কাৰৰ নিৰ্দেশ দিয়ে। বিৰোধী দলৰ নেতা তথা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ বহিষ্কৃত বিধায়কসকলৰ মাজৰে এজন। ৰণধীৰ শৰ্মা, বিপিন কুমাৰ পাৰমাৰ, হংস ৰাজ, বিনোদ কুমাৰ আৰু আন ১৪ জনক বহিষ্কাৰ কৰা হৈছে। 

ইফালে কংগ্ৰেছ বিধায়ক বিক্ৰমাদিত্য সিঙে  পদত্যাগ কৰাৰ পিছত তেওঁকলৈ বিভিন্ন কথা ওলাইছে। বহুতে কোৱা অনুসৰি তেওঁ হয়তো বিজেপিলৈ যাব পাৰে। বিক্ৰমাদিত্যই কয় "এই চৰকাৰে ছবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তি এজনৰ  প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ মল ৰোডত এটা সৰু ঠাই এডোখৰো  দিব পৰা নাই। এয়া  মোৰ স্বৰ্গীয় দেউতাকৰ প্ৰতি চৰকাৰৰ সন্মানৰ লক্ষণ! আমি আৱেগিক মানুহ। এয়া  অতি দুৰ্ভাগ্যজনক... মই বৰ আঘাত পাইছো। ৰাজনৈতিকভাৱে নহয়, কিন্তু আৱেগিকভাৱে।’’ উল্লেখ্য বিক্ৰমাদিত্যৰ পিতৃ, প্ৰয়াত কংগ্ৰেছ নেতা বিদৰ্ভ সিং ছবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল।

ইফালে, হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা জয় ৰাম ঠাকুৰ তথা বিজেপিৰ অন্যান্য বিধায়কসকলে বুধবাৰে পুৱা ৰাজ্যপালক সাক্ষাৎ কৰি আস্থা ভোটৰ প্ৰস্তাৱ দাখিল কৰে। উল্লেখ্য দেশত মাত্ৰ তিনিখন কংগ্ৰেছ চৰকাৰ আছে। সেই তিনি খনৰ পৰাও এতিয়া  হিমাচলত কংগ্ৰেছৰ চৰকাৰৰ ভংগ হোৱা আশংকাই দেখা দিছে।

 উল্লেখ্য হিমাচল বিধানসভাত কংগ্ৰেছ বিধায়কে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ বাবে ক্ৰছ ভোটিং কৰাৰ ফলত কংগ্ৰেছৰ প্ৰাৰ্থী অভিষেক মনু সিংভি হাৰি গৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু