--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাই এইবাৰো জয় কৰিব নোৱাৰে বিশ্বকাপ। এই বক্তব্য প্ৰদান কৰিছে ব্ৰাজিলৰ বিশ্বকাপবিজয়ী প্ৰাক্তন তাৰকা ৰোণাল্ডো নাজাৰিয়’ই। ৰোণাল্ডোৱে কয় যে যোৱাবাৰৰ দৰেই এইবাৰো ফ্ৰান্সেই জয় কৰিব বিশ্বকাপ।

বিশ্বকাপৰ চেমিফাইনেলত উপনীত হোৱাৰ পাছতে আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ মাজত উৎসাহৰ অন্ত নাই। অৱশেষত লিঅ’নেল মেছিয়ে মাৰাডোনাৰ দৰেই বিশ্বজয় কৰাৰ সপোন দেখা আৰম্ভ কৰিছে অনুৰাগীসকলে। কিন্তু ৰোণাল্ডোৰ এই বক্তব্য এই সময়ছোৱাতে লক্ষ্যণীয় হৈ পৰিছে।

 “বিশ্বকাপৰ আৰম্ভণিৰে পৰা মোৰ অনুমান আছিল যে ব্ৰাজিল বা ফ্ৰান্সৰ মাজৰে কোনোবাই বিশ্বকাপ জিকিব। ব্ৰাজিলৰ এতিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। কিন্তু ফ্ৰান্স আছে।”- ৰোণাল্ডোৱে কয়।

কিন্তু কিয় আৰ্জেণ্টিনাই বিশ্বকাপ জিকিব নোৱাৰে সেয়াও জনায় ফুটবল তাৰকাগৰাকীয়ে। কয়- “আৰ্জেণ্টিনাই মেছিৰ ওপৰতে নিৰ্ভৰ কৰে। মেছিক ধৰি ৰাখিব পাৰিলে দলটোৰ জিকা কঠিন হৈ পৰে। কিন্তু ফ্ৰান্স কোনো এজন ফুটবলাৰৰ ওপৰত নিৰ্ভৰ নকৰে। অনেক ভাল ভাল ফুটবলাৰ আছে দলটোত।”

উল্লেখ্য যে দুহেজাৰ দুই চনৰ বিশ্বকাপত দমনীয় প্ৰদৰ্শন আগবঢ়াইছিল ৰোণাল্ডোৱে। সেইবাৰ ব্ৰাজিলে বিশ্বকাপ জয় কৰিছিল। জাৰ্মানীৰ স’তে হোৱা ফাইনেলত ৰোণাল্ডোৱে দুটাকৈ গ’ল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক