--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হয়তো হিমাচল প্ৰদেশত ভংগ হ’ব পাৰে কংগ্ৰেছৰ চৰকাৰ!  সম্ভাৱনা এতিয়া প্ৰায় প্ৰকট হৈ পৰিছে।  হিমাচল প্ৰদেশত বুধবাৰে পুৱাৰে পৰা ৰাজনৈতিক  'নাটক' আৰম্ভ হৈ গৈছে। ইফালে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰি   ৰাজ্যিক মন্ত্ৰী বিক্ৰমাদিত্য সিঙে পদত্যাগ কৰিছে। আজি বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে সদনত  বিজেপি বিধায়কসকলে শ্ল'গান দিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে  অধ্যক্ষই ১৫ জন বিধায়কক বহিষ্কাৰ কৰে।

বিজেপিৰ কেইবাজনো বিধায়কে অধ্যক্ষৰ চকীৰ কাষলৈ গৈ   শ্ল'গান দিছিল। ইয়াৰ পিছতে  অধ্যক্ষ কুলদীপ সিং পাঠানিয়াই তেওঁলোকক বহিষ্কাৰৰ নিৰ্দেশ দিয়ে। বিৰোধী দলৰ নেতা তথা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ বহিষ্কৃত বিধায়কসকলৰ মাজৰে এজন। ৰণধীৰ শৰ্মা, বিপিন কুমাৰ পাৰমাৰ, হংস ৰাজ, বিনোদ কুমাৰ আৰু আন ১৪ জনক বহিষ্কাৰ কৰা হৈছে। 

ইফালে কংগ্ৰেছ বিধায়ক বিক্ৰমাদিত্য সিঙে  পদত্যাগ কৰাৰ পিছত তেওঁকলৈ বিভিন্ন কথা ওলাইছে। বহুতে কোৱা অনুসৰি তেওঁ হয়তো বিজেপিলৈ যাব পাৰে। বিক্ৰমাদিত্যই কয় "এই চৰকাৰে ছবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তি এজনৰ  প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ মল ৰোডত এটা সৰু ঠাই এডোখৰো  দিব পৰা নাই। এয়া  মোৰ স্বৰ্গীয় দেউতাকৰ প্ৰতি চৰকাৰৰ সন্মানৰ লক্ষণ! আমি আৱেগিক মানুহ। এয়া  অতি দুৰ্ভাগ্যজনক... মই বৰ আঘাত পাইছো। ৰাজনৈতিকভাৱে নহয়, কিন্তু আৱেগিকভাৱে।’’ উল্লেখ্য বিক্ৰমাদিত্যৰ পিতৃ, প্ৰয়াত কংগ্ৰেছ নেতা বিদৰ্ভ সিং ছবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল।

ইফালে, হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা জয় ৰাম ঠাকুৰ তথা বিজেপিৰ অন্যান্য বিধায়কসকলে বুধবাৰে পুৱা ৰাজ্যপালক সাক্ষাৎ কৰি আস্থা ভোটৰ প্ৰস্তাৱ দাখিল কৰে। উল্লেখ্য দেশত মাত্ৰ তিনিখন কংগ্ৰেছ চৰকাৰ আছে। সেই তিনি খনৰ পৰাও এতিয়া  হিমাচলত কংগ্ৰেছৰ চৰকাৰৰ ভংগ হোৱা আশংকাই দেখা দিছে।

 উল্লেখ্য হিমাচল বিধানসভাত কংগ্ৰেছ বিধায়কে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ বাবে ক্ৰছ ভোটিং কৰাৰ ফলত কংগ্ৰেছৰ প্ৰাৰ্থী অভিষেক মনু সিংভি হাৰি গৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ