--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব অভিনেতা কমল হাছানে। অহা সপ্তাহত দিল্লীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ যাত্ৰাটোৱে। তাতে দেখা যাব দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতাগৰাকীক।

উল্লেখ্য যে তামিলাডুত কমল হাছানে মাক্কাল নীদি মায়াম নামৰ এটা ৰাজনৈতিক দলৰো নেতৃত্বত আছে। দলটোৰ দ্বাৰা হাছানে তীব্ৰ বিজেপি বিৰোধী স্থিতি লৈ আছে। তেনেসময়তে, ৰাহুল গান্ধীৰ স’তে কমল হাছানে যাত্ৰাত অংশ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

জানিব পৰামতে, ২৪ ডিচেম্বৰত দিল্লী প্ৰৱেশ কৰিব ভাৰত জোড়ো যাত্ৰাই। ৮ দিনৰ বিৰতি লোৱাৰ পাছত বিজেপি শাসিত উত্তৰপ্ৰদেশত সোমাব যাত্ৰাটো। তাৰপাছত হাৰিয়ানা, পাঞ্জাৱ, জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব ৰাহুল গান্ধীয়ে।

যোৱা শুক্ৰবাৰেই যাত্ৰাৰ ১০০ দিন পূৰ্ণ হৈছে। বৰ্তমানলৈকে তামিলনাডু, কেৰালা, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানক সামৰি লোৱা হৈছে। যাত্ৰাৰ ১০০ দিন উদযাপন কৰা হয় এটা সাংস্কৃতিক সন্ধিয়াৰে। তাত সুনিধি চৌহানে সংগীত পৰিৱেশন কৰে।

বৰ্তমানলৈকে কেইবাজনো জনপ্ৰিয় ব্যক্তিয়ে যাত্ৰাটোত অংশ লৈছে। ইয়াৰ ভিতৰত অন্যতম হ’ল ৰিভাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন, অভিনেত্ৰী স্বাৰা ভাস্কৰ, ৰিয়া সেন, পূজা ভাট ইত্যাদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু