--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে লাডাখৰ পাংগং তছ'ৰ পাৰৰ পৰা জন্ম জয়ন্তীত তেওঁৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে  বৰ্তমান লাডাখ ভ্ৰমণ কৰি  আছে।  ২০১৯ চনৰ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা লাডাখ পৃথক হোৱাৰ পিছত অঞ্চলটো কেন্দ্ৰীয় শাসিত অঞ্চল হৈছিল। লাডাখৰ নতুন পৰিচয়ৰ পিছত ৰাহুল গান্ধীৰ এয়া  প্ৰথম লাডাখ ভ্ৰমণ। ৰাহুল গান্ধীয়ে অহা সপ্তাহত কাৰ্গিল ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে।

 টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে   "পাপা, ভাৰতৰ বাবে আপোনাৰ সপোনবোৰ অমূল্য স্মৃতি হৈ ৰ’ব। আপোনাৰ পদচিহ্নই হৈছে মোৰ পথ প্ৰদৰ্শক।" ৰাহুল গান্ধীয়ে কয় যে চিন্তাৰ বিষয়টো হৈছে  চীনে লাডাখৰ ভূমি কাঢ়ি লৈছে... মানুহে কৈছে যে চীনৰ সেনাই অঞ্চলটোত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ চৰণীয়া ভূমি কাঢ়ি লোৱা হৈছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে  যে লাডাখৰ এক ইঞ্চিও মাটি চীনে  কাঢ়ি লোৱা নাই , কিন্তু সেয়া  সঁচা নহয়৷ 

ইফালে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰবাৰ্ট ভদ্ৰাই আজি বীৰভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷  উল্লেখ্য  পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে ৰাহুল গান্ধীয়ে এনেদৰে বাইক চলাই  সতীৰ্থৰ সৈতে লেহত উপস্থিত হৈছিল।ৰাহুলে লেহলৈ বাইক চলাই গৈছে। ৱায়ানাডৰ সাংসদজনে সামাজিক মাধ্যমত লেহলৈ কৰা যাত্ৰাৰ  কেইবাখনো ছবি পোষ্ট কৰিছিল। ছবিত  তেওঁক হেলমেট পিন্ধি এখন স্পৰ্টছ বাইক চলাই থকা দেখা গৈছিল। 

পোষ্টত তেওঁ শিৰোনাম দিছিল "আমি পাংগং হ্ৰদৰ ফালে আগবাঢ়িছো । মোৰ দেউতাই কৈছিল যে এয়া  পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।" খবৰ  অনুসৰি ৰাহুল শনিবাৰে পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত তেওঁ পাংগং হ্ৰদত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব। জানিব পৰা মতে ৰাহুল গান্ধীয়ে  ২৫ আগষ্টলৈকে লাডাখত থাকিব।কাৰ্গিলত ১০ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছে ইতিমধ্যে পাহাৰীয়া পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাক-নিৰ্বাচনী মিত্ৰতা ঘোষণা কৰিছে।সেয়ে ৰাহুলৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস