--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰৰ লুচাইল ষ্টেডিয়াম আজি উত্তেজনাময় হৈ পৰিছে। আজি নিৰ্ণয় হ’ব লিঅ’নেল মেছিৰ ভাগ্য। বিশ্বজয়ৰ বাবে মেছিৰ আৰ্জেণ্টনাৰ সমুখত প্ৰাচীৰ হৈ থিয় দিছে ক্ৰ’ৱেশ্চিয়া। বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেলত ক্ৰ’ৱেশ্চিয়াৰ প্ৰতিৰোধ ভংগ কৰিব পাৰিলেই ফাইনেলত উপনীত হ’ব মেছিবাহিনী।

কিন্তু এয়া সহজ নহ’ব আৰ্জেণ্টনাৰ বাবে। ক্ৰ’ৱেশ্চিয়া সম্প্ৰতি ফুটবলৰ এটা চাঞ্চল্যকৰ নাম। ২০১৮ চনৰ বিশ্বকাপত ফাইনেলত উপনীত হৈ চমক সৃষ্টি কৰিছিল ক্ৰ’ৱেশ্চিয়াই। কোনেও ভবা নাছিল যে বাঘা বাঘা দেশ থাকোতে এই সৰু বালকান দেশখনে বিশ্বজয়ৰ দিশে অগ্ৰসৰ হ’ব!

এইবাৰো ক্ৰ’ৱেশ্চিয়াৰ জয়যাত্ৰা অব্যাহত আছে। কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছে তাৰকাখচিত ব্ৰাজিলক। এইবাৰ লক্ষ্য কৰি লৈছে লেটিন আমেৰিকাৰে আন এটা শক্তি আৰ্জেণ্টিনাক।

ইতিমধ্যে আৰ্জেণ্টিনাক লৈ বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে ক্ৰ’ৱেশ্চিয়াই। দলৰ অধিনায়ক লুকা মদ্ৰিছে জনাইছে যে কেৱল মেছিয়েই নহয়, আৰ্জেণ্টিনাৰ সকলো খেলুৱৈৰ ওপৰতে তেওঁলোকে বিশেষ দৃষ্টি ৰাখিব।

ব্ৰাজিলৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত অনবদ্য প্ৰদৰ্শন আগবঢ়াই চৰ্চাত আছে ক্ৰ’ৱেশ্চিয়াৰ গ’লৰক্ষক ডমিনিক লিভাক’ভিক। লিভাক’ভিকৰ দেৱাল ভাঙিবলৈ মেছি বাহিনীৰ বাবে সহজ নহ’ব।

ৰক্ষণ বিভাগত আছে জুৰান’ভিক, লভৰেন, জিভাৰ্ডিঅ’লৰ দৰে ডিফেণ্ডাৰ। ক্ৰ’ৱেশ্চিয়াৰ এই শক্তিশালী ৰক্ষণবিভাগক ভাঙিবলৈ মেছিবাহিনীয়ে তীব্ৰ চেষ্টা কৰিব।

ইভান পেৰিছিক, ক্ৰামাৰিকৰ দৰে ফৰৱাৰ্ডেৰে গঠিত ক্ৰ’ৱেশ্চিয়াৰ আক্ৰমণ বিভাগো শক্তিশালী। কিন্তু দমনীয় প্ৰদৰ্শনৰ বাবে চৰ্চাত আছে দলটোৰ মিডফিল্ড। মিডফিল্ডৰ মূল স্তম্ভ হিচাপে আছে অধিনায়ক লুকা মড্ৰিক আৰু এম ব্ৰ’জ’ভিক। ৰিয়েল মাদ্ৰিদৰ তাৰকা লুকা মদ্ৰিক সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে ধৰা হয়। মেছিৰ আক্ৰমণো মড্ৰিকে লা লীগাত কেইবাবাৰো সন্মুখিন হৈছে।

আনহাতে, আৰ্জেণ্টনাক এইবাৰৰ বিশ্বকাপ বিজয়ৰ অন্যতম দাবীদাৰ হিচাপে গণ্য কৰা হৈ আহিছে। চৌদী আৰৱৰ হাতত বিশ্বকাপৰ প্ৰথমখন মেচত পৰাস্ত হ’লেও মূলতঃ লিঅ’নেল মেছিৰ অনবদ্য প্ৰদৰ্শনৰ ফলতে আৰ্জেণ্টনাই চেমি ফাইনেলত উপনীত হ’ব পাৰিছে।

মেছিয়ে বিশ্বকাপত মুঠ চাৰিটা গ’ল আৰু দুটাকৈ এচিষ্টেৰে উজ্বলি আছে। দলৰ আক্ৰমণ বিভাগত মেছিয়ে প্ৰদৰ্শন কৰিছে অনবদ্য নেতৃত্বৰ। খেলৰ নিৰ্ণায়ক মুহূৰ্তত মেছিয়ে দলক আগুৱাই নিছে। ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধে তাৰকাগৰাকীয়ে কি প্ৰদৰ্শন আগবঢ়ায় সেয়া লক্ষ্যণীয় হ’ব।

আৰ্জেণ্টনাৰ আক্ৰমণ বিভাগত আছে হুৱান আলভাৰেজ, পাপু গমেজ, লাউতাৰো মাৰ্টিনেজৰ দৰে তাৰকা। উইঙত আছে এনহেল ডি মাৰিয়াৰ দৰে অভিজ্ঞ তাৰকা। কিন্তু লাউতাৰো মাৰ্টিনেজৰ শেহতীয়া ফৰ্মহীনতাই চাপত ৰাখিব আৰ্জেণ্টিনাক। পাউলো ডিবালাৰ দৰে তৰুণ তাৰকা আছে যদিও খেলত নমোৱা হোৱা নাই।

মিডফিল্ডৰ গুৰি ধৰিব মেছিয়ে নিজে। মেছিৰ স’তে থাকিব ডি পল, এঞ্জ’ ফাৰ্ণাণ্ডেজ, মেক এলিষ্টাৰৰ দৰে তাৰকা। বিশ্বকাপৰ কেইবাখনো মেচত সন্তোষজনক প্ৰদৰ্শন আগবঢ়াব পৰা নাই ডি পলে। কিন্তু শেহতীয়াকৈ তেওঁৰ ফৰ্ম ঘূৰি অহাটো দলৰ বাবে মংগলৰ কাৰণ হৈ পৰিছে।

ৰক্ষণ বিভাগত মূল স্তম্ভ হিচাপে থাকিব চেণ্টাৰ বেক নিক’লাছ অটামেণ্ডি। ইতিমধ্যে বিশ্বকাপত অটামেণ্ডিয়ে বিপক্ষক দূৰ্দান্তভাৱে প্ৰতিৰোধ কৰিছে। অটামেণ্ডিৰ উপৰিও লিজাণ্ড্ৰ’ মাৰ্টিনেজ, নাহুৱেল মলিনাৰ দৰে তৰুণ তাৰকা। ইতিমধ্যে দুখনকৈ মেচত ক্ৰমাগতভাৱে হালধিয়া কাৰ্ড লাভ কৰি চেমি ফাইনেলৰ পৰা বঞ্চিত হৈছে মাৰ্ক’ছ একুনা। একুনাই বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে।

ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমি মাৰ্টিনেজৰ প্ৰদৰ্শন লক্ষ্যণীয় হ’ব। নেদাৰলেণ্ড, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল মাৰ্টিনেজ। এতিয়া কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব গ’লকীপাৰগৰাকী।

ইতিমধ্যে দুয়োটা দলেই চেমি ফাইনেলৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। ভাৰতীয় সময় অনুসৰি ৰাতি চাৰে বজাৰ পৰা আৰম্ভ হ’ব মেচখন। নিৰ্ণয় হ’ব সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিৰ বিশ্বজয়ৰ সপোন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল