--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিঠক নহয়, যেন সপোনহে! উন্মাদনাত উটি ভাঁহি গৈছে আৰ্জেণ্টিনা। লেটিন আমেৰিকান উন্নয়নশীল দেশখনত এতিয়া কেৱল আনন্দ আনন্দ আনন্দ।

পূৰ্বেও দুবাৰকৈ এই আনন্দ উদযাপন কৰিছিল আৰ্জেণ্টিনাই যেতিয়া। এবাৰ ১৯৭৮ চনত, আনবাৰ ১৯৮৬ চনত। ফিফা বিশ্বকাপ জয় কৰি দেশবাসীৰ বাবে ভগৱান হৈ পৰিছিল ডিয়েগ’ মাৰাডোনা।

এতিয়া মাৰাডোনাৰ সৈতে নাম উচ্চাৰিত হ’ব আৰ্জেণ্টিনাৰ জনতাৰ হিয়াৰ আমঠু লিয়’নেল মেছিৰ নামো। ৩৬ বছৰৰ অশেষ অপেক্ষাৰ অন্তত মেছিয়ে কঢ়িয়াই আনিছে দেশখনলৈ সুখৰ মুহূৰ্ত।

কাটাৰৰ পৰা আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছৰ ইজেইজা বিমানকোঠত বিমানৰ পৰা নমাৰ পাছতে স্বপ্নৰ পৰিৱেশৰ মুখামুখি হয় মেছিবাহিনী। প্ৰায় দুই লাখ মানুহে মেছিহঁতক আগুৰি ধৰে। আৰম্ভ হয় সংগীত-বাদ্যযন্ত্ৰৰ শব্দ আৰু লাখ লাখ মানুহৰ নাচোন। আৰ্জেণ্টিনাৰ নীলা-বগা পতাকাৰে ৰঙীন হৈ পৰে পৰিৱেশ।

 মঙলবাৰে ৰাতি বিশ্বকাপবিজয়ী দলটোক লৈ সমদল কৰা হয়। মেছি, আলভাৰেজ, মাৰ্টিনেজহঁতক লৈ উন্মাদ হৈ পৰিছে লাখ লাখ মানুহ। মেছিহঁতৰ বাবে এখন খোলা বাছত ‘বিজয়ৰথ’ প্ৰস্তুত কৰা হয়। তাত লিখা হয় ‘বিশ্বচেম্পিয়ন’। বিমানবন্দৰৰ পৰা পোনে পোনে মেছিহঁতে সেই ৰথত উঠে।

ঠাইয়ে ঠাইয়ে বজোৱা হয় দেশখনৰ জাতীয় সংগীত। নাচ-গানৰ উন্মাদনাত ভৰি পৰে চহৰবাসী। আকাশ ঢাকি আৰ্জেণ্টিনাৰ পতাকা উৰোৱা হয়।

জনতাৰ এই অপাৰ আনন্দত মুগ্ধ হৈ পৰে মেছিবাহিনীও। জনতাৰ নাচোনৰ তালে তালে নাচিবলৈ ধৰে মেছি-ডি মাৰিয়া- মাৰ্টিনেজহঁতো।

ইতিমধ্যে আনন্দ উদযাপনৰ ছৱিসমূহ সংবাদ মাধ্যমত বিয়পি পৰিছে। আৰ্জেণ্টিনাৰ উপৰিও আনন্দ উল্লৈাস কৰিছে বিভিন্ন দেশৰ মেছিবাহিনীৰ অনুৰাগীসকলক। সকলোৰে মন এতিয়া আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত।

সঁচাকৈয়ে, ফুটবলে মানুহক এক কৰে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক