--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি অনুৰাগীসকলৰ বাবে অত্যন্ত উদ্বেগপূৰ্ণ খবৰ! বিশ্বকাপৰ চেমিফাইনেলৰ পৰা বাদ পৰিব পাৰে আৰ্জেণ্টিনাৰ মূল তাৰকাগৰাকী! ক্ৰ’ৱেছিয়াক প্ৰত্যাহ্বান জনাবলৈ খেলপথাৰত নামিব নোৱাৰিবও পাৰে মেছিয়ে।

ইয়াৰ কাৰণ হৈছে কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডছৰ বিৰুদ্ধে কৰা মেছিৰ আচৰণ। তাৰকাগৰাকীৰ আক্ৰমণাত্মক আচৰণৰ বাবে ফিফাই কঠোৰ পদক্ষেপ ল’ব পাৰে।

নেদাৰলেণ্ডছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৰেফাৰীৰ ওপৰত মেজাজ উগ্ৰ হৈ পৰিছিল মেছিৰ। শান্ত স্বভাৱৰ মেছিৰ উগ্ৰমূৰ্তি দেখি স্তম্ভিত হৈ পৰে ফুটবলপ্ৰেমীসকল। মেচখনত হালধিয়া কাৰ্ডো লাভ কৰিছিল মেছিয়ে।

মেচ শেষ হোৱাৰ পাছতো ৰেফাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল মেছি। মেচখনত ১৫ খন হালধিয়া কাৰ্ড দেখুৱাইছিল ৰেফাৰীয়ে। মেছিয়ে কয় যে এনেধৰণৰ ৰেফাৰীক আচলতে খেল পৰিচালনা কৰিবলৈ ফিফাই দিবই নালাগে।

তদুপৰি নেদাৰলেণ্ডছৰ কোচ এৰিক ভান হালৰ স’তেও উত্তেজনাপূৰ্ণ বাক্যবিনিময় কৰিছিল মেছিয়ে। কেৱল ভান হালেই নহয়, নেদাৰলেণ্ডছৰ খেলুৱৈক উদ্দেশ্যিও গালি গালাজ কৰিছিল মেছিয়ে।

ইয়াৰ ফলতে ফিফাই তদন্ত কৰিবলৈ উলাইছে মেছিৰ বিৰুদ্ধে। তাৰ পাছতে তীব্ৰ আশংকা বিৰাজ কৰিছে আৰ্জেণ্টাইন অনুৰাগীসকলৰ মাজত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক