--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱ দলৰ মুখ্য প্ৰশিক্ষক হাৰ্ভ ৰেনাৰ্ডে আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপত বৃহৎ বিজয়ৰ পিছত দেশখনৰ ৰাজপৰিয়ালে গোটেই দলটোক ৰোলছ ৰয়েছ উপহাৰ দিব বুলি ওলোৱা খবৰ  অস্বীকাৰ কৰিছে। 
এইবুলি  খবৰ বিয়পি পৰিছিল যে চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান আল চাউদে কাটাৰৰ পৰা উভতি অহাৰ পিছতে চৌদি আৰৱৰ দলটোৰ প্ৰতিজন খেলুৱৈক আৰএম ৬ মিলিয়ন ৰোলছ ৰয়েছ ফেণ্টম উপহাৰ দিব। অৱশ্যে শেহতীয়াকৈ ৰেনাৰ্ডে এই খবৰ ভুৱা বুলি উল্লেখ কৰি স্পষ্ট কৰি দিছে যে এই বিষয়ে প্ৰচাৰিত খবৰ  সঁচা নহয়। 

চৌদি আৰৱ দলৰ মুখ্য প্ৰশিক্ষক হাৰ্ভ ৰেনাৰ্ডে কয়, "আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ফেডাৰেচন আৰু ক্ৰীড়া মন্ত্ৰালয় আছে আৰু এই মুহূৰ্তত কিবা এটা পোৱাৰ সময় নহয়। আমি কেৱল এখন খেলহে খেলিছো, গ্ৰুপ পৰ্যায়ৰ দুখন অতি গুৰুত্বপূৰ্ণ খেল এতিয়াও খেলিবলৈ  আছেই। গতিকে এতিয়াই আমি ইমান বেছি একো আশা নকৰাই ভাল।  দুয়ো খন খেলতে জিকিব পাৰিম বুলি  আমি  আশা কৰি আছোঁ।" 

তেওঁ লগতে কয় "মই নাজানো , উপহাৰৰ কথা কিদৰে ওলাইছে।আৰ্জেণ্টিনাৰ সৈতে হোৱা খেল খনৰ আগতে অনুষ্ঠিত সংবাদমেলখন মই তেনে কোনো কথা কোৱা নাছিলো। মই কৈছিলো যে আৰ্জেণ্টিনাৰ খেলখন আমি খেলিবলগীয়া তিনিখন গুৰুত্বপূৰ্ণ খেলৰ ভিতৰৰে এখন  "। 

আৰ্জেণ্টিনাৰ বিৰুদ্ধে  প্ৰথমটো গ'ল কৰা চৌদি আৰৱৰ ফৰৱাৰ্ড চালেহ আল-শ্বেহৰিয়েও খবৰটো  মিছা বুলি অভিহিত কৰিছে। তেওঁ কয় "খবৰটো সঁচা নহয়। আমি ইয়াত আমাৰ দেশৰ সেৱা কৰিবলৈ আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ  কৰিবলৈ আহিছোঁ। এয়াই আমাৰ বাবে  পুৰস্কাৰ।" 

উল্লেখ্য  প্ৰথমে এজন পাকিস্তানী দন্ত চিকিৎসকে ছ'চিয়েল মিডিয়াৰ পোষ্টত  চৌদি দলটোৱে  বিলাসী গাড়ীখন লাভ কৰিব বুলি প্ৰচাৰ চলাইছিল। 

ইফালে, আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ঐতিহাসিক বিজয়ৰ পিছত দেশখনে উদযাপনৰ আয়োজন কৰিছে।অৱশ্যে, চৌদি আৰৱৰ দলটো  শনিবাৰে পোলেণ্ডৰ হাতত ২-০ গ'লৰ ব্যৱচ্ছেদত পৰাস্ত হয়।এতিয়া, মেক্সিকোৰ বিৰুদ্ধে দেশখনৰ অন্তিম খন গ্ৰুপ পৰ্যায়ৰ খেল বুধবাৰে অনুষ্ঠিত হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু