--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিঠক নহয়, যেন সপোনহে! উন্মাদনাত উটি ভাঁহি গৈছে আৰ্জেণ্টিনা। লেটিন আমেৰিকান উন্নয়নশীল দেশখনত এতিয়া কেৱল আনন্দ আনন্দ আনন্দ।

পূৰ্বেও দুবাৰকৈ এই আনন্দ উদযাপন কৰিছিল আৰ্জেণ্টিনাই যেতিয়া। এবাৰ ১৯৭৮ চনত, আনবাৰ ১৯৮৬ চনত। ফিফা বিশ্বকাপ জয় কৰি দেশবাসীৰ বাবে ভগৱান হৈ পৰিছিল ডিয়েগ’ মাৰাডোনা।

এতিয়া মাৰাডোনাৰ সৈতে নাম উচ্চাৰিত হ’ব আৰ্জেণ্টিনাৰ জনতাৰ হিয়াৰ আমঠু লিয়’নেল মেছিৰ নামো। ৩৬ বছৰৰ অশেষ অপেক্ষাৰ অন্তত মেছিয়ে কঢ়িয়াই আনিছে দেশখনলৈ সুখৰ মুহূৰ্ত।

কাটাৰৰ পৰা আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছৰ ইজেইজা বিমানকোঠত বিমানৰ পৰা নমাৰ পাছতে স্বপ্নৰ পৰিৱেশৰ মুখামুখি হয় মেছিবাহিনী। প্ৰায় দুই লাখ মানুহে মেছিহঁতক আগুৰি ধৰে। আৰম্ভ হয় সংগীত-বাদ্যযন্ত্ৰৰ শব্দ আৰু লাখ লাখ মানুহৰ নাচোন। আৰ্জেণ্টিনাৰ নীলা-বগা পতাকাৰে ৰঙীন হৈ পৰে পৰিৱেশ।

 মঙলবাৰে ৰাতি বিশ্বকাপবিজয়ী দলটোক লৈ সমদল কৰা হয়। মেছি, আলভাৰেজ, মাৰ্টিনেজহঁতক লৈ উন্মাদ হৈ পৰিছে লাখ লাখ মানুহ। মেছিহঁতৰ বাবে এখন খোলা বাছত ‘বিজয়ৰথ’ প্ৰস্তুত কৰা হয়। তাত লিখা হয় ‘বিশ্বচেম্পিয়ন’। বিমানবন্দৰৰ পৰা পোনে পোনে মেছিহঁতে সেই ৰথত উঠে।

ঠাইয়ে ঠাইয়ে বজোৱা হয় দেশখনৰ জাতীয় সংগীত। নাচ-গানৰ উন্মাদনাত ভৰি পৰে চহৰবাসী। আকাশ ঢাকি আৰ্জেণ্টিনাৰ পতাকা উৰোৱা হয়।

জনতাৰ এই অপাৰ আনন্দত মুগ্ধ হৈ পৰে মেছিবাহিনীও। জনতাৰ নাচোনৰ তালে তালে নাচিবলৈ ধৰে মেছি-ডি মাৰিয়া- মাৰ্টিনেজহঁতো।

ইতিমধ্যে আনন্দ উদযাপনৰ ছৱিসমূহ সংবাদ মাধ্যমত বিয়পি পৰিছে। আৰ্জেণ্টিনাৰ উপৰিও আনন্দ উল্লৈাস কৰিছে বিভিন্ন দেশৰ মেছিবাহিনীৰ অনুৰাগীসকলক। সকলোৰে মন এতিয়া আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত।

সঁচাকৈয়ে, ফুটবলে মানুহক এক কৰে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু