--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱ দলৰ মুখ্য প্ৰশিক্ষক হাৰ্ভ ৰেনাৰ্ডে আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপত বৃহৎ বিজয়ৰ পিছত দেশখনৰ ৰাজপৰিয়ালে গোটেই দলটোক ৰোলছ ৰয়েছ উপহাৰ দিব বুলি ওলোৱা খবৰ  অস্বীকাৰ কৰিছে। 
এইবুলি  খবৰ বিয়পি পৰিছিল যে চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান আল চাউদে কাটাৰৰ পৰা উভতি অহাৰ পিছতে চৌদি আৰৱৰ দলটোৰ প্ৰতিজন খেলুৱৈক আৰএম ৬ মিলিয়ন ৰোলছ ৰয়েছ ফেণ্টম উপহাৰ দিব। অৱশ্যে শেহতীয়াকৈ ৰেনাৰ্ডে এই খবৰ ভুৱা বুলি উল্লেখ কৰি স্পষ্ট কৰি দিছে যে এই বিষয়ে প্ৰচাৰিত খবৰ  সঁচা নহয়। 

চৌদি আৰৱ দলৰ মুখ্য প্ৰশিক্ষক হাৰ্ভ ৰেনাৰ্ডে কয়, "আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ফেডাৰেচন আৰু ক্ৰীড়া মন্ত্ৰালয় আছে আৰু এই মুহূৰ্তত কিবা এটা পোৱাৰ সময় নহয়। আমি কেৱল এখন খেলহে খেলিছো, গ্ৰুপ পৰ্যায়ৰ দুখন অতি গুৰুত্বপূৰ্ণ খেল এতিয়াও খেলিবলৈ  আছেই। গতিকে এতিয়াই আমি ইমান বেছি একো আশা নকৰাই ভাল।  দুয়ো খন খেলতে জিকিব পাৰিম বুলি  আমি  আশা কৰি আছোঁ।" 

তেওঁ লগতে কয় "মই নাজানো , উপহাৰৰ কথা কিদৰে ওলাইছে।আৰ্জেণ্টিনাৰ সৈতে হোৱা খেল খনৰ আগতে অনুষ্ঠিত সংবাদমেলখন মই তেনে কোনো কথা কোৱা নাছিলো। মই কৈছিলো যে আৰ্জেণ্টিনাৰ খেলখন আমি খেলিবলগীয়া তিনিখন গুৰুত্বপূৰ্ণ খেলৰ ভিতৰৰে এখন  "। 

আৰ্জেণ্টিনাৰ বিৰুদ্ধে  প্ৰথমটো গ'ল কৰা চৌদি আৰৱৰ ফৰৱাৰ্ড চালেহ আল-শ্বেহৰিয়েও খবৰটো  মিছা বুলি অভিহিত কৰিছে। তেওঁ কয় "খবৰটো সঁচা নহয়। আমি ইয়াত আমাৰ দেশৰ সেৱা কৰিবলৈ আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ  কৰিবলৈ আহিছোঁ। এয়াই আমাৰ বাবে  পুৰস্কাৰ।" 

উল্লেখ্য  প্ৰথমে এজন পাকিস্তানী দন্ত চিকিৎসকে ছ'চিয়েল মিডিয়াৰ পোষ্টত  চৌদি দলটোৱে  বিলাসী গাড়ীখন লাভ কৰিব বুলি প্ৰচাৰ চলাইছিল। 

ইফালে, আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ঐতিহাসিক বিজয়ৰ পিছত দেশখনে উদযাপনৰ আয়োজন কৰিছে।অৱশ্যে, চৌদি আৰৱৰ দলটো  শনিবাৰে পোলেণ্ডৰ হাতত ২-০ গ'লৰ ব্যৱচ্ছেদত পৰাস্ত হয়।এতিয়া, মেক্সিকোৰ বিৰুদ্ধে দেশখনৰ অন্তিম খন গ্ৰুপ পৰ্যায়ৰ খেল বুধবাৰে অনুষ্ঠিত হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক