--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসামান্য প্ৰদৰ্শনেৰে কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত উপনীত হৈছে মৰক্কো। অনবদ্য প্ৰদৰ্শন আগবঢ়াইছে দলটোৰ তাৰকা ফুটবলাৰ আচ্ৰাফ হাকিমিয়ে। চৰ্চালৈ আহিছে হাকিমিৰ পৰিয়ালো। চৰ্চাত আছে হাকিমিৰ পত্নী তথা মডেল হিবা আবুক।

হিবা আবুকক লৈ বাংলাদেশৰ লেখিকা তছলিমা নাছৰিণে এটা বিশেষ টুইট কৰিছে। টুইটাৰত এখনি ফটো প’ষ্ট কৰিছে তছলিমাই। ফটোখনত দেখা গৈছে সম্পূৰ্ণ আধুনিক ফেশ্বনৰ সাজ পৰিধান কৰি হিবাই হাকিমিৰ কান্ধত কান্ধ মিলাই খোজকাঢ়িছে।

ফটোখনৰ স’তে তছলিমাই লিখে- “তেওঁলোকো মুছলিম কিন্তু বোৰ্খা বা হিজাবতো পিন্ধা নাই!” ইয়াৰ দ্বাৰা তছলিমাই মূলতঃ মুছলিমসকলৰ গোড়া বোৰ্খা প্ৰথাকে আক্ৰমণ কৰি লৈছে।

তছলিমাৰ টুইটটোৰ পাছতে ই ব্যাপক চৰ্চা লাভ কৰিছে। অনেকে বোৰ্খা তথা হিজাবৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপত মহিলাৰ পোছাকক লৈ ব্যাপক বিতৰ্ক চলি থকা দেখা গৈছে। শেহতীয়াকৈ ইৰাণত দেখা দিয়া হিজাৱবিৰোধী আন্দোলনৰো প্ৰভাৱ পৰিছে কাটাৰত। বিশেষকৈ ইৰাণৰ ফুটবল দলটোৱে চৰকাৰৰ দমনৰ প্ৰতি প্ৰতিবাদ জনাইছে। আনহাতে, ক্ৰ’ৱেশ্চিয়াৰ মডেল ইভানা নলে কাটাৰত বিকিনি পৰিধান কৰি এই বিতৰ্কত জ্বলা জুইত ঘিউ ঢালিছে। তাৰপাছতে তছলিমাৰ দৰে এগৰাকী প্ৰভাৱশালী লেখিকাই কৰা এই টুইটটোৱে বিষয়টোক নতুন মাত্ৰা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক