--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত শ্ৰেষ্ঠ গ’লৰক্ষক হ’ল আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টনেজ। বিশ্বকাপৰ গ’ল্ডেন গ্ল’ভছ লাভ কৰিছে তেওঁ। কিন্তু সফলতাৰ সমান্তৰালভাৱে বিতৰ্কতো সাঙোৰ খাই পৰিছে তাৰকাগৰাকী।

এই বিতৰ্কৰ কাৰণ হৈছে গ’ল্ডেন গ্ল’ভছ বঁটা গ্ৰহণ কৰিবলৈ যাওঁতে মঞ্চত কৰা এক বিশেষ ভংগীমা। কেইবাখনো দেশৰ শীৰ্ষ নেতৃত্ব, ফিফাৰ সভাপতি আৰু কোটি কোটি ফুটবলপ্ৰেমীসকলৰ সমুখতে তেওঁ এই ভংগীমা প্ৰদৰ্শন কৰে।

হাতৰ সোণৰ গ্লাভছ তেওঁ যৌনাংগৰ কাষত লৈ প্ৰদৰ্শন কৰে, মুখত উদ্ধত অভিব্যক্তি। অনেকে তেওঁৰ এই ভংগীমাটোক অশ্লীল আখ্যা দিছে। কিন্তু নিজৰ আচৰণক অশ্লীল বুলি ভবা নাই গ’লৰক্ষকগৰাকীয়ে।

“ফৰাচী ফুটবলাৰসকলে মোক কটুক্তি কৰিছিল। সেইকাৰণেই এনেধৰণে উত্তৰ দিছিলো। মই মোৰ নিজৰ ভাৱমূৰ্তিৰ বিষয়ে নাভাবো।”- শেহতীয়া এটা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।

“আমি বহুত কষ্ট কৰিছো জিকিছো। ফাইনেলৰ আৰম্ভণিত ভাবিছিলো যে মেচখন আমাৰ হাতত। কিন্তু পাছলৈ অত্যন্ত জটিল হৈ পৰিছিল।”- মাৰ্টিনেজে কয়।

“সৰুৰে পৰা বিশ্বকাপ জিকাৰ সপোন দেখি আহিছিলো। এই আনন্দ প্ৰকাশ কৰাৰ কোনো ভাষা নাই।”- তেওঁ কয়।

অনেকে মাৰ্টিনেজৰ আচৰণক অশ্লীল আখ্যা দিলেও ফিফাই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement