--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ চাহিবগঞ্জতৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে আন এক ঘটনা সংঘটিত হৈছে চাহিবগঞ্জত। ইয়াত দিলদাৰ আনছাৰী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্তৰ মতে, দিলদাৰ আনছাৰীয়ে নিজৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত মৃতদেহটো ১২ টুকুৰা কৰি পেলাই দিয়ে। আৰক্ষীয়ে অভিযুক্ত স্বামী দিলদাৰ আনছাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। 

আৰক্ষীৰ তথ্য অনুসৰি মৃত মহিলাগৰাকীৰ নাম ৰবিতা পাহাদিন। তেওঁ আছিল জনজাতীয় সমাজৰ। দিলদাৰ আনছাৰীয়ে ১০-১৫ দিন আগতে ৰবিতাক বিয়া কৰাইছিল। অভিযুক্তই বিয়া পাতি ৰবিতাক দ্বিতীয় পত্নী কৰি লৈছিল। বহু বছৰ ধৰি অভিযুক্ত দিলদাৰ আনছাৰী আৰু ৰবিতাৰ প্ৰেমৰ সম্পৰ্ক চলি আছিল। কোৱা হৈছে যে শুকুৰবাৰে নিশা অভিযুক্তই এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে সন্ধিয়া বৰিঅ’ সান্থালী অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণাধীন অট্টালিকাৰ পিছফালৰ পৰা মানুহৰ ভৰিৰ টুকুৰা এটা উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে। তাৰ পিছত আৰক্ষীয়ে বহু ঠাইত অভিযান চলায়। ইয়াৰ পাছত অভিযুক্ত দিলদাৰ আনছাৰীৰ সকলো আত্মীয়ৰ স্থানত অভিযান চলোৱা হয়। পৰবৰ্তী সময়ত অভিযুক্ত গৰাকীৰ মোমায়েক মইনুল আনছাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহৃত দুটা চোকা অস্ত্ৰ। সেই স্থানৰ পৰা পলাতক মইনুল আনছাৰী।

চাহিবগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, জনজাতি জনগোষ্ঠীৰ ২২ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহৰ ১২ টুকুৰা উদ্ধাৰ কৰা হৈছে। শৰীৰৰ কিছু অংশ এতিয়াও পোৱা নাই। তেওঁৰ সন্ধান অব্যাহত আছে। মৃত মহিলাগৰাকীৰ স্বামী দিলদাৰ আনছাৰীক আৰক্ষীয়ে জিম্মাত লৈছে। মৃত মহিলাগৰাকী তেওঁৰ দ্বিতীয় পত্নী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক