--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসামান্য প্ৰদৰ্শনেৰে কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত উপনীত হৈছে মৰক্কো। অনবদ্য প্ৰদৰ্শন আগবঢ়াইছে দলটোৰ তাৰকা ফুটবলাৰ আচ্ৰাফ হাকিমিয়ে। চৰ্চালৈ আহিছে হাকিমিৰ পৰিয়ালো। চৰ্চাত আছে হাকিমিৰ পত্নী তথা মডেল হিবা আবুক।

হিবা আবুকক লৈ বাংলাদেশৰ লেখিকা তছলিমা নাছৰিণে এটা বিশেষ টুইট কৰিছে। টুইটাৰত এখনি ফটো প’ষ্ট কৰিছে তছলিমাই। ফটোখনত দেখা গৈছে সম্পূৰ্ণ আধুনিক ফেশ্বনৰ সাজ পৰিধান কৰি হিবাই হাকিমিৰ কান্ধত কান্ধ মিলাই খোজকাঢ়িছে।

ফটোখনৰ স’তে তছলিমাই লিখে- “তেওঁলোকো মুছলিম কিন্তু বোৰ্খা বা হিজাবতো পিন্ধা নাই!” ইয়াৰ দ্বাৰা তছলিমাই মূলতঃ মুছলিমসকলৰ গোড়া বোৰ্খা প্ৰথাকে আক্ৰমণ কৰি লৈছে।

তছলিমাৰ টুইটটোৰ পাছতে ই ব্যাপক চৰ্চা লাভ কৰিছে। অনেকে বোৰ্খা তথা হিজাবৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপত মহিলাৰ পোছাকক লৈ ব্যাপক বিতৰ্ক চলি থকা দেখা গৈছে। শেহতীয়াকৈ ইৰাণত দেখা দিয়া হিজাৱবিৰোধী আন্দোলনৰো প্ৰভাৱ পৰিছে কাটাৰত। বিশেষকৈ ইৰাণৰ ফুটবল দলটোৱে চৰকাৰৰ দমনৰ প্ৰতি প্ৰতিবাদ জনাইছে। আনহাতে, ক্ৰ’ৱেশ্চিয়াৰ মডেল ইভানা নলে কাটাৰত বিকিনি পৰিধান কৰি এই বিতৰ্কত জ্বলা জুইত ঘিউ ঢালিছে। তাৰপাছতে তছলিমাৰ দৰে এগৰাকী প্ৰভাৱশালী লেখিকাই কৰা এই টুইটটোৱে বিষয়টোক নতুন মাত্ৰা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক