--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবা ৰামদেৱৰ মূৰত পুনৰ আন এক ৰাম টাঙোন পৰিল৷ ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনেৰে জনতাক বিপথে পৰিচালিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ লগতে মোদী চৰকাৰক তুলাধুনা দিছে৷ কেৱল সেয়াই নহয় ন্যায়ালয়ে ।

 পতঞ্জলি আয়ুৰ্বেদৰ  ৰোগ সম্পৰ্কীয় যিকোনো বিজ্ঞাপন প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদক ঔষধ আৰু যাদু  প্ৰতিৰোধ (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪-ৰ আধাৰত আইনত  নিৰ্ধাৰিত ৰোগ/বিকাৰ সম্পৰ্কীয় সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰৰ  পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে৷ ন্যায়াধীশ আমানুল্লাই পতঞ্জলিক এনে এটা বিজ্ঞাপনৰ বাবে তীব্ৰ ভৰ্ৎসনা কৰে ।

উল্লেখ্য  'ভুৱা আৰু বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে  পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কঠোৰ বাক্যবাণ শুনাইছে। মোদীৰ চৰকাৰক লক্ষ্য কৰি উচ্চতম  ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰে চকু বন্ধ কৰি বহি আছে।’’ 

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে মিছা তথ্যৰ সৈতে বিজ্ঞাপন প্ৰকাশ  কৰাৰ বাবে যোগ গুৰু ৰামদেৱৰ মালিকানাধীন কোম্পানীবোৰৰ ওপৰত ১ কোটি টকালৈকে জৰিমনা আৰোপ কৰিছিল। মোদী চৰকাৰকো সেই সময়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ  নিন্দাৰ কৰিছিল। ইমানৰ পিছতো মোদীৰ চৰকাৰে ৰামদেৱৰ কোম্পানীৰ ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। চৰকাৰৰ ভাতঘৰৰ মানুহ হৈ পৰা ৰামদেৱক আনকি চৰকাৰে বিভিন্ন ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে মাটিহে উলিয়াই দিছিল। কিন্তু এইবাৰ পুনৰ চৰকাৰী পৃষ্ঠপোষকতায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ৰামদেৱক। উল্লেখ্য  পতঞ্জলীয়ে আধুনিক ঔষধৰ বিৰোধিতা কৰি ভুল তথ্যৰে বিজ্ঞাপন  প্ৰকাশ কৰি অহা বুলি আইএমএই  এটা গোচৰ ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ বিজ্ঞাপনসমূহ সন্দৰ্ভত  তীব্ৰ ভৰ্ৎসনা কৰিছিল। আদালতে  স্পষ্ট কৰি দিছে যে বিভ্ৰান্তিকৰ বা মিছা তথ্যৰে বিজ্ঞাপন প্ৰকাশ কৰিব  নোৱাৰি।

ন্যায়ালয়ে  বিষয়টোক লৈ কেন্দ্ৰকো সমালোচনা কৰে। বিচাৰপীঠে কয় "এয়া অতি দুৰ্ভাগ্যজনক । চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব।"   কেন্দ্ৰৰ হৈ উপস্থিত থকা অধিবক্তাসকলক এইটোও কৈছিল যে ই এনে ভুৱা চিকিৎসা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আদালতে কয়। 

যোৱা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ লগতে  ৰামদেৱক ভৰ্ৎসনা কৰি কৈছিল, " ৰামদেৱ বাবাৰ কি হ'ল? তেওঁ যিদৰে যোগক জনপ্ৰিয় কৰিছিল আমি তেওঁক সন্মান কৰোঁ। কিন্তু তেওঁ আন প্ৰণালীক সমালোচনা কৰা উচিত নহয়। আপুনি দেখিছে যে কেনেকৈ সকলো চিকিৎসকক তেওঁলোকৰ বিজ্ঞাপনত হত্যাকাৰী হিচাপে দেখুওৱা হৈছে।  "

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ