--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি অনুৰাগীসকলৰ বাবে অত্যন্ত উদ্বেগপূৰ্ণ খবৰ! বিশ্বকাপৰ চেমিফাইনেলৰ পৰা বাদ পৰিব পাৰে আৰ্জেণ্টিনাৰ মূল তাৰকাগৰাকী! ক্ৰ’ৱেছিয়াক প্ৰত্যাহ্বান জনাবলৈ খেলপথাৰত নামিব নোৱাৰিবও পাৰে মেছিয়ে।

ইয়াৰ কাৰণ হৈছে কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডছৰ বিৰুদ্ধে কৰা মেছিৰ আচৰণ। তাৰকাগৰাকীৰ আক্ৰমণাত্মক আচৰণৰ বাবে ফিফাই কঠোৰ পদক্ষেপ ল’ব পাৰে।

নেদাৰলেণ্ডছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৰেফাৰীৰ ওপৰত মেজাজ উগ্ৰ হৈ পৰিছিল মেছিৰ। শান্ত স্বভাৱৰ মেছিৰ উগ্ৰমূৰ্তি দেখি স্তম্ভিত হৈ পৰে ফুটবলপ্ৰেমীসকল। মেচখনত হালধিয়া কাৰ্ডো লাভ কৰিছিল মেছিয়ে।

মেচ শেষ হোৱাৰ পাছতো ৰেফাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল মেছি। মেচখনত ১৫ খন হালধিয়া কাৰ্ড দেখুৱাইছিল ৰেফাৰীয়ে। মেছিয়ে কয় যে এনেধৰণৰ ৰেফাৰীক আচলতে খেল পৰিচালনা কৰিবলৈ ফিফাই দিবই নালাগে।

তদুপৰি নেদাৰলেণ্ডছৰ কোচ এৰিক ভান হালৰ স’তেও উত্তেজনাপূৰ্ণ বাক্যবিনিময় কৰিছিল মেছিয়ে। কেৱল ভান হালেই নহয়, নেদাৰলেণ্ডছৰ খেলুৱৈক উদ্দেশ্যিও গালি গালাজ কৰিছিল মেছিয়ে।

ইয়াৰ ফলতে ফিফাই তদন্ত কৰিবলৈ উলাইছে মেছিৰ বিৰুদ্ধে। তাৰ পাছতে তীব্ৰ আশংকা বিৰাজ কৰিছে আৰ্জেণ্টাইন অনুৰাগীসকলৰ মাজত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে