--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ বিজয়ৰ পাছতে পত্নীৰ সংগ ত্যাগ কৰিলে নেকি লিঅ’নেল মেছিয়ে? এই লৈ এতিয়া চৰ্চা চলা দেখা গৈছে। বিশ্বকাপ বিজয়ৰ পাছতে আৰ্জেণ্টিনাৰ দলটোৱে ঘৰুৱা দেশত গৈ উপস্থিত হৈছে। অনুৰাগীসকলৰ পাৰভঙা উলাহৰ মাজত আৰ্জেণ্টিনাৰ তাৰকাসকলে ৰাজধানী চহৰ বুৱেনছ আইৰেছৰ ইজেইজা বিমানবন্দৰত বিমানৰ পৰা নামে।

বিমানৰ পৰা নামে লিঅ’নেল মেছিৰ স’তে বাকী ফুটবলাৰসকল। হাতত বিশ্বকাপৰ ট্ৰফী আৰু বিমানবন্দৰত অনুৰাগীসকলৰ উন্মাদনা। কিন্তু দেখা পোৱা নগ’ল মেছিৰ পত্নী আৰু সন্তান। পৰিয়াল অবিহনেই ঘৰলৈ ঘূৰি গ’ল মেছি।

প্ৰকৃততে বিশ্বকাপৰ ফাইনেল শেষ হোৱাৰ পাছতে মেছিৰ পত্নী আৰু সন্তান আৰ্জেণ্টিনালৈ উৰা মাৰে। সোমবাৰে আবেলিয়েই তেওঁলোকৰ ঘৰুৱা চহৰ ৰোজাৰিঅ’ত ব্যাপক সমাদৰৰ মাজেৰে বিমানৰ পৰা নামে মেছিৰ পত্নী এণ্ট’নেলা আৰু তিনি সন্তান।

মেছিৰ গৃহ চহৰ ৰোজাৰিঅ’ এতিয়া নন্দনকানন হৈ পৰিছে। মেছিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চহৰবাসী। তেওঁলোকৰ স’তে এণ্ট’নেলাইও যোগ দিছে। সকলোৱে মেছি তাত উপস্থিত হোৱালৈ অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু