--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০ ডিচেম্বৰ,বুধবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল…



১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি(উ,ব) :- বৃষ ৰাশিৰ জাতিক-জাতিকা আজিৰ দিনটোত কৌশলে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , যদিও আজি আপোনাৰ মনত খং আৰু অভিমান ভাৱ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 

৫. সিংহ ৰাশি(ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত নতুন নতুন আশা সঞ্চাৰ হ'ব, ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপোনাৰ মনৰ পৰা অভিমান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ'লে অপমানিত হ'ব পাৰে।

৬. কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত ব্যস্ততা থাকিব পাৰিব, যদিও আজি আপুনি হীনমান্যতাত ভুগিব লগা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ধন - সন্মান বাঢ়িব, কৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ লিখা পঢ়াত ব্যস্ততা বাঢ়িব হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ দ্বাৰা সহায় সহযোগিতা লাভ কৰিব, উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ ভাল কাপোৰ লাভ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, ব্যৱসায় বানিজ্যত লাভাম্বিত হ'ব, লগতে আজি আপোনাৰ বিবাহিত  ব্যক্তি সকলে সন্তানৰ সুখ লাভ  হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, লগতে আজি আপোনাৰ সঞ্চয় মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু