--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত শ্ৰেষ্ঠ গ’লৰক্ষক হ’ল আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টনেজ। বিশ্বকাপৰ গ’ল্ডেন গ্ল’ভছ লাভ কৰিছে তেওঁ। কিন্তু সফলতাৰ সমান্তৰালভাৱে বিতৰ্কতো সাঙোৰ খাই পৰিছে তাৰকাগৰাকী।

এই বিতৰ্কৰ কাৰণ হৈছে গ’ল্ডেন গ্ল’ভছ বঁটা গ্ৰহণ কৰিবলৈ যাওঁতে মঞ্চত কৰা এক বিশেষ ভংগীমা। কেইবাখনো দেশৰ শীৰ্ষ নেতৃত্ব, ফিফাৰ সভাপতি আৰু কোটি কোটি ফুটবলপ্ৰেমীসকলৰ সমুখতে তেওঁ এই ভংগীমা প্ৰদৰ্শন কৰে।

হাতৰ সোণৰ গ্লাভছ তেওঁ যৌনাংগৰ কাষত লৈ প্ৰদৰ্শন কৰে, মুখত উদ্ধত অভিব্যক্তি। অনেকে তেওঁৰ এই ভংগীমাটোক অশ্লীল আখ্যা দিছে। কিন্তু নিজৰ আচৰণক অশ্লীল বুলি ভবা নাই গ’লৰক্ষকগৰাকীয়ে।

“ফৰাচী ফুটবলাৰসকলে মোক কটুক্তি কৰিছিল। সেইকাৰণেই এনেধৰণে উত্তৰ দিছিলো। মই মোৰ নিজৰ ভাৱমূৰ্তিৰ বিষয়ে নাভাবো।”- শেহতীয়া এটা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।

“আমি বহুত কষ্ট কৰিছো জিকিছো। ফাইনেলৰ আৰম্ভণিত ভাবিছিলো যে মেচখন আমাৰ হাতত। কিন্তু পাছলৈ অত্যন্ত জটিল হৈ পৰিছিল।”- মাৰ্টিনেজে কয়।

“সৰুৰে পৰা বিশ্বকাপ জিকাৰ সপোন দেখি আহিছিলো। এই আনন্দ প্ৰকাশ কৰাৰ কোনো ভাষা নাই।”- তেওঁ কয়।

অনেকে মাৰ্টিনেজৰ আচৰণক অশ্লীল আখ্যা দিলেও ফিফাই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু