--°C
Loading...
Listen to Article
2 min read
80%
১ নৱেম্বৰ ২০২৩, বুধবাৰ

মেষ ৰাশি: ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়িক বিষয়ত ভ্ৰমণৰ জৰিয়তে লাভান্বিত হোৱাৰ যোগ। পৰিয়ালটোত সুখৰ পৰিৱেশো থাকিব। শুভ সংখ্যা-৫, শুভ ৰং-আকাশী নীলা।

বৃষ ৰাশি: দিনটো শুভ ৷ আজি আপুনি নিজকে সুস্থ আৰু সবল অনুভৱ কৰিব । মন উৎফুল্লিত হৈ থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ চকুৰ সমস্যাই সামান্য কষ্ট দিব পাৰে ৷ শুভ সংখ্যা-২, শুভ ৰং- নীলা।

মিথুন ৰাশি: চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা থাকিব। হঠাতে ধন প্ৰাপ্ত কৰাৰ যোগ আছে। দীৰ্ঘদিন ধৰি অমীমাংসিত কামবোৰো সম্পূৰ্ণ হোৱাৰ যোগ দেখা যায় আজিৰ দিনটোত। শুভ সংখ্যা- ২, শুভ ৰং- মেৰুণ।

কৰ্কট ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ দাম্পত্য জীৱনত সুখময় হব আজি ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ক্ৰোধে কিছু সমস্যাত পেলাব পাৰে ৷ শুভ সংখ্যা-৯, শুভ ৰং- মুগা।

সিংহ ৰাশি : এই ৰাশিৰ লোকে চাকৰিত এটা ডাঙৰ পদো পাব পাৰে নাইবা পদোন্নতিৰ যোগ দেখা যায়। সংগীৰ ভাগ্যৰ পৰা ধন লাভান্বিত হ’ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি ভাল ফলাফল পাব। সন্মান বৃদ্ধি হ’ব। শুভ সংখ্যা-৭ , শুভ ৰং- বেঙুনীয়া।

কন্যা ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ ব্যৱসায়ত উন্নতি হোৱাৰ যোগ, কেৱল কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্য়োষ্ঠজনৰ পৰামৰ্শ লব। শুভ সংখ্যা-৯ , শুভ ৰং-বেঙুনীয়া।

তুলা ৰাশি: ব্যৱসায়-বাণিজ্যত সফলতা ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে ভ্ৰমণ যোগ। পদোন্নতৰ লগতে আজিৰ দিনটোত সমাজৰ পৰা প্ৰশংসা প্ৰাপ্তি তথা সন্মান লাভৰ যোগ আছে। আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ শুভ সংখ্যা-৭, শুভ ৰং- সুমথীৰা।




বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকসকলে ব্যৱসায়ত লাভান্বিত হ’ব। ব্যৱসায়ত ধন লাভ আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। নতুন পৰিকল্পনা ফলপ্ৰসূ হ’ব। ঋণত দিয়া টকাও ঘূৰি আহিব পাৰে আজিৰ দিনটোত। শুভ সংখ্যা- ৮, শুভ ৰং- আকাশী নীলা।

ধনু ৰাশি: ব্যৱসায়ীৰ বাবে আজিৰ দিনটো কিছু কষ্ট হব পাৰে। ব্যৱসায়ৰ বাবে ঘৰৰ কোনো কাম এৰি দূৰলৈয়ো যাব লগা হব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে থকা কোনো মনোমালিন্য আঁতৰ হব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ শুভ সংখ্যা- ৬, শুভ ৰং-ৰঙা।

মকৰ ৰাশি: শনি দেৱ মকৰ ৰাশিৰ লোকসকলৰ লাভৰ স্থানত বহি আছে। ইয়াৰ বাবে এই ৰাশিৰ লোকে চাকৰিত নতুন সুযোগ পাব পাৰে। দৰমহাও বৃদ্ধি হ’ব পাৰে। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। শুভ সংখ্যা- ৪,শুভ ৰং- হালধীয়া।

কুম্ভ ৰাশি: এই ৰাশিৰ লোকে আজি নতুন কাম হাতত নলব ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব। আপোনাৰ কথা বা আচৰণে প্ৰিয়জনক মনত আঘাত দিব পাৰে ৷ শুভ সংখ্যা- ৭, শুভ ৰং- বগা।

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া হ'ব। কথা কওঁতে সচেতন হওক ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’ব ৷ প্ৰিয়জনৰ সৈতে যাত্ৰাৰ যোগ দেখা যায়। শিক্ষাৰ্থী সকলে কষ্টৰ ফল পাব। শুভ সংখ্যা-১, শুভ ৰং- মুগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান