--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশিক্ষক লিঅ’নেল স্কাল’নীৰ তত্বাৱধানতে বিশ্বজয় কৰিলে মেছিৰ আৰ্জেণ্টিনাই। লেটিন আমেৰিকান দেশখনে বিশ্বকাপ জয় কৰাৰ পাছতে আনন্দ উল্লাসৰ সৃষ্টি হয় আৰ্জেণ্টাইন দলটোত। কিন্তু এই আনন্দৰ মুহূৰ্তত অতি নম্ৰভাৱে দেখা গ’ল প্ৰশিক্ষক লিঅ’নেল স্কাল’নিক।

ফাইনেলত জয়লাভ কৰাৰ পাছত চকু চলচলিয়া হৈ পৰিল স্কাল’নিৰ। সাংবাদিকৰ আগত নিজৰ অনুভৱ ব্যক্তি কৰিলে এইদৰে- “এই ৰাতিটোৰ কথা কোনোদিনে পাহৰিব নোৱাৰিম। যি ঘটি গ’ল, সেয়া বিশ্বাসেই কৰিব পৰা নাই। বিশ্ব চেম্পিয়ন হোৱাৰ অনুভূতি কেনেকুৱা, এতিয়া বুজিব পাৰিছো।”

তাৰপাছতে তেওঁ দলৰ খেলুৱৈসকলৰ প্ৰশংসাত মুখৰ হৈ পৰে। কয়- “তীব্ৰ যুঁজ কৰিব লগা হৈছে আমাৰ। তাৰ মাজতো এইয়া ভাবি গৰ্বিত যে আমাৰ দলে যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব জানে।”

আৰ্জেণ্টিনাৰ জনতালৈ উদ্দেশ্যি স্কাল’নিয়ে কয়- “এই মুহূৰ্ত জীৱনলৈ বাৰে বাৰে নাহে। সকলোকে কওঁ, সময়খিনি যাতে সুন্দৰভাৱে উপভোগ কৰে।”

কিন্তু স্কালোনিৰ এই যাত্ৰা আৰম্ভণিৰে পৰা মধুৰ নাছিল। তেওঁৰ পূৰ্বসুৰী আছিল হোৰ্খে চাম্পাওলি। আন এটা লেটিন আমেৰিকান শক্তি চিলীৰ প্ৰশিক্ষক আছিল চাম্পাওলি। লাভ কৰিছিল অশেষ সফলতা। চাম্পাওলিৰ দিনতে কোপা আমেৰিকা জয়ী কৰিছিল চিলীয়ে। তাৰপাছতে আৰ্জেণ্টিনাৰ দায়িত্ব লয় তেওঁ। সহকাৰী হিচাপে থাকে লিঅ’নেল স্কালোনি।

কিন্তু ২০১৮ চনৰ বিশ্বকাপত চৰম বিফল হয় আৰ্জেণ্টিনা। বাদ পৰে প্ৰশিক্ষক চাম্পাওলি। অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে লিঅ’নেল স্কালোনিয়ে। তাৰপাছৰে পৰা বাকীখিনি ৰোমাঞ্চকৰ কাহিনীৰ দৰে।

অতি কম পৰিশ্ৰমিকেৰে দলৰ দায়িত্ব লয় স্কালোনিয়ে। ২০১৯ চনৰ কোপা আমেৰিকাত আৰ্জেণ্টিনাই চেমি ফাইনেললৈকে আগুৱাবলৈ সক্ষম হয়।  ২০২১ চনৰ কোপা আমেৰিকাত বিজয়সাব্যস্ত কৰিলে আৰ্জেণ্টিনাই। কোপা আমেৰিকাৰ পাছত ইউৰো বিজয়ী ইটালিকো ফাইনালিস্মাত হৰুৱাবলৈ সক্ষম হয়। তাৰপাছৰে পৰা আৰ্জেণ্টিনাৰ অগণন ফুটবলপ্ৰেমীৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰে স্কালোনি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু