--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে লাডাখৰ পাংগং তছ'ৰ পাৰৰ পৰা জন্ম জয়ন্তীত তেওঁৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে  বৰ্তমান লাডাখ ভ্ৰমণ কৰি  আছে।  ২০১৯ চনৰ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা লাডাখ পৃথক হোৱাৰ পিছত অঞ্চলটো কেন্দ্ৰীয় শাসিত অঞ্চল হৈছিল। লাডাখৰ নতুন পৰিচয়ৰ পিছত ৰাহুল গান্ধীৰ এয়া  প্ৰথম লাডাখ ভ্ৰমণ। ৰাহুল গান্ধীয়ে অহা সপ্তাহত কাৰ্গিল ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে।

 টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে   "পাপা, ভাৰতৰ বাবে আপোনাৰ সপোনবোৰ অমূল্য স্মৃতি হৈ ৰ’ব। আপোনাৰ পদচিহ্নই হৈছে মোৰ পথ প্ৰদৰ্শক।" ৰাহুল গান্ধীয়ে কয় যে চিন্তাৰ বিষয়টো হৈছে  চীনে লাডাখৰ ভূমি কাঢ়ি লৈছে... মানুহে কৈছে যে চীনৰ সেনাই অঞ্চলটোত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ চৰণীয়া ভূমি কাঢ়ি লোৱা হৈছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে  যে লাডাখৰ এক ইঞ্চিও মাটি চীনে  কাঢ়ি লোৱা নাই , কিন্তু সেয়া  সঁচা নহয়৷ 

ইফালে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰবাৰ্ট ভদ্ৰাই আজি বীৰভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷  উল্লেখ্য  পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে ৰাহুল গান্ধীয়ে এনেদৰে বাইক চলাই  সতীৰ্থৰ সৈতে লেহত উপস্থিত হৈছিল।ৰাহুলে লেহলৈ বাইক চলাই গৈছে। ৱায়ানাডৰ সাংসদজনে সামাজিক মাধ্যমত লেহলৈ কৰা যাত্ৰাৰ  কেইবাখনো ছবি পোষ্ট কৰিছিল। ছবিত  তেওঁক হেলমেট পিন্ধি এখন স্পৰ্টছ বাইক চলাই থকা দেখা গৈছিল। 

পোষ্টত তেওঁ শিৰোনাম দিছিল "আমি পাংগং হ্ৰদৰ ফালে আগবাঢ়িছো । মোৰ দেউতাই কৈছিল যে এয়া  পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।" খবৰ  অনুসৰি ৰাহুল শনিবাৰে পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত তেওঁ পাংগং হ্ৰদত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব। জানিব পৰা মতে ৰাহুল গান্ধীয়ে  ২৫ আগষ্টলৈকে লাডাখত থাকিব।কাৰ্গিলত ১০ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছে ইতিমধ্যে পাহাৰীয়া পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাক-নিৰ্বাচনী মিত্ৰতা ঘোষণা কৰিছে।সেয়ে ৰাহুলৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ