--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ-সমৃদ্ধি বৃদ্ধিৰ বাবে ফেংছুইৰ কেইটামান বিধি এনেধৰণৰ-বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে। 


এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়। 

 ড্ৰেগনে কৰ্ম শক্তি বৃদ্ধি কৰাৰ লগতে নতুন কাম কৰিবলৈ মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। তদুপৰি ড্ৰেগন হৈছে প্রাণশক্তি তথা উৎসাহৰ প্ৰতীক। সেইবাবে ড্ৰেগনৰ মূৰ্তি যদি ঘৰৰ পূব দিশত ৰাখিব পাৰি তেন্তে সৌভাগ্য আৰু কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পায়। দৰাচলতে কৰ্মইহে মানুহক সৌভাগ্যৰ বাট মোকলাই দিয়ে। সেয়ে কর্ম শক্তি লাভ কৰিবলৈ মানুহে ড্ৰেগনৰ মূৰ্ত্তি ঘৰৰ পূব দিশত স্থাপন কৰিব লাগে। ড্ৰেগনৰ মূৰ্তি কাঠৰ উপৰি ছেৰামিক ক্ৰিষ্টেল আদিৰ দ্বাৰাও প্ৰস্তুত কৰা হয়। এনেধৰণৰ মূৰ্তিও ঘৰৰ পূব দিশত স্থাপন কৰিব পাৰি ।

কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রোনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।
 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক