--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ'নেল মেছিৰ  আৰ্জেণ্টিনাই ক্ৰোৱেছিয়াৰ বাধা অতিক্ৰম কৰি বিশ্ব জয়ৰ সপোন পূৰণৰ দিশে অগ্ৰসৰ হৈছে। ছেমি ফাইনেলত প্ৰায় একপক্ষীয় যুঁজত লুকা মড্ৰিকে ক্ৰোৱেছিয়াক ৩-০ গ'লত পৰাস্ত কৰে। লিঅ' মেছিৰ নেতৃত্বত  আৰ্জেণ্টিনাই বিশ্ব জয়ৰ সপোন দেখি আছে মেছিয়ে  পেনাল্টি স্পটৰ পৰা গ'ল কৰি দলটোক জয়ৰ দিশে আগুৱাই নিয়ে৷

খেলপথাৰ যেন  লিয়োনেল মেছিৰ বাবে অধিক সুবিধাজনক  আছিল। সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলে মেছি-মেজিকৰ বাবে অপেক্ষা কৰি আছিল। লিঅ'ই অনুৰাগীসকলক নিৰাশ নকৰিলে৷  তেওঁ দৰ্শকক আকাংক্ষিত  'যাদু মুহূৰ্ত' একাধিকবাৰ উপহাৰ দিলে। 

সমগ্ৰ বিশ্বকাপত ক্ৰোৱেছিয়াই প্ৰতিৰক্ষামূলক খেল খেলে যদিও সময়ত ব্যৰ্থ হয়৷ আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়োনেল স্কেলোনিয়ে মড্ৰিকক সেই প্ৰতিৰক্ষা বেহু ভাঙিবলৈ তেওঁৰ দলৰ খেলুৱৈসকলক ভালদৰেই মন্ত্ৰ দিব পাৰিলে । আৰ্জেণ্টিনাই ৰক্ষণাত্মক আৰম্ভণি কৰিছিল আৰু সেইমতেই আগুৱাই গৈছিল৷  

খেলখনৰ প্ৰথম ৩৪ মিনিটত  আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰক বাধা দিবলৈ চেষ্টা কৰোঁতে ক্ৰোৱেচিয়ান গ'লৰক্ষকে ফাউল কৰিছিল। আৰ্জেণ্টিনাই পেনাল্টি পাইছিল। যদিও সেই পেনাল্টিক লৈ কিছু বিতৰ্ক হৈছিল, মেছিয়ে পেনাল্টি স্পটৰ পৰা বিপক্ষৰ নেটত বলটো সুন্দৰভাবে প্ৰৱেশ কৰোৱাইছিল। বিশ্বকাপত এইটো দিয়া মেছিৰ ১১ সংখ্যক  গ'ল আছিল। 

তেওঁ এনেদৰে বিশ্বকাপত আৰ্জেণ্টিনাৰ সৰ্বাধিক গোলদাতা গেব্ৰিয়েল বাটিষ্টুটাক অতিক্ৰম কৰি। । তেওঁ এমবাপেৰ সৈতে যুটীয়াভাৱে চলিত বিশ্বকাপত সৰ্বাধিক স্কোৰাৰ।মেছিৰ গ'লৰ পাঁচ মিনিট পিছত ফুটবল বিশ্বই আলভাৰেজৰ যাদুৰ সাক্ষী হয়। প্ৰায় অকল, সমগ্ৰ ক্ৰোৱেছিয়া ডিফেন্স গ্ৰাউণ্ডক তেওঁ ভাঙি তচনচ কৰিছিল৷   প্ৰথমাৰ্ধত আৰ্জেণ্টিনা ২-০ গ'লত আগবাঢ়ি যায়। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ক্ৰোৱেছিয়াই অলপ আক্ৰমণাত্মক হ'বলৈ চেষ্টা কৰিছিল। 

কিন্তুসেই কাৰ্যই  বিপদ অধিক বৃদ্ধি কৰে। মেছিৰ যাদুৱে দলটোক বিধ্বস্ত কৰি পেলায়৷  সময়ৰ লগে লগে নীলা-বগা ব্ৰিগেডে ৩-০ ত আগবাঢ়ি গৈছিল। বাকী খেলখন কেৱল নিয়মৰ বাবেহে যেন খেলা হৈছিল৷   ৩ টা গ'লত পিছ পৰি থকা ক্ৰোৱেছিয়া ইমানেই বিধ্বস্ত হৈছিল যে তেওঁলোকে পিছলৈ খেলাৰ সকলো স্পৃহা হেৰুৱাই পেলাইছিল৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক