--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় ৰন্ধন প্ৰণালীত ডালচেনি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ মৃদু সুগন্ধিয়ে খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি কৰাৰ উপৰি স্বাস্থ্যৰ বাবেও ডালচেনি অতি উপকাৰী। কাৰণ ডালচেনিত মেগনেছিয়াম, আইৰণ, ফছফৰাছ, প্ৰটিন, কেলচিয়াম, ভিটামিন আৰু লাইকোপিনৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়। যিয়ে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। সেয়েহে আজি আমি ডালচেনিৰ উপকাৰিতা আৰু খালী পেটত দৈনিক সেৱনৰ ফলত শৰীৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানো আহক।

১. ওজন হ্ৰাস কৰিব বিচাৰিলে দৈনিক খালী পেটত ডালচেনিৰ গুড়ি বা পানী খাব পাৰে। ইয়াৰ ফলত অতি সহজেই ওজন হ্ৰাস হ’বলৈ আৰম্ভ কৰে। ই আপোনাৰ বিপাকীয় ক্ৰিয়া শক্তিশালী কৰে। ভোক কমোৱাৰ লগতে তেজত থকা ছুগাৰৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে। দৈনিক খালী পেটত ডালচেনি খালে মেদবহুলতা আৰু পেটৰ চৰ্বি হ্ৰাস হয়।

২. যদি আপুনি কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব বিচাৰে তেন্তে দৈনিক ডালচেনিৰ পানী খাবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব। আটাইতকৈ ভাল কথাটো হ’ল শিৰাত জমা হোৱা কলেষ্টেৰল সহজেই নোহোৱা হয়, যাৰ বাবে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰি হাৰ্টএটেক আৰু ইয়াৰ লগত জড়িত গুৰুতৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে।

৩. ডালচেনিত এন্টিবেক্টেৰিয়াল গুণ আছে, যি ওজন কমোৱাৰ লগতে পেটৰ লগত জড়িত সকলো ধৰণৰ সমস্যা সমাধানত সহায় কৰে। ডালচেনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। দৈনিক খালী পেটত ডালচেনি সেৱন কৰিলে গাঁঠিৰ বিষ নোহোৱা হয়।

৪. ডায়েবেটিছ ৰোগীৰ বাবে ডালচেনিৰ পানী অতি উপকাৰী। শৰীৰত ব্লাডছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লগতে ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী। ইয়াৰ পানী খালে শৰীৰত ইনচুলিনৰ মাত্ৰাও হ্ৰাস পায়। ডালচেনি ব্যৱহাৰ কৰিলে স্বাস্থ্য সম্পৰ্কীয় বহু দিশতে উপকাৰ পোৱা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ