--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ চাহিবগঞ্জতৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে আন এক ঘটনা সংঘটিত হৈছে চাহিবগঞ্জত। ইয়াত দিলদাৰ আনছাৰী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্তৰ মতে, দিলদাৰ আনছাৰীয়ে নিজৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত মৃতদেহটো ১২ টুকুৰা কৰি পেলাই দিয়ে। আৰক্ষীয়ে অভিযুক্ত স্বামী দিলদাৰ আনছাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। 

আৰক্ষীৰ তথ্য অনুসৰি মৃত মহিলাগৰাকীৰ নাম ৰবিতা পাহাদিন। তেওঁ আছিল জনজাতীয় সমাজৰ। দিলদাৰ আনছাৰীয়ে ১০-১৫ দিন আগতে ৰবিতাক বিয়া কৰাইছিল। অভিযুক্তই বিয়া পাতি ৰবিতাক দ্বিতীয় পত্নী কৰি লৈছিল। বহু বছৰ ধৰি অভিযুক্ত দিলদাৰ আনছাৰী আৰু ৰবিতাৰ প্ৰেমৰ সম্পৰ্ক চলি আছিল। কোৱা হৈছে যে শুকুৰবাৰে নিশা অভিযুক্তই এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে সন্ধিয়া বৰিঅ’ সান্থালী অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণাধীন অট্টালিকাৰ পিছফালৰ পৰা মানুহৰ ভৰিৰ টুকুৰা এটা উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে। তাৰ পিছত আৰক্ষীয়ে বহু ঠাইত অভিযান চলায়। ইয়াৰ পাছত অভিযুক্ত দিলদাৰ আনছাৰীৰ সকলো আত্মীয়ৰ স্থানত অভিযান চলোৱা হয়। পৰবৰ্তী সময়ত অভিযুক্ত গৰাকীৰ মোমায়েক মইনুল আনছাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহৃত দুটা চোকা অস্ত্ৰ। সেই স্থানৰ পৰা পলাতক মইনুল আনছাৰী।

চাহিবগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, জনজাতি জনগোষ্ঠীৰ ২২ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহৰ ১২ টুকুৰা উদ্ধাৰ কৰা হৈছে। শৰীৰৰ কিছু অংশ এতিয়াও পোৱা নাই। তেওঁৰ সন্ধান অব্যাহত আছে। মৃত মহিলাগৰাকীৰ স্বামী দিলদাৰ আনছাৰীক আৰক্ষীয়ে জিম্মাত লৈছে। মৃত মহিলাগৰাকী তেওঁৰ দ্বিতীয় পত্নী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু