--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশিক্ষক লিঅ’নেল স্কাল’নীৰ তত্বাৱধানতে বিশ্বজয় কৰিলে মেছিৰ আৰ্জেণ্টিনাই। লেটিন আমেৰিকান দেশখনে বিশ্বকাপ জয় কৰাৰ পাছতে আনন্দ উল্লাসৰ সৃষ্টি হয় আৰ্জেণ্টাইন দলটোত। কিন্তু এই আনন্দৰ মুহূৰ্তত অতি নম্ৰভাৱে দেখা গ’ল প্ৰশিক্ষক লিঅ’নেল স্কাল’নিক।

ফাইনেলত জয়লাভ কৰাৰ পাছত চকু চলচলিয়া হৈ পৰিল স্কাল’নিৰ। সাংবাদিকৰ আগত নিজৰ অনুভৱ ব্যক্তি কৰিলে এইদৰে- “এই ৰাতিটোৰ কথা কোনোদিনে পাহৰিব নোৱাৰিম। যি ঘটি গ’ল, সেয়া বিশ্বাসেই কৰিব পৰা নাই। বিশ্ব চেম্পিয়ন হোৱাৰ অনুভূতি কেনেকুৱা, এতিয়া বুজিব পাৰিছো।”

তাৰপাছতে তেওঁ দলৰ খেলুৱৈসকলৰ প্ৰশংসাত মুখৰ হৈ পৰে। কয়- “তীব্ৰ যুঁজ কৰিব লগা হৈছে আমাৰ। তাৰ মাজতো এইয়া ভাবি গৰ্বিত যে আমাৰ দলে যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব জানে।”

আৰ্জেণ্টিনাৰ জনতালৈ উদ্দেশ্যি স্কাল’নিয়ে কয়- “এই মুহূৰ্ত জীৱনলৈ বাৰে বাৰে নাহে। সকলোকে কওঁ, সময়খিনি যাতে সুন্দৰভাৱে উপভোগ কৰে।”

কিন্তু স্কালোনিৰ এই যাত্ৰা আৰম্ভণিৰে পৰা মধুৰ নাছিল। তেওঁৰ পূৰ্বসুৰী আছিল হোৰ্খে চাম্পাওলি। আন এটা লেটিন আমেৰিকান শক্তি চিলীৰ প্ৰশিক্ষক আছিল চাম্পাওলি। লাভ কৰিছিল অশেষ সফলতা। চাম্পাওলিৰ দিনতে কোপা আমেৰিকা জয়ী কৰিছিল চিলীয়ে। তাৰপাছতে আৰ্জেণ্টিনাৰ দায়িত্ব লয় তেওঁ। সহকাৰী হিচাপে থাকে লিঅ’নেল স্কালোনি।

কিন্তু ২০১৮ চনৰ বিশ্বকাপত চৰম বিফল হয় আৰ্জেণ্টিনা। বাদ পৰে প্ৰশিক্ষক চাম্পাওলি। অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে লিঅ’নেল স্কালোনিয়ে। তাৰপাছৰে পৰা বাকীখিনি ৰোমাঞ্চকৰ কাহিনীৰ দৰে।

অতি কম পৰিশ্ৰমিকেৰে দলৰ দায়িত্ব লয় স্কালোনিয়ে। ২০১৯ চনৰ কোপা আমেৰিকাত আৰ্জেণ্টিনাই চেমি ফাইনেললৈকে আগুৱাবলৈ সক্ষম হয়।  ২০২১ চনৰ কোপা আমেৰিকাত বিজয়সাব্যস্ত কৰিলে আৰ্জেণ্টিনাই। কোপা আমেৰিকাৰ পাছত ইউৰো বিজয়ী ইটালিকো ফাইনালিস্মাত হৰুৱাবলৈ সক্ষম হয়। তাৰপাছৰে পৰা আৰ্জেণ্টিনাৰ অগণন ফুটবলপ্ৰেমীৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰে স্কালোনি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক