--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত সৰু সৰু দলবোৰ এইবাৰ যেন অধিক শক্তিশালী হৈ পৰিছে৷  উদাহৰণ স্বৰূপে চৌদি আৰবে আৰ্জেণ্টিনাক পৰাস্ত কৰিছে, জাপানে জাৰ্মানীক পৰাস্ত কৰিছে আৰু মৰক্কোৱে বিশ্বৰ এক নম্বৰৰ দল বেলজিয়ামক পৰাস্ত কৰিছে৷  ইয়াৰ পিছত বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত ব্যাপক অস্থিৰতাৰ সৃষ্টি হয়। পৰাজয়ৰ গ্লানি সহিব নোৱাৰি চহৰ খনত বহুতে ইখনৰ পিছত সিখন গাড়ীত জুই লগাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী শূন্যলৈ গুলী চলাবলগীয়া হয়৷ আৰক্ষীয়ে ইতিম্যে  বহুতো প্ৰতিবাদকাৰীক আটক কৰিছে৷ 

ব্ৰাচেলছ আৰক্ষীয়ে কয়  যে বেলজিয়াম আৰু মৰক্কোৰ সমৰ্থকসকলৰ সংঘৰ্ষৰ পিছত অস্থিৰতা বৃদ্ধি পাইছে। বেলজিয়াম তুলনাত দুৰ্বল মৰক্কোৰ পৰাজিত হোৱাৰ কথাটো বেলজিয়ামৰ বহু লোকে মানি ল’ব পৰা নাই৷  পৰাজয়ৰ  ঠিক পিছতে মৰক্কোৰ কিছু সমৰ্থকে ব্ৰাছেলছৰ ৰাজপথত দেশখনৰ পতাকা উৰুৱাইছিল। তেওঁলোকে বিজয় উদযাপন কৰি আছিল। একে সময়তে বেলজিয়ামৰ সমৰ্থকসকলে চহৰখনৰ ৰাজপথসৈ ওলাই আহি সংৰ্ষত লিপ্ত হয়৷

 মৰক্কোৰ সমৰ্থকসকলৰ উদযাপন দেখি তেওঁলোকৰ কটা ঘাত যেন  নিমখে পৰিছিল। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত বহু লোক আহত হয়৷ বেলজিয়ামৰ সমৰ্থকসকলে ৰাস্তাত ৰখাই থোৱা গাড়ী আৰু স্কুটাৰত জুই লগাই দিয়ে। ইয়াৰ পিছত মৰক্কোৰ সমৰ্থকসকলৰ সৈতে মাৰপিটত লিপ্ত হয় । প্ৰতিবাদকাৰীসকলে হাতত লাঠি লৈ আহিছিল বুলি  আৰক্ষীয়ে কয়। ব্ৰাচেলচ চহৰৰ কেইবাঠাইতো তেওঁলোকে অৱৰোধ  কৰে। সংঘৰ্ষত  এজন সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানী হিলৈ ব্যৱহাৰ কৰে৷ 

অৱশেষত সন্ধিয়া ৭ বজাৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কিন্তু তেতিয়ালৈকে চহৰখনত ব্যাপক ধ্বংস যজ্ঞ সংঘটিত হয়। বহুতো লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement