--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব অভিনেতা কমল হাছানে। অহা সপ্তাহত দিল্লীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ যাত্ৰাটোৱে। তাতে দেখা যাব দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতাগৰাকীক।

উল্লেখ্য যে তামিলাডুত কমল হাছানে মাক্কাল নীদি মায়াম নামৰ এটা ৰাজনৈতিক দলৰো নেতৃত্বত আছে। দলটোৰ দ্বাৰা হাছানে তীব্ৰ বিজেপি বিৰোধী স্থিতি লৈ আছে। তেনেসময়তে, ৰাহুল গান্ধীৰ স’তে কমল হাছানে যাত্ৰাত অংশ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

জানিব পৰামতে, ২৪ ডিচেম্বৰত দিল্লী প্ৰৱেশ কৰিব ভাৰত জোড়ো যাত্ৰাই। ৮ দিনৰ বিৰতি লোৱাৰ পাছত বিজেপি শাসিত উত্তৰপ্ৰদেশত সোমাব যাত্ৰাটো। তাৰপাছত হাৰিয়ানা, পাঞ্জাৱ, জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব ৰাহুল গান্ধীয়ে।

যোৱা শুক্ৰবাৰেই যাত্ৰাৰ ১০০ দিন পূৰ্ণ হৈছে। বৰ্তমানলৈকে তামিলনাডু, কেৰালা, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানক সামৰি লোৱা হৈছে। যাত্ৰাৰ ১০০ দিন উদযাপন কৰা হয় এটা সাংস্কৃতিক সন্ধিয়াৰে। তাত সুনিধি চৌহানে সংগীত পৰিৱেশন কৰে।

বৰ্তমানলৈকে কেইবাজনো জনপ্ৰিয় ব্যক্তিয়ে যাত্ৰাটোত অংশ লৈছে। ইয়াৰ ভিতৰত অন্যতম হ’ল ৰিভাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন, অভিনেত্ৰী স্বাৰা ভাস্কৰ, ৰিয়া সেন, পূজা ভাট ইত্যাদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement