--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ মহাৰণৰ আজি অন্তিম দিন। আজিয়েই নিৰ্ধাৰণ হ’ব কোন হ’ব বিশ্বৰ ফুটবলৰ ৰজা। ফাইনেল খেলখনৰ কেইঘণ্টামান আগতে ফিফা জ্বৰে এতিয়া আক্ৰান্ত কৰিছে সমগ্ৰ বিশ্বকে। ইয়াৰ পৰা মুক্ত হৈ থাকিব পৰা নাই ভাৰতো।

 সমগ্ৰ বিশ্বতে এতিয়া  প্ৰাক-মেচ উত্তেজনাই বিৰাজ কৰি আছে।  ফুটবল অনুৰাগীসকলে আৰ্জেণ্টিনাৰ বাবে আনন্দ আৰু উল্লাস প্ৰকাশ কৰাও দেখা গৈছে। আনন্দৰ  দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেলো হৈ পৰিছে।  ভাৰতৰ এখন  ছবিখনে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

মেছিৰ অনুৰাগী আৰু আৰ্জেণ্টিনা দলৰ প্ৰতি থকা মৰম ভাৰতত ব্যাপক হাৰত উপচি পৰিছে।  আৰ্জেণ্টিনাৰ সমৰ্থনত সজাই তোলা এখন  চাহৰ দোকানে  এতিয়া নেটিজেনক আমোদ দিছে। পশ্চিম বংগৰ এই দোকান খনৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । য'ত এগৰাকী মহিলা অনুৰাগীয়ে আৰ্জেণ্টিনা দলৰ  বাবে শুভকামনা জনোৱাৰ লগতে  আৰ্জেণ্টিনাৰ বাবে আনন্দ প্ৰকাশ  কৰিছে। আৰ্জেণ্টিনাৰ সফলতা কামনা কৰি   তেওঁ গ্ৰাহকসকলক বিনামূলীয়াকৈ চাহ আগবঢ়াইছে।

গ্ৰাহকে বিনামূলীয়াকৈ চাহ খোৱাৰ লতে আৰ্জেণ্টিনাক আশীৰ্বাদ কৰিছে।  আনকি চাহ প্ৰস্তুত কৰা দোকান খনৰ ছাইনবোৰ্ডৰ কাষত থিয় হৈ থকা মহিলাগৰাকীয়ে আৰ্জেণ্টিনাৰ বাবে বিনামূলীয়া চাহ  খাই যাওঁক বুলিও কয়। চাইনবোৰ্ডত দোকান খনৰ নাম  তাইক "কালু দি" বুলি উল্লেখ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু