--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত সৰু সৰু দলবোৰ এইবাৰ যেন অধিক শক্তিশালী হৈ পৰিছে৷  উদাহৰণ স্বৰূপে চৌদি আৰবে আৰ্জেণ্টিনাক পৰাস্ত কৰিছে, জাপানে জাৰ্মানীক পৰাস্ত কৰিছে আৰু মৰক্কোৱে বিশ্বৰ এক নম্বৰৰ দল বেলজিয়ামক পৰাস্ত কৰিছে৷  ইয়াৰ পিছত বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত ব্যাপক অস্থিৰতাৰ সৃষ্টি হয়। পৰাজয়ৰ গ্লানি সহিব নোৱাৰি চহৰ খনত বহুতে ইখনৰ পিছত সিখন গাড়ীত জুই লগাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী শূন্যলৈ গুলী চলাবলগীয়া হয়৷ আৰক্ষীয়ে ইতিম্যে  বহুতো প্ৰতিবাদকাৰীক আটক কৰিছে৷ 

ব্ৰাচেলছ আৰক্ষীয়ে কয়  যে বেলজিয়াম আৰু মৰক্কোৰ সমৰ্থকসকলৰ সংঘৰ্ষৰ পিছত অস্থিৰতা বৃদ্ধি পাইছে। বেলজিয়াম তুলনাত দুৰ্বল মৰক্কোৰ পৰাজিত হোৱাৰ কথাটো বেলজিয়ামৰ বহু লোকে মানি ল’ব পৰা নাই৷  পৰাজয়ৰ  ঠিক পিছতে মৰক্কোৰ কিছু সমৰ্থকে ব্ৰাছেলছৰ ৰাজপথত দেশখনৰ পতাকা উৰুৱাইছিল। তেওঁলোকে বিজয় উদযাপন কৰি আছিল। একে সময়তে বেলজিয়ামৰ সমৰ্থকসকলে চহৰখনৰ ৰাজপথসৈ ওলাই আহি সংৰ্ষত লিপ্ত হয়৷

 মৰক্কোৰ সমৰ্থকসকলৰ উদযাপন দেখি তেওঁলোকৰ কটা ঘাত যেন  নিমখে পৰিছিল। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত বহু লোক আহত হয়৷ বেলজিয়ামৰ সমৰ্থকসকলে ৰাস্তাত ৰখাই থোৱা গাড়ী আৰু স্কুটাৰত জুই লগাই দিয়ে। ইয়াৰ পিছত মৰক্কোৰ সমৰ্থকসকলৰ সৈতে মাৰপিটত লিপ্ত হয় । প্ৰতিবাদকাৰীসকলে হাতত লাঠি লৈ আহিছিল বুলি  আৰক্ষীয়ে কয়। ব্ৰাচেলচ চহৰৰ কেইবাঠাইতো তেওঁলোকে অৱৰোধ  কৰে। সংঘৰ্ষত  এজন সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানী হিলৈ ব্যৱহাৰ কৰে৷ 

অৱশেষত সন্ধিয়া ৭ বজাৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কিন্তু তেতিয়ালৈকে চহৰখনত ব্যাপক ধ্বংস যজ্ঞ সংঘটিত হয়। বহুতো লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু